পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪২

 দ্বিতীয় দিনা গধূলিৰ ভাতসাজ সোনকালেই সাজু কৰিছিল শাহুয়ে। ভাতৰ টেবুলত আলহীক দেখিছিলোঁ শাহুৰ সেই সম্পৰ্কীয় সেই ভতিজাকজনক, হয়তো আলহী আহিছিল বাবেই শাহুৰ তেনে ভাল ব্যৱহাৰ পাইছিলোঁ সেইদিনা। ভাত খাই আজৰি হৈ ৰূমলৈ আহিছিলোঁ , নিজ অন্ধকাৰ ভৱিষ্যতটোৰ লগতে স্বামীৰ চিন্তাও মনলৈ আহিছিল। দুদিন ধৰি ক’ত আছেগৈ বুলি। ফোন কৰি খবৰ ল’ব লাগে বুলি অনুভৱ কৰিছিলোঁ কিন্তু পাছ মুহূৰ্ততে কিবা এটাই মোক বাধা দিছিল বুজা নাছিলোঁ। নক’লেও হ'ব হয়তো চকুপানী মোৰ একমাত্ৰ লগৰী হৈ পৰিছিল।

 টোপনি আহিছিল মোৰ , ৰূমৰ দুৱাৰ খুলিয়েই ৰাখিছিলোঁ, হাজাৰ হ’লেও স্বামী আহিলে মোৰ ৰূমটোলৈয়ে আহিব।

 ৰাতি মোৰ গাৰ ওপৰত এক ভৰ অনুভৱ কৰিছিলোঁ। কিবা এটা বুজি পোৱাৰ আগতেই মোৰ গাৰ কাপোৰ টানি আজুৰি খুলিবলৈ চেষ্টা কৰিছিল দুখন হাতেৰে। স্বামী বুলি ভাবিবলৈ মনটোৱে কোৱা নাছিল, কিবা এক বিপদৰ আগজাননী পাই মই চিঞৰিবলৈ উদ্যত হওঁতেই মোৰ মুখত সোপা দি কাণৰ কাষত কৈছিল এক চিনা চিনা কণ্ঠই

 :“ চিঞৰি লাভ নাই বৌ, মোক বৰমায়েই পঠিয়াইছে। দাদাটো নায়েই আৰু থাকিও নো কি লাভ হ'ব? বছ মোৰ লগত তুমি মান্তি হৈ যোৱা এনেকৈ।

 মৃত্যুতকৈও ভয়ানক আছিল সেই কথাকেইষাৰ। অচেতন হৈ যে নপৰিলোঁ মই সেইদিনা, গাৰ জোৰেৰে ঠেলি নখৰ দাগ বহুৱাই মই বাহিৰৰ দুৱাৰৰ ফালে ঢপলিয়াই গৈছিলোঁ, আন্ধাৰৰ মাজত কিবা কৈ দুৱাৰখন খুলি ৰাস্তাৰ দিশে মাথোঁ দৌৰিছিলোঁ মাথোঁ দৌৰিছিলোঁ। গাত কাপোৰৰ অৱশিষ্ট কিমান আছিল নভবাকৈয়ে দৌৰিছিলোঁ, পাছফালৰ পৰা কাৰোবাৰ মাত আহিছিল হয়তো কিন্তু নাই মই দৌৰিছিলোঁ।

 এখন গাড়ীৰ লাইটৰ পোহৰে মোৰ চকু চাট মাৰি ধৰিছিল। সহায় বিচাৰি মই গাড়ীখনৰ আগত পৰি দিছিলোঁ , সজোৰে ব্ৰেক মাৰি গাড়ীখন ৰৈ গৈছিল আৰু নামি আহিছিল গাড়ীৰ পৰা মানুহ এজন।

 সেইয়া আন কোনো নাছিল তেওঁ মোৰ স্বামী আছিল।

 মোক দেখা পাই উধাতু খাইছিল তেওঁ, নহ’ব পাৰে

 এজন স্বাভাৱিক পুৰুষ কিন্তু তেওঁৰ ওচৰতো এখন হৃদয় নথকা নহয়, বুজিছিলোঁ মই সেইদিনাও তেওঁক। মোক দাঙি উঠাই গাড়ীত বহুৱাই দিছিল। মই কান্দিছিলোঁ, উশাহ ল’ব পৰা নাছিলোঁ, কথাখিনিও মোৰ স্পষ্ট হোৱা নাছিল। মই একো চিন্তা নকৰি তেওঁৰ বুকুত সজোৰে সোমাই দিছিলোঁ, মোৰ জীৱনৰ ভিক্ষা খুজিছিলোঁ তেওঁক।...

 হয়তো সেইয়াই আছিল তেওঁৰ বুকুত সোমোৱাৰ প্ৰথমদিন। আৰু আজিলৈকে এই আঠটা বছৰ হৈ গ’ল মই মোৰ স্বামীৰ বুকুত কেইবাৰ সোমাইছোঁ আঙুলিৰ মূৰত গণিব পৰা।

 লাহে লাহে মই কথাখিনি কৈছিলোঁ তেওঁক কান্দি কান্দি, সেইদিনা মোৰ কথাবোৰ তেওঁ শুনিছিল আৰু চুলিত হাত ফুৰাই দিছিল। নাজানো কি ভাবিছিল তেওঁ।

 সঁচাই বৰ শান্ত প্ৰকৃতিৰ আছিল তেওঁ যিটো গুণ দেখিয়েই তেওঁৰ লগত মই বিয়াত বহিছিলোঁ।

 গাড়ীয়ে গতি কৰিছিল ঘৰৰ দিশেৰে। মই কম্পিত হৈ উঠিছিলোঁ পুনৰ। তেওঁক কৈছিলোঁ মোক তালৈ আৰু নিনিব বুলি কিন্তু তেওঁ জোৰকৈ মোৰ হাতত ধৰি ঘৰৰ ভিতৰলৈ লৈ গৈছিল। মই কি হ’বলৈ গৈ আছিল একোৰে উৱাদিহ পোৱা নাছিলোঁ।

 শাহু আৰু সেই ভতিজাকজন ড্ৰয়িং ৰূমত বহি আছিল। শাহুৰ চকুৰে অগ্নি বৰষিছিল সেইদিনা

 : “ঘৰৰ ল'ৰা ঘৰত থাকিবি। এইজনীয়ে তই নথকাত এই আলহী লৰাটোক ফুচুলাইছিল। মই আজি নথকা হ’লে কি হ’লহেতেন ...

 মই সেয়া শুনি সেইজনী মানুহৰ ভৰিত পৰি দিছিলোঁ সেইদিনা, মোক নিঃশেষ কৰিবলৈ যি অলপো খুঁত নাৰাখিছিল। কাবৌ কৰিছিলোঁ তেওঁক মোক জীয়াই থাকিবলৈ দিবলৈ মোৰ প্ৰাণ ভিক্ষা মাগিছিলোঁ। পকাত পৰি আউলি বাউলি হৈ কান্দিছিলোঁ।

 তেনেতে দুবাহুত দুখন হাতৰ পৰশ পৰিছিল, মোৰ স্বামীয়ে মোক উঠাই লৈ আহিছিল মোৰ ৰূমলৈ।

 

কাপোৰ বান্ধি ল’বলৈ তেওঁ মোক কৈছিল। মই সেইষাৰ কথাই যেন শুনিবলৈ বিচাৰি আছিলোঁ। লৰালৰিকৈ যি পাৰো।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড