পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৪

 এটা ব্যক্তিগত হোষ্টেল তেওঁ বন্দোবস্ত কৰি দিছিল তালৈয়ে গৈছিলোঁ পাছদিনা। মা আৰু দাদা বৌক মাত দি গৈছিলোঁ, মায়ে কান্দিছিল সেইদিনা মই কিন্তু কান্দিব পৰা নাছিলোঁ, শিল হৈ পৰিছিলো মই লাহে লাহে।

 মোক হোষ্টেলত থৈ তেওঁ বিদায় লৈছিল। কৈ গৈছিল কিবা দৰকাৰ হ’লেই ফোন কৰিবলৈ। কেনেধৰণৰ স্বামী ভাগ্যত আছিল বুজিবলৈ বৰ দিগদাৰ হৈছিল সেইদিনা।

 দুমাহ দেৰি কৈ মোৰ তাত অলপ অসুবিধা হৈছিল কিন্তু মোক পৰিস্থিতিয়ে এনেদৰে বিহ্বল কৰি থৈছিল মই পঢ়াৰ বাহিৰে আন একোৱে চিনি নোপোৱা হৈ পৰিছিলোঁ। লগৰ এজনী দুজনী ছোৱালীক মতাৰ বাহিৰে সকলোৱে মোক অন্তৰমুখী বুলি ধৰি লৈছিল। আৰু আচৰিত ধৰণে মই প্ৰথম বছৰেই ফাৰ্ষ্ট হৈছিলোঁ যথেষ্ট ভাল নম্বৰ সহকাৰে।

 আৰু সেইদিনা সুখী হৈছিল মোৰ লগতে মোৰ স্বামী। তেওঁ আহিছিল সেইদিনা হাতত মিঠাইৰ টোপোলা লৈ। চকুত আনন্দৰ চিন স্পষ্ট আছিল।

 অহ আৰু এটা কথা ক’বলৈ থাকিয়েই গৈছিল। মোক হোষ্টেলত থোৱাৰ পাছতে তেওঁও বেলেগকৈ থাকিবলৈ লৈছিল, মাক দেউতাকৰ ঘৰখনৰ পৰা তেওঁও ওলাই আহিছিল। কিয় বুলি মই কাহানিও প্ৰশ্ন নকৰিলোঁ।

 মোৰ ৰিজাল্টৰ দিনা তেওঁৰ ভৰি চুই সেৱা কৰিবলৈ বৰ মন আছিল কিন্তু চোৱা নহ’ল। তেওঁ মোক লগত ওলাবলৈ কৈছিল মাৰ ঘৰলৈ যাবলৈ। মই ও উলাইছিলোঁ কিন্তু মাৰ ঘৰলৈ নহয়

 : “আপুনি থকা ঘৰলৈ গ’লে বেয়া পাব নিকি?”

 বৰ আগ্ৰহেৰে সুধিছিলোঁ মই ৰাস্তাত

 গাড়ীৰ ষ্টিয়েৰিংত হাত থৈ এটা শেঁতা হাঁহি মাৰিছিল আৰু মূৰ দুপিয়াইছিল।

 : “মই আপোনাক একো দিগদাৰ নিদিওঁ”

 একো নভবাকৈ মই কৈ উঠিছিলোঁ। সেইবাৰ তেওঁ অলপ জোৰকৈ হাঁহি দিছিল। প্ৰথমবাৰ কিজানি মই তেওঁৰ হাঁহি দেখিছিলোঁ। ময়ো হাঁহি দিছিলোঁ হঠাতে। আমি দুইজনে কিজানি সেইয়াই হাঁহিছিলোঁ একেলগে। মই তেওঁৰ হাত খনত ধৰি তেওঁৰ কান্ধত মূৰটো পেলাই দিছিলোঁ। তেওঁ মোৰ চুলিত হাত ফুৰাই দিছিল।

 সেইয়াই আছিল মোৰ স্বামী।

 সৰু দুটা কোঠাৰ লগতে পাকঘৰ আৰু বাথৰূম থকা ঘৰ আছিল, বস্তু বেছি নাছিল কিন্তু নিয়াৰিকৈ ৰাখিছিল তেওঁ। সোমায়েই চোন মোৰ আপোন আপোন লাগিছিল সেইদিনা। নাজানো কিয়!!

 এমাহ বন্ধৰ মাজতে মাত্ৰ কেইদিমানৰ বাবেহে মাৰ ওচৰলৈ গৈছিলোঁ। মাক ভালদৰেই সকলো কৈছিলোঁ। দাদা। অলপ সহজ হৈছিল কাৰণ মোৰ সকলো দায়িত্ব মোৰ স্বামীয়ে বহন কৰিছিল।

 পত্নী আছিলোঁ মই তেওঁৰ, তেওঁৰ প্ৰতি ইমান শ্ৰদ্ধা আছে মোৰ মই বুজাব নোৱাৰোঁ। কাকো।

 দুয়োজনৰ মাজৰ সম্পৰ্কটো কিজানি ভাল বন্ধুলৈ পৰিৱৰ্তন হৈ গৈ আছিল। নাজানো তেওঁৰ জীৱনত মোৰ কিমান প্ৰয়োজনীয়তা আছিল, কিন্তু এদিন মই তেওঁৰ লগত থাকোতেই তেওঁৰ সেই বিশেষ বন্ধু জনৰ লগত চিনাকি হ’বলৈ বিচাৰিছিলোঁ। তেওঁক মই সাহস দিছিলোঁ আশ্বাস দিছিলোঁ।

 মোৰ সাহস মোৰ সহযোগ আৰু হয়তো আমাৰ বন্ধুত্বৰ বাবেই সেইয়া সম্ভৱ হৈ উঠিছিল আৰু এদিন আবেলি এটাত সেই বিশেষ বন্ধু জনক মই আপ্যায়ন কৰাৰ সুবিধা পাইছিলোঁ। তেওঁলোক দুজন অপ্ৰস্তুত হৈছিল,

 আৰু মই!!??

 আগতেই কৈছোঁ তেওঁক মই সীমাহীন শ্ৰদ্ধা কৰিছিলোঁ, যদি মই কাৰোবাক পুজিছিলোঁ সেয়া তেওঁ আছিল। বৰ সহজ ভাৱেৰে তেওঁক স্বীকাৰ কৰি গৈ আছিলোঁ মই। আৰু লাহে লাহে কিজানি তেওঁও মোৰ যত্ন ল’বলৈ আৰম্ভ কৰি দিছিল।

 এয়া নহয় যে তেওঁৰ স্বাভাৱিকতা ঘূৰি আহিছিল কিন্তু পি এইছ দি ৰ শেষৰ ফালে গম পাইছিলোঁ যেন তেওঁ ও আঁতৰি আহিছিল সেই বিশেষ বন্ধু জনৰ পৰা। কিয় সোধা নাছিলোঁ মই, কিছুমান ব্যক্তিগত কথা মানুহ এজনৰ একান্তই ব্যক্তিগত

সম্পদ হৈ পৰে বুজিছিলোঁ মই।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড