পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৩

 অসংখ্য ৰঙা নীলা হালধীয়া লাইটৰ পােহৰত জিকমিকাই আছিল আটকধুনীয়াকৈ সজোৱা পার্টি হলটো। পার্টি হ'লটোৰ চৌপাশৰ লনখনটো মুক্ত আকাশৰ তলত বহি পার্টি সম্ভোগ কৰাৰ বিৰাট আয়ােজন। লনখনৰ সমতল বিদেশী সেউজীয়া ঘাঁহনিডৰাৰ ওপৰত ধুনীয়া ধুনীয়া ৰিবনেৰে বন্ধা চকী টেবুলবােৰ ঘুৰণীয়াকৈ সজাই থােৱা হৈছে। প্ৰতিটো টেবুলৰ ওপৰত ফুলদানীত সজাই থােৱা হৈছে চিনা অচিনা নানা ৰকমৰ ফুল...।

 লনখনৰ সোঁমাজেদি পাৰি থােৱা ৰঙা দলিছাৰ ওপৰত অলপ কুণ্ঠা আৰু দ্বিধা লৈ ভাস্কৰৰ পাছে পাছে খােজ দিলে অমৃতাই। আগে আগে খােজ কাঢ়ি গৈছে ভাস্কৰ। ভাস্কৰৰ মুখাবয়বত স্পষ্ট বিৰিঙি উঠিছে উচ্চপদস্থ বিষয়াৰ অহংকাৰ সনা গাম্ভীর্য্য়তা ... । অলপ আগতে খঙত তেজাল হৈ পৰা গােমােঠা মুখখন এতিয়া নাই ...।

 ভাস্কৰ আৰু অমৃতাক অহা দেখি কেইজনমান ভাস্কৰৰ বন্ধু আগুৱাই আহিল মাত দিবলৈ। ভাস্কৰৰ চকুৰ ইংগিতত বাহ্যিক হাঁহি এটি ওঁঠত ওলােমাই অমৃতাই সৌজন্যমূলক কথা কেইষাৰমান পাতিলে।

 ভাস্কৰ আৰু অমৃতাই বন্ধুসকলক এৰি অইন বন্ধু সকলক মাত দিবলৈ যাওঁতেই দীঘল কলা ৰঙৰ স্লিভলেছ গাউন পৰিহিতা মধ্যবয়সীয়া দীর্ঘদেহী মহিলা এগৰাকী ভাস্কৰহঁতৰ ফালে আগুৱাই আহিল। মিছেছ শর্মা।

 : হেই অমৃতা...হাও আৰ ইউ দীয়েৰ? এণ্ড ভাস্কৰ ব্রড ইউ প্লিজ কাম ৱিদ মি, আই হেভ এন আর্জেন্ট ৱৰ্ক ব্রিড ইউ। অমৃতা প্লিজ দন্ত মাইণ্ড...জাষ্ট স্পেয়াৰ হিম ফৰ চাম মিনিট।

 : অকে৷

 তাইৰ উত্তৰলৈ বাট নাচাই ভাস্কৰক প্রায় টানি নিয়াদিয়েই নিলে মিছেছ শৰ্মাই।

 কিছু সময় দোধোৰ মােধােৰ হৈ ঠাইতে থিয় হৈ ৰৈ পিছত ল’নখনৰ এটা চুকত পাতফুলৰ জোপােহাই সামান্য আঁৰ কৰি থােৱা টেবুল খনৰ কাষত চকী এখন চপাই লৈ বহি ললে তাই।

 এনেবােৰ পাৰ্টিত নিজকে নিতান্তই অপ্রয়ােজনীয় আৰু অবাঞ্চিত অনুভৱ কৰে অমৃতাই।

 তাই জানে এই পার্টিত অহা বেছিভাগ মানুহেই সমাজৰ গণ্য মান্য ব্যক্তি...বেছিভাগেই চৰকাৰী উচ্চপদস্থ বিষয়া, মিনিষ্টাৰ, এম এল এ, ধনী ব্যৱসায়ী নতুবা টপ নিউজ চেনেলৰ পপুলাৰ জার্নেলিষ্ট।

 পার্টি হলটোৰ ভিতৰে বাহিৰে স্পষ্ট আভিজাত্যৰ চাপ। সকলােফালে উজ্জ্বল কাপােৰ কানি পৰিহিত নাৰী পুৰুষৰ সমাগম...হাতে হাতে মদৰ গ্লাছ, নতুবা চিগাৰেট। সকলােৰে ওঁঠে মুখে মাথাে সুখ, সন্তুষ্টি, আৰু অহংকাৰ ভৰা হাঁহি...।

 কোন বিবাহিত কোন অবিবাহিত, কাৰাে মুখাবয়ব চাই ধৰিব নােৱাৰি। পার্টি হলটোৰ ভিতৰৰ পৰা ভাহি আহিছে। অনুচ্ছ সুৰত ৰােমান্টিক ইংৰাজী গীত... আৰু সেই গীতৰ তালে তালে বাহুত বাহু থৈ দুলিছে নাৰী পুৰুষ...চকু মুখৰ ভঙ্গীমা দেখিলে এনে লাগে যেন তেওঁলােক আজন্ম প্রেমিক।

 প্রকৃত সত্যটো হল এইবােৰৰ বহুতেই নাজানে ইজনে আনজনৰ নাম। ব্যঙ্গাত্মক হাঁহি এটি কব নােৱাৰাকৈয়ে ফুটি উঠিল অমৃতাৰ ওঁঠৰ একোণত। কিহৰ বাবে এই পার্টি আয়ােজন তাই সােধা নাই,আৰু ভাস্কৰেও তাইক কোৱাৰ প্রয়ােজনবােধ অনুভৱ কৰা নাই হয়তাে।

 টেবুলত সজাই থােৱা ফুলদানীটোত থকা ফুলপাহৰ পৰা এটি অচিন সুবাস ভাহি আহিল। দীঘলকৈ উশাহ টানিলে তাই। পাব নেকি তাই ইয়াত সেই ইঙ্গিত চিৰ আকাংক্ষিত গাঁৱলীয়া সুবাস..?? চম্পাফুল, চতিয়না, নতুবা শেৱালি... !!

 “হেই অমৃতা”

 চিনাকি নাৰীকণ্ঠত উচপ খাই উঠিল অমৃতা। বেপৰােৱা ভংগীত থিয় হৈ ৰলহি অদিতি...বিপ্লৱৰ পত্নী অদিতি। হাতত মদৰ গ্লাছ আৰু পিন্ধনত আঁঠুলৈ পােৱা ৰঙা ছিংগল ড্রেছ পিছ।

 : অ...অদিতি। কি খবৰ তােমাৰ?

 : আই এম ফাইন ডীয়েৰ। তুমি কোৱা? আৰু ভাস্কৰ দা কত ?

 : মিছেছ শর্মা...

 : অহ বুজিলাে। ছি ইজ ক্রেজি ইউ ন’। জাষ্ট লাইক হিম অনলী। আৰু তুমি এছ ইউজুৱেল ইয়াত...আন্ধাৰত...ৱাই??

 : ....

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড