পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৪


 : তুমি দুখ নকৰিবা অমৃতা। তুমিও মিলি যোৱা সকলোৰে লগত। মোৰ দৰেই। মোক দেখিছা নহয়? অৰ্থ পূৰ্ণ হাঁহি এটি ওঁঠত ফুটি উঠিল অদিতিৰ।

 : মোৰ একো আক্ষেপ নাই অদিতি।

 তাইৰ নিৰ্লিপ্ত উত্তৰত কিছুপৰ মনে মনে ৰল অদিতি।

 : এতিয়া বলা বলা, ইয়াত আন্ধাৰত অকলে বহি থকাৰ একো প্ৰয়োজন নাই। কাম অন। সকলোৰে লগত কথা পাতা। ইউ ৱিল ফিল গুড।

 প্ৰায় জোৰ কৰিয়েই টানি নিলে অদিতিয়ে তাইক আটকধুনীয়া পাৰ্টি হ’লটোৰ ভিতৰৰ এটি চুকলৈ। মদ আৰু চিগাৰেটৰ সংমিশ্ৰিত উকট অসহ্য গোন্ধ এটা তাইৰ নাকে মুখে লাগিল।

 অস্বচ্ছ পোহৰত পাৰ্টী হলটোৰ চুকত ডাঙৰ টেবুলখনত তেতিয়া ঘেৰি বহি আছে কেইবাগৰাকীও পুৰুষ আৰু মহিলা। ইতস্তত অনুভৱ কৰি অমৃতাই ইফালে সিফালে এবাৰ চালে ... নাই, কতো দেখা দেখি নাই ভাস্কৰৰ। তাইক পাৰ্টিবোৰত এজুম মানুহৰ মাজত অকলে এৰি থৈ সদায় এনেকৈয়ে হেৰাই যায় ভাস্কৰ। কাবৌ কৰা দৃষ্টিৰে তাই অদিতিলৈ চালে। তাইৰ যে অকমানো মন যোৱা নাই এই মানুহজাকৰ আনন্দত যোগ দিবলৈ। অদিতিয়ে নেদেখাৰ ভাও জুৰি তাইক জোৰকৈ খালি চকীখনত বহুৱাই সকলোৰে লগত চিনাকি কৰাই দিলে।

 : ইউ আৰ লুকিং এলিজেন্ট ইন দ অলিভ গ্ৰীণ চাৰি।

 টেবুলখনৰ আনচুকৰ পৰা গলগলীয়া পুৰুষ কণ্ঠ এটা ভাহি আহিল। ভাস্কৰৰ কোনোবা বন্ধু বোধহয়। “য়া ৰিয়েলি...এলিজেন্ট এণ্ড গ্ৰেছফুল”

 সমস্বৰে হয়ভৰ দি উঠিল কেইবাটাও অত্যুৎসাহিত পুৰুষৰ কণ্ঠ। তাঁহাতৰ মুগ্ধ দৃষ্টি পৰিল তাইৰ ওপৰত। অপ্ৰস্তুত অনুভৱ কৰিলে তাই।

 : ৰিয়েলি ইউ আৰ লুকিং ছও বিউটিফুল এণ্ড য়াং... ভাস্কৰ দাই ক’ত লুকুৱাই ৰাখিছিল তোমাক ইমানদিনে??

 মদৰ নিচাত থৰক বৰক খোজেৰে তাইৰ নিচেই কাষত থিয় দিলেহি ভাস্কৰৰ এগৰাকী বন্ধু পত্নী।

 : ...মাইচেল্‌ফ প্ৰীছা...।

 : হাই।

 সৌজন্যমূলক হাঁহি এটি মাৰি বহি ৰল অমৃতা। বাকী কেইগৰাকীমান মহিলাই ঈৰ্ষাৰ দৃষ্টিৰে চাই ৰল অমৃতাৰ ফালে। প্ৰীছাই আহি তাইৰ কাষত বহি ললে। বহিয়েই ৱেইটাৰজনক মাতি কিবা অৰ্ডাৰ দিলে।

 : মই মদ নাখাওঁ।

 অবাক দৃষ্টিৰে প্ৰীছাই অমৃতালৈ চাই ৰল কিছুদেৰী যেন অদ্ভুত কথা এটাহে কলে তাই।

 : ইউ আৰ ফিলিং আনইজি ৰাইট?? ৱি কেন চিট আউতচাইড। কাম ৱিদ মি।

 তাইৰ কাষতে বহা ভাস্কৰৰ বন্ধু এজনে কৈ উঠিল।

 : ন ন আই এম অকে হিয়েৰ।

 অমৃতাই মূৰটো জোকাৰি ঈষৎ হাঁহি এটি মাৰি ক'লে।

 : হেই অমৃতা.. অকমানটো ট্ৰাই কৰা। আই প্ৰমিজ তোমাৰ ভাল লাগিব।

 তাইৰ কাণৰ কাষলৈ হালি আহি ফুচফুচাই কোৱাৰ দৰে কলে অদিতিয়ে।

 : অদিতি প্লিজ...

 : কাম অন, লিটল ড্ৰিংকচ ৱিল নট কজ্‌ এনি হাৰ্ম টো ইউ। জাষ্ট ট্ৰাই লিট্‌ল বিত।

 তাইৰ কথাত একো গুৰুত্ব নিদি প্ৰায় জোৰ কৰিয়েই প্ৰীছাই অমৃতাৰ হাতত ৰঙীন পানীয়ৰ গ্লাছ টো তুলি দিলে।

 : কাম অন অমৃতা জাষ্টট্ৰাই ইট...চিয়েৰ্ছ।

 উৎসাহেৰে পুৰুষ মহিলা আটায়ে জোৰ কৰিলে তাইক। কাঁচৰ গ্লাছৰ টিং টং শব্দ, আৰু চিগাৰেটৰ ধোঁৱাৰ ফাকে

ফাঁকে উচ্ছল হাঁহি মৰা পুৰুষ মহিলাজাকৰ মাজত ভীষণভাৱে অপ্ৰস্তুত হৈ বহি ৰল তাই।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড