নিশাটো প্ৰায় শেষ হওঁ হওঁ।
কৰবাত দূৰৈত কুকুৰাই ডাক দিছিল। বাহিৰত তেতিয়াও কুঁৱলীৰ ডাঠ আৱৰণ।
অমৃতাৰ কোঠাৰ দুৱাৰত এটি মৃদু শব্দ হৈছিল। সম্ভাব্য বিপদৰ অনুমানত সংকুচিত হৈ উঠিছিল অমৃতা। কম্পিত হাতেৰে নিজৰ গাৰ চাদৰখন তাই ভালকৈ টানি লৈছিল। কি কৰো, কি নকৰোকৈ থাকোতেই তাইৰ খোলা চুলিটাৰীত খামুচি ধৰিছিলহি কামুক দৈত্যটোৱে। সৰীসৃপৰ দৰে, তাইৰ শৰীৰটোক মেৰিয়াই ধৰি এখন হাতেৰেই আজুৰি টানি খুলি পেলাইছিল তাইৰ গাৰ চাদৰ, ব্লাউজ...॥ সৰীসৃপটোৰ দাঁতৰ তীক্ষ্ণ কামোৰত ভয়ত, আতংকত সন্ত্ৰস্ত হৈ চিঞৰি উঠিছিল তাই।
...কিন্তু তাইৰ চিঞৰবোৰ...চটফটনি বোৰ আবদ্ধ হৈ পৰিছিল ভাস্কৰৰ লৌহ কঠিন শীতল বাহু বন্ধনত।
“তোক কিনি লৈছো মই তোৰ বাপেৰৰ পৰা। বেছি উৎপাত নকৰিবি।”
ভাস্কৰৰ মুখেদি নিৰ্গত বাক্যশাৰীয়ে যেন চোকা অস্ত্ৰ হৈ হানিছিল তাইৰ বুকুত। বিশ্বাস, অবিশ্বাসৰ দোমোজাত স্তম্ভিত হৈ, দুৰ্ভাগ্যৰ ওচৰত হাৰ মানি নীৰৱ হৈ ৰৈ গৈছিল অমৃতা।
ক্ৰমাৎ ঘন হৈ উঠা ভাস্কৰৰ বিষাক্ত নিশ্বাসবোৰ তাইৰ ডিঙিয়ে, বুকুৱে অনুভৱ কৰি চৰম ঘৃণাত নাক কোচ খাই আহিছিল তাইৰ...বমি বমি ভাৱ জাগি উঠিছিল। আৰু...ভাস্কৰ?
তৃপ্তিত শান্ত হৈ উঠিছিল ৰঙা চকুযুৰি।
তেজেৰে ৰাঙলী চাদৰখনেৰে নগ্ন শৰীৰটো ঢাকি দি এবাৰো তাইলৈ ঘূৰি নোচোৱাকৈ নিজকে সংযত কৰি দপদপাই ওলাই গৈছিল সি।
আৰু অমৃতা??
বিষ আৰু অপমানত... বিধ্বস্ত ,জৰ্জৰিত শৰীৰটো লৈ মৃত মানুহৰ দৰে নিৰ্বাক, নিস্তব্ধ হৈ পৰি ৰৈছিল তাই বিছনাখনত বহুপৰলৈ।
এটুপাল চকুলোও ওলোৱা নাছিল তাইৰ সেই সময়ত। তাইৰ মন, মগজুত অনুৰণিত হৈ ৰৈছিল কথাবোৰ। তাইক কিনি লৈছে ভাস্কৰে!!
টকাৰ বিনিময়ত ভাস্কৰৰ দৰে কামুক পশুৰ হাতত গতাই দিছে তাইক নিজৰ দেউতাকেই...
....আৰু অনুৰাগ!! তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি গুচি গৈছিল সি বহু দূৰলৈ। তাইৰ পৰা, গাঁওখনৰ পৰা, সমাজখনৰ পৰা .... বহু আঁতৰৰ আন এটি প্ৰান্তলৈ।
দুচকুত নিৰ্লিপ্ত দৃষ্টি লৈ তাই নিজকে চাই ৰল ফুল লেংঠ ড্ৰেছিং মিৰৰখনত। অলিভ গ্ৰীণ শাৰীখনত তাইৰ মুখখন যেন আৰু বিৱৰ্ণ হৈ উঠিল তেনে অনুভৱ হল তাইৰ।
ডাক্তৰ তৃশা কুপ্পীকাৰে কৈছিল তাই হেনো ডিপ্ৰেছনত ভূগিছে, সেইকাৰণেই তাইৰ একো ভাল নালাগে, একোতে মন নবহে, টোপনি নাহে, জীৱনৰ প্ৰতি একো আগ্ৰহ নাই,ৰুচি নাই, লক্ষ্য নাই .....
এটি দীঘল হুমুনিয়াহ ওলাই আহিল তাইৰ হৃদয়ৰ গভীৰতাৰ পৰা। সচাকৈয়ে, জীৱনৰ একো ৰঙেই যে ৰঙীন কৰি নোতোলে তাইৰ হৃদয়, তাইৰ অন্তৰাত্মা...। জীৱনৰ ৰং যে কাহানিবাই অতীতৰ গহ্বৰত সমাধিস্থ হৈ ৰৈ গৈছে..৷
ভাস্কৰৰ লগত যিদিনাখন তাই বিধস্ত শৰীৰ মনেৰে উলাই আহিছিল ঘৰখনৰ পৰা, সেইদিনাৰপৰাই যেন আৰম্ভ হৈ গৈছে তাইৰ শ্মশানযাত্ৰা। আৰু শ্মশানযাত্ৰাৰ বাবে ৰঙৰ একো প্ৰয়োজন নাই।
(৭)
অগণন গাড়ীৰ মাজত ঠাই এডোখৰ উলিয়াই ড্ৰাইভাৰ বিনয়ে গাড়ীখন সাৱধানে পাৰ্কিং কৰি থলে।
: অকণমান স্মাৰ্ট হবি। যতে ততে অসমীয়া নকবি। ইয়াত অসমীয়া চবেই বুজি নাপায় নহয়। অলপ মানুহৰ লগত মিলা মিছা কৰ, কথা পাত.. ... তেতিয়া ভাল লাগিব।
বিৰক্তি ভৰা কণ্ঠৰে ভ্ৰূ কোঁচাই ভাস্কৰে কলে।
ভাস্কৰৰ খং উঠি আছিল অমৃতাৰ ওপৰত, সি কোৱা ঝিয়া পাখিৰ দৰে পাতল কলা শাৰীখন তাই নিপিন্ধা বাবে।
অমৃতাও জিদ ধৰিছিল মুখেৰে একো নমতাকৈ।
অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড