পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৯

অৱগুণ্ঠন

অংগনা ভট্টাচাৰ্য্য

প্ৰাৰম্ভণি

 আৰম্ভণি নো ক’ত নাথাকে? শুকাই লেৰেলি যোৱা পাত এটাতো কিঞ্চিত সম্ভাৱনা থাকে। অশ্ৰুমুক্তাতো বন্তি এগছৰ ঢিমিক-ঢামাক পোহৰ দেখ-নেদেখকৈ জ্বলি নাথাকে জানোঁ? কোনোবাই নেদেখিলেও এই কাহিনীটোৱে দেখিছে জ্বলি-পুৰি নুমাই যাব খুজিও পুনৰ অব্যৰ্থ আকাংক্ষাৰে উজলি উঠা অন্তৰৰ গুপুত বন্তিৰ শলিতা। জান-নাজানকৈ বুকুৰ অভ্যন্তৰত কুচিমুচি সোমাই থকা অনুভৱৰ বোকোচা নিৰ্বিঘ্নে উলিয়াই আনিবলৈ কাহিনীটোৱে আপ্ৰাণ চেষ্টা কৰিছে। মামৰে ধৰা সম্পৰ্ক যেনেকৈ আলফুলে প্ৰাণ দিয়াৰ চেষ্টা কৰিছে, সময়ৰ নিষ্ঠুৰ হাতোৰাত সোলোক-ধোলোক হৈ পিচলিব খোজা মনবোৰক তেনেকৈয়ে দৃঢ় হাতেৰে সামৰিছে।

 কাহিনীটো জুপিতৰাৰ। অৱশ্যে অনুপ আৰু বাসৱী অবিহনে কাহিনীৰ গতি ৰুদ্ধ। জুপিতৰাৰ আৱেগ আৰু অনুভূতিয়ে কাহিনীটোক পৰিচালনা কৰিছে। জীৱনৰ কাংক্ষিত সুখৰ পিয়লা আপোনমনে পি থকাৰ উন্মীলিত মুহূৰ্ততেই জুপিৰাৰ জীৱনৰ গতি ওলোটাকৈ ঘূৰিবলৈ ধৰে। ঘটনাৰ তাৎক্ষণিকতাত আচৰিত হৈও নিজেই নিজৰ জীৱন দৰ্শন কৰি জুপিতৰাই ভাবে এয়া দেখোন গল্পৰ দৰেই কাহিনী এটা। একেবাৰেই আকস্মিক আৰু অপ্ৰত্যাশিত। শৰীৰৰ প্ৰত্যেকডাল সিৰা-উপসিৰা জাৰি-জোকাৰি পেলোৱা সলিল ঘটনাটোৱে জুপিতৰাক ভবাই তুলিলে। পকা সুমথিৰাৰ সুগন্ধি যেন লগা কাহিনীটো লিখি পেলোৱা ভাল। নিজৰ জীৱনটোকেই লিখি পেলোৱা হওক। আনৰ কাৰণে নহ’লেও নিজৰ কাৰণেই লিখা যাওক। অন্ততঃ বুকুত সংগোপনে পুহি ৰখা বিষাদমালাৰ পৰা কিঞ্চিত হ’লেওতো নিস্তাৰ পোৱা যাব। হয়তোবা মুক্তি!

 এৰা, কাহিনীটো লিখা উচিত।

 অপৈণত হাতেৰে পৰিপক্ক চিন্তাৰে, অনভিজ্ঞ কৌশলেৰে জুপিৰাই লিখিবলৈ আৰম্ভ কৰে নিজৰেই কাহিনী। কাহিনীটোৰ নাম দিয়ে-“মোৰ কাহিনী”। এটা-দুটা কৰি কেইবাটাও শব্দৰে ভৰি পৰে জুপিতৰাৰ কাহিনী —

“ মোৰ কাহিনী ”

“অনেক ব্যথা বুকুত সাঁচি জগত পোহৰ কৰা মই যেন আকাশৰ চন্দ্ৰমা’’

 ........যিখন হৃদয়ত বাসৱীৰ বসতি, সেইখন হৃদয়কেই মই আথেবেথে পৰিচৰ্যা কৰোঁ। অন্তঃকৰণেৰে প্ৰতিপাল কৰোঁ সেইখন হৃদয়, য'ত কেৱল মাথোঁ মোৰেই অৱস্থিতি বুলি অ'তবছৰে অহংকাৰত মত্ত হৈ আছিলোঁ। বাইপাছ চাৰ্জাৰীয়ে সুস্থিৰ কৰি তোলা অনুপৰ হৃদয়ত মোৰ স্থিতি কিমান গভীৰলৈ শিপাই আছে, সেয়া মোৰ বাবে আজি সন্দেহৰ আৱৰ্তত। হৃদয়ৰ নলী ৰুদ্ধ হৈ উকমুকাই উঠা অনুপৰ হৃদয়খনে এতিয়া শান্তি পাইছে। প্ৰশান্তিত শুব পাৰিছে বহু দিনৰ মূৰত। বিপৰ্যস্ত সময়ক জয় কৰি অনুপ বৰ্তমান চিন্তাশূন্য শান্তিৰ দলিচাখনত বাগৰি পৰিছে।

 সাৰে আছো মাথোঁ মই। ওহোঁ, সাৰ পাইছোঁ।

 এৰা, সাৰ পাই উঠিছোঁহে মই।

 বাহিৰত এজাক অচিনাকি বতাহ বলিছে। বিপদে কাষ চপাই অনা অচিন চহৰখন এৰি অহাৰ পিছতো কিয় বাৰু বাৰে বাৰে মনলৈ আহি আছে চহৰখনৰ গাত লাগি থকা মায়ামায় গোন্ধটোৰ কথা! মোৰ সমগ্ৰ সত্ত্বা জোকাৰি পেলোৱা সেই বিভীষিকাই বিদায় লোৱাৰ পিছমুহূৰ্ততে অন্য এক অনিৰ্বান নিষ্ঠুৰ সত্যই যে এইমচৰ বাকৰিত মোলৈ বাট চাই আছিল, মই কোনোপধ্যে নাজানিছিলোঁ। অথচ মই মোৰ অস্তিত্বকেই বলিশাললৈ আগবঢ়াই দিবলৈ প্ৰস্তুত হৈছিলোঁ যেন। তেনে এক

দুৰ্যোগৰ মাজেৰেই এইমচৰ পৰা সুস্থিৰ দেহাৰে অনুপক মই ঘৰ পোৱাইছিলোঁহি।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড