পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩০

 তথাপিও দিল্লীৰ পৰা উভতি অহাৰ এমাহ পিছত আজিও হায়াট হস্পিতালৰ নিৰ্দিষ্টৰুমৰ বাহিৰত সম্পূৰ্ণ আস্থাসহকাৰে চিকিৎসকৰ অপেক্ষাত মই ৰৈ আছোঁহি। অনুপৰ হেৰোৱা স্বাস্থ্যৰ উন্নতিৰ বাবে মই এতিয়াও যৎপৰোনাস্তি চেষ্টা কৰোঁ। প্ৰাণপণে কামনা কৰোঁ তেওঁৰ সুস্বাস্থ্যৰ। এইমচৰ একেজন চিকিৎসকৰ তত্ত্বাৱধানত যোৱা দুদিন ধৰি অনুপ হায়াট হস্পিতালৰ বিছনাত আছেহি। চেক আপ কৰি দেশখনৰ বিখ্যাত কাৰ্ডিঅ’লজিষ্ট ডাঃ দাস পৰম সন্তোষিত। কিঞ্চিত আশ্চৰ্য্যত বুৰ গৈ চিকিৎসকে ক’লে- “পেচেণ্টৰ মানসিক শক্তিয়ে শৰীৰক নতুন জীৱন দান দিয়ে। আমাৰ অনুভৱ হৈছে আপুনি নতুনকৈ যেন প্ৰাণ পাই উঠিছে। আমাৰ চিকিৎসা, আমাৰ প্ৰয়াস ফলৱতী হৈছে। কিমান যে উৎসাহৰ বাতৰি এয়া।”

 মোক এসাগৰ অস্বস্তিত পেলাই চিকিৎসক ওলাই গ’ল। অনুপৰ স্বাস্থ্য সম্পৰ্কে মোৰ বিশেষ চিন্তা নাছিল। কিয়নো অনুপ এতিয়া প্ৰায় সুস্থ। দিল্লীৰ পৰা এক জটিল অপাৰেচনৰ বাবে অহা ডাঃ দাসক এবাৰ দেখুৱাবলৈকে অনুপক হায়াট হস্পিতালত ভৰ্তি কৰাইছিলো। যোৱা দুদিন ধৰি কেইবাটাও টেষ্ট কৰোৱাৰ পিছত অনুপৰ ৰিপোৰ্ট চাই পৰম সন্তোষিত হৈ চিকিৎসক উভতি গ’লগৈ।

 হয়তো আমাক আজিয়েই ঘৰলৈ যাবলৈ দিব। আৰু আৰম্ভ হ’ব মোৰ বাবে একঘেয়ামী জটিল এক জীৱন। অনুপৰ দীঘলীয়া দৰৱৰ লিষ্টখন ফলো কৰিব লাগিব। ডাক্তৰে এডভাইজ কৰা অনুসৰি খোৱা-বোৱা, ঘুৰা-ফুৰা কৰোৱাব লাগিব। অনুপক লৈয়েই পূৰ্ণ হ’ব মোৰ দৈনিক ৰুটিন। আৰু অনুপ? মোক সমুখত লৈ মোৰ আদৰ-যত্ন লৈ ভাবিবনে তেওঁ কেৱল মোৰেই কথা?

 চিৰাল ফাঁট মেলা বুকুখনে মোৰ ইয়াতকৈ বেছি একো ভাবিব নোৱাৰে। ভাবিব নোখোজে।

 অবুজ যন্ত্ৰণাত ছটফটাও মই। অসহজ অচিনাকি অনুভূতিয়ে চেপি-খুন্দি কোঙা কৰি পেলাইহি মোক। যৌৱনৰ দিনবোৰলৈ আকৌ এবাৰ ঘূৰি যাওঁ। এবাৰলৈও পাইছিলোঁনে এনে যাতনা? পাইছিলোঁনে?

 অথচ খুলি-ভাঙি কাকো একো সুধিব নোৱাৰোঁ। অন্তৰ খুলি এসোঁতা কান্দিব নোৱাৰোঁ। এৰা , হৃদয়ৰেই অসুখ। অনুপৰ হৃদয়ৰ অসুখ। তেওঁৰ হৃদয়খনক সুস্থ কৰি তুলিবলৈকে নিজৰ হৃদয়খনত এয়া এবোজা পাথৰ তুলি লৈছোঁহি মই।

 অনুপে বাৰু অনুমান কৰিব পাৰিছেনে মোৰ হৃদয়ৰ হাহাকাৰ? ত্ৰিশ বছৰীয়া আমাৰ বিশ্বাসৰ সৌধ থৰক বৰক হোৱাৰ উমান তেওঁ জানো পাইছে? নাঃ। মোৰ কথা ভবাৰ অৱকাশ তেওঁৰ চাগে নাই। তেওঁৰ হৃদয়খনৰ সফলতাৰে পুনৰ্নিৰ্মাণ হৈছে। হৃদয়ত চলিছে মহোৎসৱ। শৈশৱৰ প্ৰেয়সীৰ সান্নিধ্যৰে জীপাল হৈ উঠিছে চৌপাশ৷

 বাসৱীৰ সান্নিধ্য অকল এয়াই প্ৰথম নে? এই প্ৰশ্নটো অৱশ্যে কিছুদিন আগলৈকে মোৰ মনলৈ অহা নাছিল। অপাৰেচনৰ এদিন পিছত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ ঢাপলি মেলা বাসৱী অনুপৰ কিমান সুহৃদ, সেয়া জানিবলৈ মোৰ বহু পৰ লাগিছিল।

 ঝৰ্ণাই মোক একপ্ৰকাৰ খঙেই কৰিছিল-

 : ও উফ মা। তুমি ইমান টেনচন লৈছা কেলেই? এইবোৰতো খুব নৰ্মেল কথা। পাপা কিম্মান হেণ্ডচাম! কলেজত থাকোতে গাৰ্ল ফেণ্ড এজনী নাথাকিব নেকি? তাকে লৈয়েই অশান্তি কৰি থাকিব নে? ইমান আৰু বেকৱাৰ্ড হৈ নাথাকিবা। দেই।

 বুকুৰ উকমুকনিয়ে উশাহ দীঘল কৰাৰ সময় আছিল সেয়া। এপাহাৰ অশ্ৰুৱে চকুত ঘৰ সাজি বহিছিল। জানিছিলোঁ মই যেতিয়াই চিঞৰি চিঞৰি কান্দিব পাৰিম, তেতিয়াই এচপৰা হ’লেও বিষাদৰ মেঘ খহি পৰিব। বুকুখনে কণমান সকাহ পাব। কিন্তু এতিয়াও যে ময়েই অনুপৰ পত্নী! কেনেকৈ আওকাণ কৰো চিকিৎসকৰ সতৰ্কবাণী? কিদৰে অ’তবছৰৰ ভালপোৱাক ভৰিৰে মোহাৰোঁ?

 চুপচাপ হৈ ৰ’লো। এৰা, মনে-মনে ৰ’লোঁহি মই।

 ঝৰ্ণাই খং কৰিও বুজাব খোজে মোক—

 : চোৱা মা। মানুহ সদায় প্ৰেক্টিকেল হ’ব লাগে। সময়ৰ লগত এডজাষ্ট হ’বলৈ শিকিব লাগে। হঠাৎ সিদিনা পাপাৰ যি অৱস্থা হ’ল, পাপাই যে ইমান সোনকালে ৰিকো’ভাৰী কৰিব, আমি জানো ভাবিছিলোঁ? আমাৰ বাবে কিমান ভাল নিউজ চোৱা, পাপাৰ হেল্থ যে এতিয়া অ’লমষ্ট গুড। অপাৰেচনৰ আগতে পাপাই তোমাকেইতো সেহাই সেহাই কৈছিল-“বাসৱীক

এবাৰ লগ কৰিব খোজোঁ। মোৰ স্কুলীয়া বন্ধু তেওঁ। এতিয়া চাগে ডিব্ৰুগড়ত থাকে। প্লিজ জুপি, এবাৰ লগ কৰাই দিয়া”।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড