সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮

 : দেউতা চিন্তা। মই বৰ দুখী হৈছোঁ দেউতা। মই বৰ চিন্তাত পৰিছোঁ;

 : আৰে কি চিন্তা? মোক খুলি কোৱা।

 উদিগ্ন হৈ পৰে প্ৰশান্ত বৰুৱা।

 : চিন্তা মোৰ ঠাইখনকলৈ দেউতা। চিন্তা কেঞ্চাৰ ৰোগত আক্ৰান্ত সেই মানুহবোৰক লৈ। আমাৰ গাঁৱৰ সেই সেই কণমানিজনীক লৈ। মই তাইৰ সকলো ৰিপৰ্ট চাই আহিছোঁ। তাই ব্ৰেইন টিউমাৰ হৈছে। তাইৰ চিকিৎসা ইয়াত সম্ভৱেই নহয়। বাহিৰলৈ যাবলৈ আৰ্থিক অৱস্থা ইমান সচ্ছল নহয়। মাক দেউতাকৰ অসহায় মুখখন! ছোৱালীজনীৰ সৰল মুখখনে মোক শান্তিত থাকিবলৈ দিয়া নাই দেউতা। মামাহঁতৰ গাঁৱৰো এজন লোক চাই আহিলো। তেওঁ সেই একেই বেমাৰত আক্ৰান্ত। সকলোৰে অৱস্থা একেই। এইটো অঞ্চলৰে কেইবাজনো সেই একেই কেঞ্চাৰত আক্ৰান্ত ৰোগী চাই আহিলোঁ। সকলো দিক হাৰা। হয়তো ইয়াতে এখন উন্নত চিকিৎসালয় থকা হ’লে তেওঁলোকৰ পীড়াবোৰ দূৰ কৰিব পাৰিলেহেঁতেন। কিবা এটা সহায়ক হ’লহেঁতেন। দেউতা ইয়াত এখন ভাল চিকিৎসালয়ৰ অভাৱ। সাধাৰন এটা পৰীক্ষা কৰিবলৈও বহু দূৰ যাব লাগে। দেউতা আমি একো কৰিব নোৱাৰোনে?

 প্ৰশান্ত বৰুৱাৰ মন আকাশ যেন। হাজাৰ তৰাই জিলমিলাই তুলিলে। এৰা তেওঁৰ মুখৰ কথাষাৰ পুত্ৰই কৈছে। তেওঁৰ পুত্ৰই দুখীজনৰ দুখত দুখী হৈছে।

 : কিয় নোৱাৰিম মোৰ সোণ? আমি লোকসকলৰ মাজত সজাগতা জগাই তুলিব লাগিব আৰু ইয়াতে এখন চিকিৎসালয় খুলিব পাৰো।

 : দেউতা মই বিদেশত লৈ অহা শিক্ষাই এইসকলৰ মাজত এখন চিকিৎসালয় খুলি মই চিকিৎসা কৰিব খোজোঁ। মই অসহায় মানুহখিনিক সহায় কৰিব খোজোঁ। মেঘাচ্ছন্ন হৈ পৰা মুখবোৰৰ পৰা দুখৰ কলীয়া ডাৱৰ আতৰাই আলোকৰ সন্ধান দিব খোজো। সিহঁতৰ যুঁজবোৰৰ সাৰথি হ’ব খোজেঁ। জগাই তুলিব খোজেঁ জীয়াই থকাৰ হেঁপাহ।

 এৰা প্ৰশান্ত বৰুৱাক আৰু কি লাগে। তেওঁৰ পুত্ৰই শিকিছে আনৰ দুখত দুখী হ’বলৈ। সহায়ৰ হাত মেলি পোহৰৰ সন্ধান দিব খোজে পীড়িতসকলক। প্ৰশান্তিত প্ৰশান্ত বৰুৱাৰ দুচকু জ্বিলীকি উঠিল।

 : বল পেহা পেহীহঁতৰ লগত কথাটো পাতোঁ।

 সকলোৰে লগত আলোচনা কৰি প্ৰশান্ত বৰুৱাই সেই অঞ্চলতে দেউতাকৰ নামত এখন চিকিৎসালয় খুলিবলৈ সিদ্ধান্ত ল’লে৷

 চাকৰিৰ কালছোৱাত বিভিন্ন চহৰত লোৱা সকলো ঘৰেই প্ৰশান্ত বৰুৱাই বেচি গ’ল। পৈত্ৰিক সম্পত্তিও আছিল। চৰকাৰৰে সহযোগত প্ৰশান্ত বৰুৱাই সকলো সুবিধা থকা এখন চিকিৎসালয় খুলিলে নাম ৰাখিলে নিজৰ দেউতাকৰ নামত “ধনীৰাম বৰুৱা কেঞ্চাৰ চিকিৎসালয়”৷ অৰ্নৱে চিকিৎসাৰে বহু ৰোগী নিৰোগী হৈছে। প্ৰয়োজনত বাহিৰৰ পৰাও ডাক্তৰ আহে চিকিৎসাৰ বাবে। অৰ্নৱ হৈ পৰিল কেঞ্চাৰৰ দৰে এটা দূৰন্ত ৰাক্ষসৰ ৰোধক। ঠায়ে ঠায়ে সজাগতা শিবিৰ পাতি এই বেমাৰৰ পুলি পোখাৰে উঘালিবলৈ তেওঁৰ চেষ্টা অব্যাহত ৰাখিলে। অনৱৰ লগত বহু চেচ্ছাসেৱী অনুষ্ঠান, সমাজ সচেতন লোকে লগতে চৰকাৰেও সহযোগিতা আগবঢ়ালে। ডাঃ অৰ্নৱ বৰুৱা আৰু তেওঁৰ ধনীৰাম বৰুৱা কেঞ্চাৰ চিকিৎসালয় এতিয়া বিশ্বৰ এখন খ্যাতিসম্পন্ন চিকিৎসালয়ৰ ভিতৰত এখন হৈ পৰিছে। এৰা প্ৰশান্ত বৰুৱাৰ বুকুত গোজ মেলা এটা সপোন পুত্ৰই ৰং

তুলিকাৰে হেঙুলী ৰহণ সানি জ্বিলীকাই তুলিলে। সেই ৰঙত আলোকিত হ’ল বহু জীৱন।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড