পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৭

 : নন্দিনী চাহ একাপ।

 : এই ৰ’ব দেই। কিমান চাহ নাখায়।

 অলপ আগত আলহীৰ লগত খাইছিলেহে?

 প্ৰশান্তৰ ওঠত হাঁহি এটাই টৌ খেলি যায়। আচলতে অহাৰ পৰা প্ৰশান্তই নন্দিনীক কাষত পোৱাই নাই। আলহীৰ হেঁচাত ৰবলৈ সময় নাই। বহু দিনৰ মূৰত আপোন মানুহবোৰ লগ পাই নন্দিনীৰ উলাহে নধৰে হিয়া।

 : এনেই মাতিছোঁ। চাহ নালাগে বাৰু। কথা পাতোঁচোন আহা।

 : ৰব আহিছোঁ। মাছখিনি ধুই লওঁ। আজি ভন্টীহঁতক ভাত খাবলৈ মাতিছোঁ।

 এৰা প্ৰশান্তই পাহৰিলেই আজি তেওঁৰ তিনিও ভনীয়েক আহিব সপৰিয়ালে। আজি বহুত দিনৰ মূৰত সকলো লগ হ’ব। এইয়া উৎসৱতকৈ কম নে?

 : এইয়া লওক।

 চেনী নাইকিয়া ফিকা চাহ একাপ লৈ নন্দিনী প্ৰশান্তৰ কাষত থিয় হ’ল। নিজেও একাপ হাতত ল’লে।

 : অ’ চাহ আনিলা। ঠেংক ইউ। বহাচোন। তোমাক লগ পাবলৈ অসুবিধাই হৈছে।

 : চাহ কাপ খাই ভাতত ৰান্ধোগৈ।

 : এই অৰ্নৱ ক’ত?

 : সোণ গাঁৱলৈ গৈছে। তাৰ মনটো একদমেই ভাল নহয়।

 : কিয় হে?

 ঠাইখনত কেঞ্চাৰত আক্ৰান্ত কেইবাজনো মানুহক সি লগ কৰি আহিল। তেওঁলোকৰ অৱস্থা দেখি সি বৰ চিন্তিত হৈছে৷

 : এৰা সি যে অনুভৱ কৰিব পাৰিছে। সেইয়াই বহুত। এই বেমাৰটোৱে মানুহক সকলো ফালৰ পৰাই শেষ কৰি যায় অ’। চিকিৎসাৰ কাৰণে ইমান শকত পৰিমাণৰ মূল্যৰ প্ৰয়োজন। পীড়িত সকলে কম কষ্ট পায়নে বাৰু। চিকিৎসা কৰিবলৈ ইমান দূৰ যাব লাগে। এৰা কিবা এটা কৰিব পৰা হ’লে। বৰুৱাই মনতে ভাবিলে কৈ দিব নেকি তেওঁৰ সপোনটোৰ কথা। নাই এতিয়া কোৱাৰ সময় নহয়।

 তেওঁৰ সপোনটো হয়তো অনৱৰ নহ’বও পাৰে। তেওঁ নুখুজে অৰ্নৱক বান্ধি ৰাখিব। অৰ্নৱে নিজে অনুভৱ কৰক লোকৰ দুখৰ পীড়া।

 অৰ্নৱ প্ৰশান্ত আৰু নন্দিনীৰ সন্তান। হয়তো আনৰ দুখত দুখী সি হ’ব। চেষ্টা কৰিব নিজৰ সামৰ্থ্যৰে আনলৈ সহায়ৰ হাত বঢ়াবলৈ।

 দুপৰীয়ালৈ নন্দিনীৰ বিধে বিধে বনাই আজৰি। জালি কোমোৰাৰে হাঁহৰ মাংস। মাছৰ টেঙা জোল। সৰু মাচৰ ভাজি আৰু তৰহে তৰহে ব্যঞ্জন। প্ৰশান্তৰ ভনীয়েকহঁতো পৰিয়ালৰ সৈতে আহিছে। উৎসৱমুখৰ পৰিবেশ। সুখী সকলো। উলাহে নধৰে হিয়া। এইয়া আপোনজনৰ মৰমৰ উত্তাপ। আদৰ আৰু হেঁপাহৰ অনুভূতিবোৰে ৰঙীন কৰিছে সকলোৰে মন। চিন্তান্বিত মাথোঁ অনৰ্ব।

 : কি হ’লটো সোণটো মনটো কিয় মাৰি আছা?

 ডাঙৰ পেহীয়েকে মূৰত হাত থৈ মৰমেৰে সুধিলে।

 : নাই এনেই পেহী। তোমালোক কিন্তু আজি থাকিব লাগিব।

 : থাকিম বুলিয়ে আহিছোঁ। নবৌৰ লগত ধেৰ কথা আছে।

 প্ৰশান্তৰ হদয় যে থৌকী বাথৌ। একেলগে ভনীয়েকহতঁৰ লগত হেঁপাহেৰে এসাজ। কিন্তু প্ৰশান্তই লক্ষ্য কৰিছে। অৰ্নবৰ মনটো৷ কিবা এক চিন্তাত ভাৰাক্ৰান্ত তাৰ মন। কি চিন্তাই পাইছে তাক? অৰ্নৱ ভিতৰলৈ উঠি গৈছে। সুবিধা চাই প্ৰশান্তও উঠি গ’ল অৰ্নৱ যোৱাৰ ফালে।

 : কি হৈছে? অৰ্নৱ কিয় ইমান চিন্তাত আছ?

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড