পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৬

দেউতাক, ভনীয়েকহঁতক বিদায় দি প্ৰশান্ত ট্ৰেইনত বহিল। সন্ধ্যা নামি আহিছিল। মাঘ মাহৰ ঠাণ্ডা ঠাণ্ডা ভাবটো প্ৰকট হৈছে। কমপাৰ্টমেন্টটোৰ নিজৰ ঠাইকনত বহি সি মাকে দি পঠিওৱা স্কাৰ্ফখন উলিয়াই ল'লে। স্কাৰ্ফখনে যেন ঠাণ্ডা দূৰ কৰাই নহয় মাকৰ মৰমৰ উত্তাপ অনুভূত কৰালে। প্ৰশান্তই খিৰিকীৰে বহিৰলৈ চালে। কিবা এক শূন্যতাই তাৰ বুকুখন হঁচি ধৰিছে। চকুৰ আগত অহা যোৱা কৰিছে মাক দেউতাক আৰু ভনীয়েকহঁতৰ মুখকেইখনে। ক'বলৈ থাকিয়ে গল মনৰ কথাবোৰ সেই গানগোৱা ছোৱালীজনীকো। এযোৰ আৱেগভৰা চকুৱে আনমনা কৰিলে প্ৰশান্তক। এৰা সি এই মাটি, এই বতাহ তাৰ প্ৰানৰ ঠাইখন এৰি যাত্ৰা কৰিছে এখন অচিনাকি চহৰলৈ কেৱল মাত্ৰ জীৱিকাৰ বাবে। মৃদু হেন্দোলনি তুলি ট্ৰেইনখন আগবাঢ়িল। দিনৰাতি একাকাৰ কৰি ট্ৰেইনখন গৈ থাকিল। অবিৰত যাত্ৰা। অৱশেষত ট্ৰেইনখন হাওৰা জংছন সোমাল। ইয়াৰ পৰা মুম্বাইলৈ ট্ৰেইন সলনি কৰিব লাগিব। হাওৰা ষ্টেচনত মানুহৰ মহাসমুদ্ৰ। অহা আহিছে যোৱা গৈছে। ব্যৱৱসায়ত ব্যস্ত সকল নিজৰ কামত ব্যস্ত। চাৰিওফালে মাথোঁ বিৰাজমান ব্যস্ততা আৰু ব্যস্ততা। কাৰো কালৈকো চাবলৈ সময় নাই। তাতে ট্ৰেইন সলাই মুম্বাইলৈ যোৱাৰ ট্ৰেইনত উঠিল প্ৰশান্ত। এই যাত্ৰাত প্ৰশান্তই অনুভৱ কৰিলে সি তাৰ জন্মভূমি খন আপোন মানুহবোৰ এৰি থৈ আহিছে। কিয়নো কামৰূপ এ'প্ৰেছৰ সৰহভাগ সহযাত্ৰীয়ে অসমীয়া আছিল। কিন্তু মুম্বাইলৈ বুলি উঠা আজাদ হিন্দু এক্সপ্ৰেছৰ সৰহভাগ লোকেই হিন্দী ভাষী। দ্ৰুতগতিত আগবঢ়া ট্ৰেইনখনে প্ৰশান্তক লৈ গৈ থাকিল ঘৰৰ পৰা দূৰলৈ! দূৰলৈ! তাৰ বুকুৰ আপোন সেউজী অসমী আইক এৰি অচিনাকি কংক্ৰিট জগতলৈ।

 সময় যেন দুপাখি মেলি উৰি গ'ল। দূৰন্ত গতি এই সময়ৰ। এই সময়ৰ গতিৰ লগত খোজ মিলাই আগবাঢ়ে জীৱন। তেতিয়াৰ সেই সাধাৰণভাৱে আৰম্ভ কৰা প্ৰশান্তই দোপতদোপে উন্নত কৰি গ'ল। জীৱনত সকলো পালে বিলাসী চাকৰি, বহুবিলাসী জীৱন, ঐশ্বৰ্য-বিভূতি।

 চাকৰিৰ হেঁচাত যেন প্ৰশান্ত আত্মকেন্দ্ৰিক হৈ পৰিছিল। মাথোঁ কৰি গ'ল মাল্টিনেচনেল কম্পেনীৰ বহু মূল্যৰ প্ৰজেক্টবোৰৰ সমাধান। কিন্তু, কিন্তু যেন প্ৰশান্তই ক'ৰবাত অসফল অনুভৱ কৰে। যেন জীৱনত কিবা এটা কাম নকৰাকৈয়ে ৰৈ গ'ল। সঁচাই উভতি চাবলৈ সময়ে নহ'ল এৰি অহা ঠাইখনলৈ, নিজৰ মানুহবোৰৰ বাবে কিবা এটা কৰিবলৈ। অসুখৰ সময়টো মাক দেউতাকক যিদৰে প্ৰতিপাল কৰিব লাগে কৰিব নোৱাৰিলে। গম নোপোৱাকেই দেউতাকৰ ডিঙিত পোখা মেলা কেঞ্চাৰ ৰোগটোও বহুত দেৰিকৈ ধৰা পৰিল। বিশেষ চিকিৎসা কৰিবলৈ নাপাওঁতেই দিউতাকে অচিনা দেশলৈ গতি কৰিছিল। দেউতাকৰ মৃত্যুৰ পিছত এটা সামান্য জ্বৰতেই মাকেও বিদায় লৈছিল। যেন উন্নত চিকিৎসা অভাৱৰ বাবেই বৰুৱাই মাক-দেউতাকক অকালতে হেৰুৱালে।

 এৰা প্ৰশান্ত বৰুৱাৰ মনত এটা নতুন সপোনে পোখা মেলিছে। এক আশা.. এক সপোন। নিজৰ ঠাইখনৰ বাবে কিবা এটা কৰাৰ। নিজৰ মানুহবোৰৰ বাবে কিবা এটা কৰাৰ।

 অৰ্নৱৰ প্ৰস্তাৱত প্ৰশান্ত বৰুৱা সুখী হ'ল। অসমলৈ যাব তেওঁ। নিজৰ গাঁওখনলৈ যাব। আপোন মানুহবোৰৰ কাষলৈ। অক্টোপাচৰ দৰে দুৰাৰোগ্য কেঞ্চাৰ বেমাৰে চানি পেলাইছে তেওঁৰ ঠাইখন। তেওঁৰ আপোন ঠাইৰ বহু মানুহেই পীৰিত হৈছে। সেই বেমাৰত। উস কি যন্ত্ৰণা। তেওঁ এটা সপোন দেখিছে। সপোনটো গোপনে সামৰি থৈছে বুকুৰ মাজত। সেই সপোনটোত মাথো লাগে অৰ্নৱৰ সহাঁৰি। অৰ্নৱে ইচ্ছা কৰিলে তেওঁৰ সপোনটো অংকুৰিত হৈ ফলে ফুলে বিকশিত হ'ব।

 অৰ্নৱে অংক’ল’জি বিভাগত বিদেশৰ নামজ্বলা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ ডিগ্ৰী ল'লে। বহু বছৰ গৱেষণা কৰিছে। অভিজ্ঞ হৈছে অৰ্নৱ। অৰ্নৱৰ দৰে এজন ডাক্তৰ আৰু এখন চিকিৎসালয়ৰ প্ৰয়োজন সেই ঠাইখনত। প্ৰশান্ত বৰুৱাই চাকৰিৰ কালতে বহু সম্পত্তি কৰিলে। কেইবাখন চহৰত কেইবাটাও ঘৰ। পৈত্ৰিক সম্পত্তিও বহু আছে। অৰ্নৱৰ সহাঁৰি পালে। নিজৰ ঠাইখনত এখন হস্পিতেল স্থাপিত কৰিব। তেওঁৰ সকলো সম্পত্তি সেই চিকিৎসালয়খন স্থাপনত ব্যৱহাৰ কৰিব। তেওঁৰ মেধাবী পুত্ৰ সংস্থাপিত হওক তেওঁৰ ঠাইখনতে। ত্ৰানকৰ্তা হওক দুৰাৰোগ্য বেমাৰত পীৰিত হোৱা বহু ৰোগীৰ। আপোনজনক হেৰুৱাৰ ভয়ত কাতৰ হোৱা পৰিয়ালবোৰক উদ্ধাৰ কৰক।

 আজি দুদিন প্ৰশান্ত বৰুৱাই যেন স্বৰ্গভূমিতহে আছে। গাঁৱৰ ঘৰখনত। আপোন মাটিৰ উমাল পৰশ। এই আকাশ, এই বতাহ সকলোতে যেন আছে এক অনামী আকৰ্ষণ। গান গাই ভালপোৱা সিখন গাঁৱৰ ছোৱালীজনীৰ লগতে প্ৰশান্তৰ বিয়া হৈছিল। গাঁৱৰ ছোৱালী। সকলো কামতে সিদ্ধহস্ত। সকলোতে মিলিব পাৰে। আজি দুদিনত বহুদিন বন্ধ হৈ থকা ঘৰখন জাৰি জোকাৰি নন্দিনীয়ে স্বৰ্গভূমি কৰি তুলিছে।অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড