পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৫

জীৱনৰ আটাইতকৈ ডাঙৰ খেলখন খেলি পেলালে...

 কেইবামাহো গা নুধোৱা ৰূপাই যেতিয়া গম পালে তাইৰ দেহৰ ভিতৰত এটি কণমানী বীজ অংকুৰিত হোৱাৰ কথা ৰূপাই যেন নতুনকৈ জনম পালে..। আনহাতে দুজনী ছোৱালী এটি পুত্ৰ সন্তানৰ মাতৃ হেমলতাই ইমানদিনে মানসিকভাৱে অক্ষম অঞ্জন আৰু কোনোদিনে এইখন ঘৰৰ বোৱাৰীৰ মৰ্যদা নিদিয়া ৰূপাৰ পৰা নিজৰ সম্পত্তি সম্পূৰ্ণ সুৰক্ষিত বুলি ভাবি লৈছিল। শহুৰেকৰ বিশাল সম্পত্তিৰ অকলে মালিক হোৱাৰ আশাই বলিয়া কৰি পেলাইছিল হেমলতা আৰু গিৰিয়েক নিৰঞ্জনক। কিন্তু ৰূপাৰ অন্তঃসত্ত্বা হোৱাৰ কথা গম পোৱাৰ লগে লগে তাচপাতৰ দৰে সহি পৰিল দুয়োৰে আশাৰ ঘৰটো..।

 কোনোপধ্যেই ৰূপা অঞ্জনৰ সন্তানক পথিৱীৰ মুখ চাব দিব নোৱাৰি...। তাৰ বাবে নীচতকৈ নীচ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে হেমলতাই... নিজৰ আৰু সন্তান তিনিটাৰ সুখৰ পথত কোনোপধ্যে হেঙাৰ হ’ব নিদিয়ে ৰূপাৰ সন্তানক। আৰু সেয়ে অতি কঠোৰভাৱে গাঁৱখনৰ মূৰত থকা মানুহজনৰ পৰা মাক জেতুকী বুঢ়ীৰ হতুৱাই লৈ আনিছে বড়ি তিনিটা। আজি অমাৱস্যা আজিয়েই কামভাগ সমাপ্ত কৰাৰ উদ্দেশ্যে নিজহাতে তিনিটা বড়ি পায়সত মিলাই ৰূপালৈ আগবঢ়াই দিলে হেমলতাই পৰিয়ালৰ আহিবলগীয়া এটি অংশৰ হেঁপাহতে এই মৰম দেখুওৱা বুলি কোনো দুশ্চিন্তা মনলৈ নানি হেঁপাহেৰে পায়স বাটি শেষ কৰিছিল ৰূপাই...।

 ৰাতিপুৱাৰ পৰা অবিৰাম গতিত দি থকা বৰষুণজাকৰ শাম কটাৰ কোনো লক্ষণ নেদেখিলে ৰূপাই... বৰষুণজাকৰ লগতে দেহ মন দুয়োটাই বেয়া লাগিব ধৰিলে, তথাপিতো গিৰিয়েকৰ খাতিৰতে কৰণীয়খিনি কৰি আহিবলগীয়া কণমানীটোৰ আশাতে ৰূপাই মনটো ভাল লগাই থাকিব চেষ্টা কৰিলে। শেষৰাতি বৰষুণজাকৰ গতি বাঢ়ি গল লগতে ৰূপাৰ তলপেটত এটি প্ৰচণ্ড বিষ। বতাহ, বৰষুণ, ঢেকেনিৰ কাণতাল মৰা শব্দত কোনো কাৰো মাত নুশুনা হোৱাৰ সময়তে ৰূপায়ো প্ৰচণ্ড পেট বিষত চটফটাব ধৰিলে। ৰূপাৰ সৰ্বস্ব কাপোৰ ৰাঙলী কৰি এটি তেজৰ উষ্ণ ৰক্তধাৰা মাজেৰে বৈ আহি এটি কণমানী সপোন মৰহি গ'ল। অঞ্জন ৰূপাৰ সপোনটোৰ অকাল মৃত্যুৰ কোনো উমঘামেই নাপালে কাষতে শুই থকা অঞ্জনে।

 অধৈৰ্যভাৱে তিনিদিন কটোৱাৰ পিছত এটি ভয়ানক ৰাতি পাৰ কৰা ৰূপাৰ বিধ্বস্ত ৰূপ দেখি হেমলতাই সকলো বুজি নিজৰ সফলতাত এক কূটিল হাঁহি মাৰিলে। ৰূপাৰ মৰহি যোৱা সপোনটোৰ লগতে ৰূপাৰ বিধ্বস্ত ৰূপে সকলোকে কন্দুৱাই পেলালে। আনহাতে মানুহজনে কোৱাৰ দৰেই হোৱা বাবে নিৰ্দয়ী হেমলতা নিশ্চিত হ’ল যে কেতিয়াও দুনাই ৰূপাই আৰু এই সোনালী সপোন চোৱাৰ যোগ্য হৈ নুঠে৷ ৰূপাই যেন এইমাত্ৰ শেষ কৰি দিব নিজকে। সপোনটোৰ লগতে যেন জীৱনটোৱেই শেষ হৈ গল ৰূপাৰ। তথাপি ৰূপা জীয়াই থাকিল হয়তো অঞ্জনৰ বাবেই...।

 ঋতু আহিল ঋতু গ’ল, আৰু সময়ৰ লগতে মানুহৰ শাৰীৰিক মানসিক পৰিবৰ্তন আহিল। নিৰঞ্জন আৰু বেছি প্ৰভাৱশালী হৈ উঠিল... হেমলতাৰ সংসাৰ হেমলতাই বিচৰাধৰণেই আগবাঢ়ি গ’ল। দুই কন্যাক ধনী ঘৰলৈ উলিয়াই দি ধনীৰ দুলালী পুত্ৰবধুও নিজ পচন্দত বিচাৰি থৈ হেমলতাই পুত্ৰৰ বিয়াৰ পিছতেই সম্পূৰ্ণ আজৰি হৈ পৰিব। ঘৰখনৰ পৰিৱেশ সলনি হ’ল, কাম কৰা মানুহ সলনি হ’ল, আনকি গাঁওখনৰ লগতে গাঁৱৰ মানুহবোৰো সলনি হ’ল। অঞ্জনেও আগৰ দৰে বলিয়ামি নকৰি একে ঠাইতে জুপুকা মাৰি থকা হ’ল... কেৱল থকা ঠাইতে সলনি নোহোৱাকৈ থাকি গ’ল ৰূপা। এতিয়াও ৰাতিপুৱাৰ পৰা ৰাতিলৈ গাধৰ দৰে গেবাৰি খাটি অঞ্জনৰ আপদাল কৰিয়েই দিন পাৰ কৰি আছে ৰূপাহ। মাজে মাজে হেৰুৱা সপোনটোৰ দুখে হেঁচা মাৰি ধৰে। মৰি যোৱাৰ কথাও মনলৈ আহে। নোৱাৰে অঞ্জনৰ বাবেই নিজকে শেষ কৰিব নোৱাৰে। জীয়াব লাগে বাবে জীয়াই থাকে ৰূপা। চকুৰ আগত ডাঙৰ হোৱা ল’ৰা-ছোৱালীকেইটাই মাক-দেউতাকৰ দৰেই বৰমাক-বৰদেউতাকক অৱহেলা কৰিয়েই ডাঙৰ হ’ল। মাক-দেউতাকৰ লগতে সিহঁতক এষাৰ মাত দিবলৈ দহবাৰ চিন্তা কৰিব লগা হয় ৰূপাই...।

 দুজনী ছোৱালীৰ পিছত জন্ম হোৱা হেমলতা নিৰঞ্জনৰ একমাত্ৰ পুত্ৰ প্ৰীতমৰ বিয়া। চহৰত গৈ পঢ়া শুনা সমাপ্ত কৰা, ডাঙৰ চাকৰি কৰা প্ৰীতমৰ কিন্তু দুখীয়া মানুহৰ প্ৰতি মনটো ঠেক, ঠিক মাক দেউতাকৰ দৰেই প্ৰীতমৰ বিয়াৰ বাবেই আৰু এটা নতুনকৈ ঘৰ সজা হৈছে চোতালৰ আনটো মূৰে, বিয়া হৈ যুগ্মজীৱন আৰম্ভ কৰা ৰূপা অঞ্জনৰ দুকোঠালীৰ ঘৰটো ভাঙি পেলায়। ৰূপা আৰু অঞ্জনক পিছফালে থকা বিশাল বাৰীখনৰ এটা চুকত সাজি দিয়া হৈছে তৰ্জাবেৰৰ দুটা কোঠালী... তথাপি

ৰূপাই দুখ কৰা নাই। ভগৱানে জীৱনৰ আটাইতকৈ ডাঙৰ দুখটোৰে থকা সৰকা কৰাৰ পিছত আজিকালি কোনো দুখেই কাণষাৰ নকৰে ৰূপাই...।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড