পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৬

 এসপ্তাহ আগৰপৰাই বিয়াৰ উলহ মালহত ডুব গৈ আছে গাঁওবুঢ়াৰ ঘৰ। গোটেই গাঁওখন নিমন্ত্ৰিত বিয়াঘৰলৈ। ৰন্ধাই ৰান্ধিছে, খুৱাই খাইছে, ফুৰ্তি কৰাই ফুৰ্তি কৰিছে। হেমলতাৰ দুয়োজনী ছোৱালী সন্তানসহ আহি পাইছে বিয়াৰ তিনিদিন আগত। হেমলতাৰ গা সাতখন-আঠখন। এতিয়াও ব্যতিক্ৰম ৰূপা। তাই যেন ঘৰখনৰ কোনো অংশই নহয়, যন্ত্ৰবৎ কেৱল কাম কৰি গৈছে। মাজে মাজে খেয়াল ৰাখি গৈছে অঞ্জনৰ...।

 বিয়াৰ দিনা ৰাতিপুৱাই জোৰোণ দি আহি মানুহখিনিয়ে ৰাতিৰ বিয়ালৈ সাজু হোৱাৰ আগত খন্তেক জিৰণি ল’বলৈ যো-জা কৰাৰ সময়তে হাতত এযোৰ পুৰণা পাটৰ কাপোৰ লৈ হেমলতাই ভৰি দিলে ৰূপাৰ কোঠালীত শুই থকা অঞ্জনৰ কাষতে বিছনাৰ ওপৰত কাপোৰজোৰ লাহেকৈ দলিয়াই থৈ ৰূপাক কইনা অহাৰ পৰত সেইযোৰ পিন্ধিবলৈ আদেশৰ সুৰত কোৱাৰ দৰে কৈ আঁতৰি গ’ল হেমলতা...!

 সন্ধিয়া হোৱাৰ লগে লগে সকলো সাজু হ’ল কইনাৰ ঘৰলৈ বুলি। এখন ছুপাৰ বাছৰ লগতে নিৰঞ্জনৰ চাৰিখন অত্যাধুনিক গাড়ীৰ আটাইতকৈ ডাঙৰ আৰু দামী গাড়ীখন গোলাপ ফুলেৰে সু-সজ্জিত কৰি কইনা আদৰি আনিবলৈ সাজু কৰা হৈছে। দুজনমানক ঘৰতে থাকিবলৈ কৈছিল যদিও কইনা ঘৰ নগৈ ঘৰত থাকিবলৈ কোনো ৰাজী নহ’ল। অগত্যা তিনিজনীমান কাম কৰা মানুহৰ লগতে জীয়েকৰ ফালৰ দুই বিয়নী লৈ কইনা আদৰিবলৈ ঘৰতে থাকিল হেমলতা আৰু থাকি গ'ল বাৰীৰ চুকৰ ঘৰটোত অঞ্জন, ৰূপা...।

 দৰাৰ সখী সহিতে প্ৰীতমক লগত লৈ কইনা আনিবলগীয়া গাড়ীখনত বহিব লওঁতেই সকলোৱে হুলস্থুল কৰি উঠিল। দৰা প্ৰীতমক এৰি কোনোপধ্যেই তেওঁলোক বাছত যাব ৰাজী নহ’ল। তেওঁলোকৰ মতে বিয়াৰ পিছৰ পৰাই দৰা কইনাৰ হৈ পৰিব সেয়ে যিকণ সময় বাকী আছে প্ৰীতমৰ সেইকণ সময় আত্মীয়সকলৰ। অৱশেষত দুজনমান বয়সীয়াল লোকক সৰু গাড়ীখনত বহুৱাই সখী সহিতে প্ৰীতম, জানকী বুঢ়ী, স্বামী সন্তান সহিতে দুই কন্যা আদিকে কৰি সকলো লোকৰ লগত নিৰঞ্জন ছুপাৰত বহিল। উৰুলি, আয়তীৰ নাম, হৰ্ষ উল্লাসধ্বনিৰ মাজেৰে দুয়োখন গাড়ী আগবাঢ়িল কইনাঘৰ অভিমুখে। নিজম পৰি ৰ’ল বৃহৎ ঘৰখন। বিবাহঘৰৰ পোহৰে দিন যেন কৰি পোহৰাই ৰাখিলে ৰাতিৰ অন্ধকাৰে আৱৰি ৰখা গাঁওবুঢ়াৰ ঘৰৰ বৃহৎ চৌপাশ...।

 তিনিঘন্টা মানৰ মূৰত ৰূপাক মতোৱাই আনি সকলোৰে বাবে পাতলীয়া চাহ জলপানৰ যোগাৰ কৰিব দি আৰামী চকীখনত হেলান দি বহি পৰিল হেমলতা। থুতৰিত সোঁহাতৰ মুঠিৰে ভেজা দি চকুদুটা মুদি উভতি গ’ল হেমলতা অতীতলৈ। এখন এখন ছবি অগাদেৱা কৰিলে চকুৰ আগত। মদাহী দেউতাকৰ অত্যাচাৰ, এসাজ খায় এসাজ নেখায় কটোৱা দিনবোৰ, পিন্ধিবলৈ এসাজ কাপোৰ নথকা দিনবোৰ। অথচ আজি ভাগ্য হেমলতাৰ হাতৰ মুঠিত। ইচ্ছা কৰিলেই সময়ক নিজ ইচ্ছাত চলাব পাৰে হেমলতাই। টকাৰ জোৰত আজি হেমলতাৰ বাবে অসাধ্য একো নাই। এসময়ত ভাত কাপোৰৰ বাবে হাহাকাৰ কৰা হেমলতাৰ টকাৰে আজি ক’ত পৰিয়ালে জীৱন নিৰ্বাহ কৰি আছে।

 জলপানৰ বাটিটো চাহৰ কাপটোৰে সৈতে লৈ ৰূপা আহি হেমলতাৰ ওচৰত থিয় হোৱাৰ লগে লগে টেলিফোনটো বাজি উঠিল। যতি পৰিল হেমলতাৰ ভাৱনাত। নিৰ্জন ঘৰটোত টেলিফোনৰ সদায় শুনি থকা মাতটোও কৰ্কশভাৱে শুনা গ’ল। অলসভাৱে ফোনটোৰ কাষলৈ উঠি গ’ল হেমলতা। ফোনটো কাণতলৈয়ে কিছুপৰ চকু ডাঙৰ কৰি থিয় হৈ থাকি এটা বিকট চিঞৰ মাৰি ঢলি পৰিল হেমলতা। পকী মজিয়াত পৰাৰ আগতেই চাহ জলপানৰ বাচন হাতৰ পৰা পেলাই সাৱটি ধৰিলে হেমলতাক ৰূপাই। তেতিয়াও পৰি ৰোৱা ফোনটোৰ পৰা হেল্ল’ হেল্ল’ শব্দ ভাহি অহাত কঁপা কঁপা হাতেৰে ধৰো নধৰোকৈ ফোনটো তুলি কাণত লগোৱা ৰূপাই মুহূৰ্ততে শৰীৰ বৰফ কৰি পেলোৱা খবৰটো শুনি ঠাইতে থৰ লাগিল। সিটো মূৰৰ পৰা ভাঁহি আহিছিল অচিনাকি ব্যক্তিজনৰ কণ্ঠস্বৰ। হিয়া ভঙা বাতৰি এটা কঢ়িয়াই আনিছিল এই অচিনাকি মানুহজনে।

 বহুদিন, বহু মাহ, বহু বছৰলৈ গাঁৱৰ প্ৰত্যেকজন মানুহক কন্দুৱাই ৰাখিলে খবৰটোৱে।

 “বিবাহীযাত্ৰী কঢ়িয়াই অনা বাছ দুৰ্ঘটনাত পতিত... দলং ভাঙি ত্ৰিশ ফুট ওপৰৰ পৰা তলৰ দ-খাৱৈত পৰি যায় বাছখন... জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ’ল বাছখনৰ এজনো ব্যক্তিক”।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড