পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৪

তৰিছে. এইখিনিৰ কাম শেষ হলেই আকৌ কেইঘৰমান আগুৱাই তম্বু তৰিব তেওঁলোকে... সৰুতে ঘাটমাউৰা হোৱা ৰূপা মামাক-মামীয়েকৰ লগতে ডাঙৰ হোৱা... আইতাকজনী থকালৈ বৰ বিশেষ অসুবিধা নহ’লেও আইতাক ঢুকুৱাৰ লগে লগে ৰূপাৰ ওপৰত সন্তানহীনা মামীয়েকে দেখ দেখকৈ অত্যাচাৰ কৰিব ললে... যাৰ নীৰৱ দৰ্শক হৈ থাকিল মোমায়েকৰ লগতে চুবুৰীয়াখিনি. কামত অকণমান হেৰ ফেৰ হ’লেই লঘোনে থাকি ৰাতি পাৰ কৰিবলগীয়া হোৱা ৰূপাই কান্দি কান্দি মাক- দেউতাক-আইতাকক নিজৰ ওচৰলৈ লৈ যাবলৈ হাতযোৰ কৰে অথচ ৰাতিপুৱাৰ লগে লগে সাজু হয় আকৌ এখন জীৱন যুদ্ধৰ সন্মুখীন হ’বলৈ...

 ৰাস্তা বনোৱা বিহাৰী সম্প্ৰদায়ৰ ঠিকাদাৰজনে প্ৰথমদিনা খোৱা পানী বিচাৰি আহিছিল যদিও পিছলৈ ঘৰখনত চাহ খোৱা পৰ্যায় পালেগৈ... সদায় দুপৰীয়া বনুৱাকেইটাই ভাত খোৱা সময়তে সি আহি মামীয়েকৰ লগত কথাৰ মহলা মাৰিব আৰম্ভ কৰে যি পিছলৈ ফুচফুচনিত পৰিণত হয়. দুপৰীয়া নৈৰ পাৰত কাপোৰকিটা ধুই পানীভৰ্তি কলহটো লৈ আনি পিছফালেৰে ঘৰ সোমাব লওঁতেই স্পষ্টকৈ শুনিছিল তাই মামীয়েক আৰু ঠিকাদাৰৰ কথাবোৰ... ৰাষ্টাৰ কাম শেষ হোৱাৰ লগে লগে এক মোটা ধনৰ বিনিময়ত ৰূপাক লগত লৈ যোৱাৰ কথা শুনি ৰূপা জ্বৰ ঘামে ঘামিছিল... চিঞৰি কান্দিব নোৱাৰি কাপোৰেৰে মুখত সোপা দি দি কান্দিছিল কিন্তু জানিছিলে ৰূপাই তাইক ইয়াৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই..

 মৃত্যুৰ আগতেই বৰপুত্ৰৰ কিবা এক গতি লাগিলে শান্তিত চকু মুদিব পাৰিব বুলি ভবা সাৰদা বুঢ়ীয়ে শেষত পুত্ৰৰ সংসাৰ পাতি দিয়াৰ সিদ্ধান্ত ল’লে যদিও বুঢ়ীয়ে ভালদৰে জানিছিল ত্ৰিভূবন ঘূৰিলেও বুঢ়ীয়ে বৰপুত্ৰৰ বাবে পাত্ৰী বিচাৰি নাপায়... কোনো পিতৃ-মাতৃয়ে নিজ সন্তানক মানসিক জ্ঞান নথকা মানুহ এজনক গটাই নিদিয়ে.. তথাপিও আশা এৰি নিদি বহু বিচাৰ খোচাৰ কৰাৰ অন্তত বুঢ়ীয়ে ৰূপালৈ মন মেলিলে... কথা পাতিয়েই মামীয়েকৰ চৰিত্ৰৰ উমান পাই বুঢ়ীয়ে ঠিকাদাৰে দিয়াতকৈ দুগুণ টকা দি কিনি ল’লে ৰূপাক... তেতিয়ালৈ ভাবী স্বামীৰ বিষয়ে একো নজনা ৰূপাৰ বাবে সাৰদা বুঢ়ী ভগৱান হৈ পৰিল... অনুষ্টুপীয়াকৈ বিয়া পাতি ৰূপাক লৈ অনা হ’ল অঞ্জনৰ পত্নী গাঁওবুঢ়াৰ ঘৰৰ দ্বিতীয় বোৱাৰী কৰি...

 কোনোপধ্যেই নিজৰ এই সত্তা এৰি দিব নোৱাৰে হেমলতাই... ৰূপাক বিয়া পাতি অনা দিন ধৰি হেমলতাৰ চকুৰ টোপনি হৰিল... আনহাতে বিয়াৰ পিছত গিৰিয়েকৰ কথা জানিব পাৰি ৰূপাৰো টোপনি নহা হ’ল... তাই শাহুৱেকৰ ওপৰত এনে এক পুত্ৰলৈ বিয়া পাতি অনা বাবে খং কৰিব নে সেই ঠিকদাৰটোৰ হাতৰ পৰা বচায় অনা বাবে তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ব একো ভাবি নোপোৱা হ’ল... তথাপিও এয়ে ভাগ্যৰ লিখন বুলি মানি ল’লে... ইয়াত তাই বোৱাৰী, পত্নীৰ মৰ্য্যাদা পাইছে, এমুঠি ভাত পাইছে, গাঁৱৰ এখন প্ৰভাৱশালী ঘৰৰ বোৱাৰী হৈছে, যিখন ঘৰৰ এইজনমত তাই কাহানিও যোগ্য নহয়... সেই ঠিকাদাৰটোৰ হাতত পৰিলে তাই তাৰ পত্নী হৈ থাকিল হয় নে তাইক নি সি ক’ৰবাত বেচি দিলে হয় এইলৈ শিহৰিত হৈ পৰিল ৰূপা... কিন্তু ৰূপাৰ দুখৰ অন্ত পৰা নাছিল... বিয়াৰ এমাহনহওঁতেই সাৰদাই পুত্ৰচিন্তা বোৱাৰীৰ হাতত দি এই সংসাৰ এৰি গুচি গল... মুকলি হৈ পৰিল হেমলতাৰ অত্যাচাৰৰ দুহাত... দুদিনতে ৰূপা কৰা মানুহৰ সমপৰ্যায়ৰ হ’ল... হেমলতাৰ লগত এষাৰ কথা পাতিলেও দহবাৰ চিন্তা কৰিব লগা হ’ল ৰূপাই... স্থান আৰু ভাতমুঠি হেৰুৱাৰ ভয়ত ৰূপাই নীৰৱতা অৱলম্বন কৰিলে... দেওৰকৰ কৃপাত কোনো মতে দুবেলা দুসাজ খাই জীয়াই থাকিল ৰূপা আৰু নিজৰ শুশ্ৰূষাৰে জীয়াই ৰাখিলে গিৰিয়েকক...

 প্ৰথম পুত্ৰ, নয়নৰ মনি। হিয়াৰ আমঠু। মূৰত থ’লে ওকনিয়ে খাব, মাটিত থ’লে পৰুৱাই, চকুৰ কালৰ দৰে আদৰৰ নিৰঞ্জনৰ ককায়েক, ৰূপাৰ স্বামী অঞ্জন। সৰুৰে পৰাই মানসিকভাৱে অক্ষম অঞ্জনক সকলো সুখ দুখ,ভাল বেয়াৰ পৰা বচাই মৰমেৰে আৱৰি ৰাখিছিল মাক সাৰদাই। তাৰ বাবে দ্বিতীয় পুত্ৰৰ প্ৰতি থকা দায়িত্বৰ পৰাও গা এৰা দিছিল... অঞ্জনৰো নিৰাপত্তাৰ এখন বহল আকাশ আছিল মাক সাৰদা। মাক আঁতৰি গল, অঞ্জনে নাকান্দিলে... কিন্তু ৰাতি যেতিয়া মাকক বিচাৰি চিঞৰ-বাখৰ কৰি বস্তু বাহানি ভাগি বলিয়ামি কৰাত ভায়েকে টাঙোন লৈ মাৰিব উদ্যত হ’ল প্ৰথমবাৰৰ বাবে। খঙাল ভায়েক, জায়েকৰ সন্মুখত নিৰ্ভীকতাৰে থিয় হৈ নিজ গিৰিয়েকক ৰক্ষা কৰিলে ৰূপাই। মাকৰ পিছত ৰূপাৰ আঁচলৰ তলত নিৰাপত্তা পালে অঞ্জনে...।

 দিন গল, ৰাতি গল, দিন বাগৰিল লাহে লাহে মাহ বছৰ। দিনৰ দিনটো ঘৰখনত গেবাৰি খাটি অঞ্জনৰ আপদাল কৰি দিন গৈ থাকিল ৰূপাৰ... সহজ হৈ পৰিল ৰূপাৰ লগত অঞ্জন। কিন্তু এদিন ৰাতি কোনো কথাৰ আওভাও নোপোৱা অঞ্জনে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড