পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৩

নিয়তিৰ খেল

ৰীমা কলিতা চুবেদাৰ

 কিনকিনিয়া বৰষুণজাক মূৰত লৈয়ে কাউৰীয়ে কা নকৰোতেই জেতুকীয়ে খৰখেদাকৈ খোজ ললে আনটো চুবুৰীলৈ.. আগদিনাই কৈ থোৱাধৰণে জীয়েক হেমলতাইও দুৱাৰখন কানি দুৱৰীকৈ খুলি থৈছে... মানুহজনে কথা দিছে... আজি অমাৱস্যা... আজিয়েই কামটো কৰিলে কাম হোৱাটো এশ শতাংশই খাটাং....

 সামান্য দুৱাৰখন ঠেলি সোমাই আহিল জেতুকী.. হেমলতাইও মাকৰ বাবেই উৎকণ্ঠাৰে বাট চায় আছিল... বৰষুণৰ কনিকাই সামান্য ভিজাই পেলোৱা মুখ আৰু হাত দুখন মচি মচিয়েই বুঢ়ীয়ে আদেশৰ সুৰতেই জীয়েকক আজি ৰাতিয়েই কামটো সমাধা কৰিব ক’লে.. ৰঙা চাহৰ বাটিতো আগবঢ়াই জীয়েকে মূৰটো দুপিয়ালে মাথোঁ... আগতেও এইকামত সিদ্ধহস্ত মাক জীয়েক,তথাপিও গৰম নথকা স্বত্তেও বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল হেমলতাৰ মুখমণ্ডলত..

 নীৰেনৰ জীয়েক বুলি কোনোদিনে গাঁৱৰ মানুহে সিহঁত তিনিজনী বায়েক ভনীয়েকক সম্বোধন কৰা নাছিল... দেউতাকৰ নামৰ পিছত লগাই দিছিল নীৰেন মদাহী শব্দটো.. দিনৰ দিনটো লোকৰ বাহী বন কৰি মাক জেতুকীয়ে সিহঁতক ডাঙৰ-দীঘল কৰিছিল.. বিনিময়ত পাইছিল গিৰিয়েকৰ ককৰ্থনা, চৰ, লাঠ আদি... তথাপি তিনিজনীকৈ ছোৱালী বুকুত সাৱটি ডাঙৰ কৰিছিল... তথাপিও অলপ যেন বেছি আদৰৰ আছিল হেমলতা... মাক জেতুকীৰ ঠাঁচতে গঢ় লোৱা হেমলতা দিন যোৱাৰ লগে লগে গাঁৱখনৰে চৰ্চাৰ বিষয় হৈ পৰিছিল.. কিছু যেন সুবিধাবাদী হৈ পৰিছিল হেমলতা... ভালকৈয়ে জানিছিল তাই নতুনকৈ দোকান দি ব্যৱসায়ত দোপতদোপে আগবঢ়া হেমন্তৰ পৰা গাঁৱৰ স্কুলখনত নতুনকৈ জইন কৰা শিক্ষক অৰুণলৈকে বহুজনৰ চকু তাইৰ ৰূপত... সেয়ে তাইও কিছু মিঠা মিঠা কথাৰে বহু সুযোগ সুবিধা আদায় কৰিছিল এনেলোকৰ পৰা..

 দুটা পুত্ৰৰ এটা যিদৰে সকলোফালে আগৰণুৱা আছিল আনটো আছিল মানসিকভাৱে কমজোৰ.. সেয়ে ডাঙৰ পুত্ৰৰ চোৱাচিতাৰ ফলত সৰু পুত্ৰৰ যাতে আপডালত কোনো হেঙাৰ আহি নপৰে তাৰবাবেই উপেন গাঁওবুঢ়া আৰু তেওঁৰ পৰিবাৰে সৰুপুত্ৰক মোমায়েকৰ ঘৰলৈ পঠিয়াই দিছিল... শিক্ষকতা সম্পূৰ্ণ কৰিয়েই নিজ ঘৰলৈ উভতি অহা চফল ডেকা নিৰঞ্জনৰ চকুত পৰিল হেমলতা.. চকুত পেলায়ে ক্ষান্ত নাথাকি নিৰঞ্জন হেমলতাৰ প্ৰেমত পৰিব ধৰিলে... হেমলতাৰ বাবে সহজ হৈয়ে পৰিল ধনীৰ দুলালক নিজৰ প্ৰেমত হাবুডুবু খুৱাবলৈ... হেমলতাৰ ঘৰলৈ সঘনাই আহ যাহ হোৱাত গাঁৱৰ কিছুলোকৰ ফালৰ পৰা আপত্তি আহিব ধৰিলে, যিহেতু ইতিমধ্যে হেমলতাৰ চঞ্চল মন, সুবিধাবাদী চৰিত্ৰৰ উমান সকলোৱে পাইছিল... ঠিক তেনে সময়তে অকাল মৃত্যুত দেউতাকক হেৰুৱাই গাঁওবুঢ়াৰ দায়িত্ব মূৰপাতি লোৱা নিৰঞ্জনেই হৈ পৰিল ঘৰখনৰ সৰ্বেসৰ্বা.. কোনো লোকৰে আপত্তি নজৰিল তাৰ আগত হেমলতাক নিজৰ কৰি লোৱাত... জেতুকী বুঢ়ীৰ লগতে ঘৰখনে যেন হাততে স্বৰ্গ ঢুকি পালে.... হেমলতাৰ বিয়াৰ এটা বছৰ নৌঘূৰোতেই তাইৰ মাতৃগৃহ চকুত লগ ধৰণে সলনি হৈ গল... দুবছৰ পিছতেই এগৰাকীক উলহ মালহেৰে বিয়া দি এঘৰলৈ উলিয়াই দি আনজনী ভনীয়েকক কলেজত পঢ়িবলৈ পঠোৱা হল...মুঠৰ ওপৰত হেমলতাক জন্ম দি যেন সাৰ্থক হৈ পৰিল জেতুকী বুঢ়ী...

 গাঁওবুঢ়াৰ দায়িত্বৰ লগতে নানানধৰণৰ ব্যৱসায়ৰে নিৰঞ্জনে যিদৰে দিনে দিনে উন্নতিৰ জখলাত বগাব ধৰিলে ঠিক তাৰ বিপৰীতে হেমলতা হৈ পৰিল প্ৰচণ্ড অভিমানী, গোঁৱাৰ... মানুহক মানুহ বুলি গণ্য নকৰা হ’ল হেমলতাই... কেৱল তেতিয়াৰ দিনতেই দু-শ্ৰেণী বেছি পঢ়া নিৰঞ্জনৰ মাকক কিন্তু হেমলতাই লৰাব নোৱাৰিলে... কিন্তু হেমলতাৰ ৰূপ দেখি বৰপুত্ৰক লৈ চিন্তিত হৈ পৰিল শাহুৱেক সাৰদা.. তেওঁৰ পিছত বৰপুত্ৰৰ অন্ধকাৰ ভৱিষ্যতে খুলি খুলি খাব ধৰিলে তেওঁক... এতিয়াও ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ পৰলৈ সকলো কামতে মাকৰ আচলত লাগি থকা লৰাটোৰ চিন্তাই যেন অলপ সময়ৰ বাবে হলেও নিৰ্ভীক সাদাক জোকাৰি পেলালে...

 তিনিমাহ ধৰি গাঁৱৰ ৰাস্তাটোৰ পকী কাম কৰি আহি ৰূপাহঁতৰ ঘৰৰ পৰা দুঘৰমান আগত কাম কৰা বনুৱাখিনিয়ে তম্বু

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড