পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১২

ইতিমধ্যে কুঁৱলীয়েও ডিগ্ৰীত নামভৰ্তি কৰিছে। পলাশ আহিব বুলি শুনি তাই কতো ঠিৰেৰে থাকিব পৰা নাই। সি বা কুঁৱলীৰ কথা ভাবে নে নাই? নে তাইৰ কথা সি সমম্পূৰ্ণ পাহৰি গৈছে। এইবোৰ ভাবি ভাবি তাই কেতিয়ানো কলেজ পালে ধৰিবই নোৱাৰিলে।

 সন্ধিয়া পলাশ কুঁৱলীহঁতৰ ঘৰলৈ আহিল। কুঁৱলীৰ মাকে চাহ জলপান দিলে। মাকে তাক একেবাৰে ভাত খাইহে যাবলৈ ক’লে। ভাত-পানী খাই সি যাবলৈ ওলাল। কুঁৱলীৰ কিবা এটা লাজ লাগিল তাৰ আগত ওলাব। পলাশে তাইক মাতলগাবলৈ তাইৰ ৰুমলৈ সোমাই আহিল।

 ..কুঁৱলী... মাত লগালে পলাশে। চক খাই উঠিল কুঁৱলী পলাশৰ মাতত। আস... একেই আবেগভৰা মাত। যি মাতৰ প্ৰেমত পৰিছিল তাই। সি তাইৰ ওচৰত গৈ বহিলে। তাইৰ হাতখন তাৰ হাতৰ মুঠিত লৈ সি ক’লে –

 ...ময়ো ভালপাওঁ তোক দেহা। তাই লাজতে মূছকছ গ’ল। দুই-এদিনতে মা তহঁতৰ ঘৰলৈ আহিব। তোক মোৰ লগত বিয়া দিয়েনে নাই সুধিবলৈ। এইবুলি কৈ সি তাইক আঙঠি এটা পিন্ধাই দিলে। তাইৰ মনটো আনন্দত নাচি উঠিল। লাহে লাহে কুঁৱলী পলাশৰ বুকুৰ মাজলৈ সোমাই গ'ল। দূৰত এটা গান বাজি আছিল।

 ৰুণ জুণ নূপূৰ বাজে। পলাশ আৰু কুঁৱলীৰ হৃদয়তো সেই সুৰ আন্দোলিত হ’ল।



অৰ্ধ আকাশ হ’ল মোৰ এনে এক সংগী যাৰ জৰিয়তে মই মোৰ জীৱনত হাঁহি, ধেমালি, সাহস,আত্মবিশ্বাস,স্বাৱলম্বিতাৰ মনোভাৱ,বহুতো নজনা কথা জনা ইত্যাদি সকলোবোৰ পাইছো,তদুপৰি নানা ঠাইৰ সখীসকলৰ লগত চিনাকি হোৱাৰ এক সুন্দৰ সুযোগ পাইছো।

—কবিতা নেওগ-

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড