পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১১

ৰুণজুণ নুপূৰ বাজে

বঞ্জু হালৈ মুনি


 ৰাতিপুৱাৰ পৰা ব্যস্ত কুঁৱলী। কাৰণ আজি পলাশ আহিব চহৰৰ পৰা। আস... পলাশৰ নামটো মনলৈ অহাৰ লগে লগে কুঁৱলীৰ ওঁঠৰে মিঠা হাঁহি এটি বাগৰি গ'ল। লীন যাব খোজে তাই এই নামটোত। কি যাদু আছে পলাশৰ! যি তাইক তাৰ প্ৰতি সদায় আকৰ্ষিত কৰি আহিছে। এইয়াই প্ৰেম নিকি। ৰাতিপুৱাৰ এই সময়খিনি কুঁৱলীৰ নিজৰ সময়। সাধাৰণতে ঘৰখনৰ মানুহবোৰ দেৰিকৈ টোপনিৰ পৰা উঠে। দেউতাকে অৱশ্যে সোনকালে উঠে যদিও ফুৰিবলৈ যায়। কুঁৱলীয়ে সদায় সোনকালে উঠে আৰু উঠিয়ে তাইৰ প্ৰথম কাম হ'ল পাৰকেইটাক চাউল চটিয়াই দিয়া। তাৰ পিছত বাঢ়নীতাৰ লৈ তাই চোতাল-ঘৰ সাৰি মুখ-হাত ধুই মানে দেউতাক ফুৰি আহি পায়। এইখিনি সময়ত কিন্তু সদা পলাশ তাইৰ মনতে থাকে। পলাশৰ কথা ভাবি ভাবি কেতিয়ানো তাই কামবোৰ সামৰে নিজেই নাজানে।

 ঘৰখনৰ একমাত্ৰ ছোৱালী কুঁৱলী। মাক-দেউতাক আৰু ককায়েক দুজনৰ লগতে গাঁওখনৰ ভিতৰতে চহকী পৰিয়াল কুৱলীহঁতৰ। খেতি-বাতি, গৰু-মহ আদিৰে এখন নদন-বদন ঘৰ। বছৰৰ বাৰ মাহে কাম কৰা মানুহ, আলহী-অতিথিৰে ঘৰখন গিজ গিজাই থাকে। সৰুৰে পৰা পঢ়া-শুনা, কবিতা আবৃত্তি কৰা আদি সকলোতে চোকা কুঁৱলী। বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত কুঁৱলীয়ে প্ৰত্যেক বছৰে শ্ৰেষ্ঠ আবৃত্তিকাৰৰ বটা আজুৰি আনে। তাইক সকলো ক্ষেত্ৰতে অনিশে প্ৰেৰণা একে গাঁৱৰে পলাশে।

 পলাশ... এৰা পলাশ। কুঁৱলীতকৈ দুটা শ্ৰেণী ওপৰৰ পলাশ আছিল অত্যন্ত মেধাৱী। দেউতাক নোহোৱা পলাশক মাকে ইঘৰে-সিঘৰে কাম কৰি বৰ কষ্টেৰে ডাঙৰ-দীঘল কৰিছিল। পলাশৰ মাকে কুঁৱলীহঁতৰ ঘৰতে বেছিকৈ কাম-বন কৰিছিল। কুঁৱলীৰ মাকে ইটো-সিটো বস্তুৰে পলাশৰ মাকক সহায় কৰি আহিছিল। মাজে মাজে সি কুঁৱলীৰ পঢ়া চাই দিছিল। কুঁৱলীয়ে কিন্তু পঢ়াৰ মাজতে কবিতা আবৃত্তি কৰিবলৈ ধৰে। আকৌ তাৰ ধমকিত তাই পুনৰ পঢ়াত মন দিয়ে। বিদ্যালয়লৈ গ'লেও তাই সদায় পলাশৰ লগতে গৈছিল। পলাশে কিন্তু সদায় দূৰত্ব বজাই ৰাখিব বিছাৰিছিল। কাৰণ সি জানে কুঁৱলীহঁত ডাঙৰ মানুহ। গতিকে বেছি হলিগলি নকৰাই ভাল। কুঁৱলীৰ কিন্তু সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। তাই পলাশৰ লগত থাকি বেছি ভাল পাইছিল। ক্ৰমান্বয়ে তাই পলাশৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। খাওঁতে-শুওঁতে কেৱল পলাশৰ কথাই ভাবি থকা হৈছিল। তাই ভাবিছিল, এয়াই প্ৰেম নিকি? পলাশক দেখিলে বুকুখন ধপ ধপাইছিল। পলাশ ওচৰলৈ আহিলে তাই একো ক'ব পৰা নাছিল। গাল দুখন ৰঙা হৈ পৰিছিল। অজানিতে পলাশক দেখিলে তাইৰ লাজ লাগিছিল।

 সেইবাৰ পলাশহঁতৰ শ্ৰেণীটোৰ বিদ্যালয়ত শেষ বছৰ আছিল। ইতিমধ্যে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনো আহিল। অধিৱেশনৰ পিছতে পলাশহঁতৰ বিদায় সভা। কুঁৱলীয়ে কিন্তু মনে মনে চিন্তিত হৈ পৰিছিল। কাৰণ মেট্ৰিক পাছ কৰাৰ পিছতে পলাশ চহৰলৈ যাব। পলাশৰ মোমায়েক এজন চহৰত থাকে। তেওঁৱে পলাশক লৈ যাব। গতিকে কুঁৱলীয়ে মনতে ভাবিলে যে যেনেকৈ নহওক কিয় তাই এইবাৰ পলাশক তাইৰ মনৰ বতৰা দিব। বাৰ্ষিক অধিৱেশন শেষ হওঁতে সন্ধিয়া লাগিছিল। পলাশে কুঁৱলীক ঘৰলৈ আগবঢ়াই থবলৈ আহিছিল।

 ...কুঁৱলী মই পৰীক্ষা দিয়েই চহৰলৈ যামগৈ। তই ভালকৈ পঢ়া-শুনা কৰিবি।

 ...অহ বুলি কৈ কুঁৱলীয়ে পলাশে কিবা কোৱাৰ পূৰ্বে তাক জোৰকৈ সাৱটি ধৰি তাৰ বুকুৰ মাজত ফেকুৰি উঠিছিল।

 ..তই মোক এৰি নাযাবি পলাশদা। মই তোক খুব ভালপাওঁ। কুঁৱলীয়ে কান্দি কান্দি কৈছিল।

 ঘটনাৰ আকস্মিকতাত বাকৰুদ্ধ হৈ পৰিছিল পলাশ। চকুৰপানীমচি-মচি কুঁৱলী ঘৰৰ ভিতৰলৈ সোমাই গৈছিল। আৰু পলাশ একে স্থানতে স্থানুৰ দৰে ৰৈ গৈছিল।

 সেইদিনাৰ পৰা পলাশে কুঁৱলীক দেখা দিয়া নাছিল। মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি পলাশ

গুচি গৈছিল চহৰলৈ। সম্পূৰ্ন পাঁচ বছৰৰ মূৰত সি গাঁৱলৈ আহিব। ডিগ্ৰী পাছ কৰি সি নতুনকৈ চাকৰিত জইন কৰিছে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড