পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৭

 ডাক্তৰে কৈ থকা কথা খিনি শুনি তাই মাকলৈ চালে। চাদৰৰ আচলৰে মুখ ঢাকি তাইৰ চুলিত হাত বুলাই থকা মাকে তাই চোৱাৰ লগে লগে উঠি গুচি গ’ল। যেন তাইৰ পৰা পলাব খুজিছে। “মামী, ডাক্তৰে ক’লৈ নিয়াৰ কথা কৈছে। সোণ বাহিৰতে আছে নেকি। মাতি দিবচোন।”

 “আমি এতিয়া ঘৰলৈ যাম। সোণ তাতেই আছে। তোৰ কাৰণেই ৰৈ আছে সি।” মুখ টিপি টিপি চলচলীয়া চুকুৰে কোৱা মামীয়েকৰ কথাত ৰীণাৰ বুকুখন আকৌ ধান বনাদি বানিবলৈ ধৰিলে।

 “সোণ ঘৰলৈ কিয় গ’ল। অলপ আগতে সিতো বাহিৰতে থাকিম বুলি কৈ গৈছে মোক।”

 “ধৈৰ্য ধৰক বাইদেউ। এতিয়া এই কেঁচুৱাটোৱেই আপোনাৰ সোণ” নাৰ্চগৰাকীৰ কথাত ৰিণাই চিৎকাৰ কৰি উঠিল।

 “কিয়, কি হল সোণৰ... সিতো অলপ আগতে মোৰ ওচৰলৈ আহিছিল। ইয়াতে বহি কথা পাতিছিল।”

 তাইক বুকুৰ মাজত সুমুৱাই মামীয়েকে ক’লে – “আই অ, ধৈৰ্য ধৰ। সি অহা নাই। তোৰ ভুল হৈছে। সি আৰু কেতিয়াও নাহে।”

 “কিন্তু.. কিয়... কি হ’ল সোণৰ..

 “ৰাতিপুৱা মাছ মাৰিবলৈ যাওঁতে দ-খাৱৈত পৰি গ’ল অ সি।”

 মামীয়েকে আৰু কি ক’লে ৰীণাৰ কাণত নোসোমাল।

(5)

 কেঁচুৱাৰ কান্দোন শুনি ৰীণাই চকু মেলিলে। প্ৰেচাৱ কৰি তিয়াই পেলোৱা কাপোৰখন লাহেকৈ সলাই দিলে। কাষতে শুই থকা মাক টোপনি গৈছে। অন্ধকাৰ কোঠাটো সামান্য পোহৰ কৰি ৰখা চাকিগজত চকু পৰাৰ লগে লগে বুকু ভেদি কান্দোনটো তাইৰ আকৌ ওলাই আহিল।

 কান্দোনৰ শব্দত মাক আৰু কেঁচুৱাটো সাৰ পাই বুলি গাৰুটোত মুখখন গুজি দিলে ৰীণাই। কি যে হৈ গ’ল... কি হ’ব লগা আছিল... কি হ’ল... ভগৱান তোমাৰ কি লীলা এইবোৰ... তোমাৰ নামতেই বলীয়া মানুহটোক তোমাৰ কাষলৈ ইমান সোনকালে কিয় লৈ গ’লা...

 এই এমাহ চকু মুদিয়েই পাৰ কৰা যেন লাগিল তাইৰ। চোতালৰ মাজতে বগা কাপোৰেৰে ঢাকি ৰখা মানুহটো... ভৰিৰ বুঢ়া আঙুলিৰে মুছি পেলোৱা তাইৰ জীৱনৰ ৰঙা ৰংটো.. মানুহবোৰৰ সমবেদনা... মাজে মাজে মাকে কেঁচুৱাটোক তাইৰ কোলাত দি পিয়াহ খুৱাবলৈ দিয়া. বগা সাজযোৰে তাইক মেৰিয়াই পেলোৱা.. এইবোৰ কিবা সপোন দেখা নিচিনাহে। লাগিছে তাইৰ।

 “কিমাননো কান্দি থাকিবি আৰু তই। এই এমাহত বহুত কান্দিলি। এতিয়া এই পোনাকণৰ কথা চিন্তা কৰ।”

 মূৰত হাত বুলাই মাকে কোৱা কোৱা কথাকেইটাত হেঁচি ৰখা দুখবোৰ পাৰ ভাঙি ওলাই আহিল। মাকৰ বুকুৰ মাজত সোমাই নিজকে সৰু ছোৱালীজনীৰ দৰে লাগিল তাইৰ।

 মাকে তাইক সাৱতি ধৰি কলে,“মই কাইলৈ যামগৈ। তোক এনেকৈ এৰি থৈ যাবলৈ অলপো মন যোৱা নাই। কিন্তু যাবটো লাগিবই। বোৱাৰীজনীৰো এতিয়া তেনে অৱস্থা। সকলো কাম আজৰি হ’লে তোক ঘৰলৈকে ভাইটিয়ে লৈ যাম বুলি কৈছে’’৷

 “মা...” ৰীণাৰ আজি প্ৰথম মাত ফুটা যেন লাগিল।

 “আই, সমাজৰ সকলো মানুহ একেই নহয়। বহুতৰ বহু কথা শুনিবি। সাহস নেহেৰুৱাবি। শাহুয়েৰৰ খং বেছি যদিও মনটো ভাল। তেওঁৰ কথা শুনি চলিবি। পোনাকণেই এতিয়া তোৰ সাহস, তোৰ জীৱন। তাৰ চকুলৈ চাবি। তাক মানুহ কৰিব লাগিব তই।”

 মাকৰ মুখলৈ চাই ৰীনাই কৈ উঠিল,“সোণ কিয় গুচি গল অ মা...”

 দুইজনী মাক জীয়েকে ইজনীয়ে আনজনীক সাৱটি ধৰি কান্দোনত ভাগি পৰিল।

 ৰীণাই মুখেৰে মাতিবলৈ পাহৰাৰ দৰে হৈছে। নকৰিলে নোহোৱা কাম কেইটাকৰি পোনাকণক সাৱটি সোণৰ ফটোখনৰ

সন্মুখত বহি থকাই তাইৰ কাম।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড