পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৮

 কথাৰ মহলা মাৰি ভালপোৱা শাহুয়েকজনীও এইকেইদিনতে মৌন হৈ পৰিছে। প্ৰয়োজনীয় কথাকেইটাহে কয়। তাই কন্দা দেখিলে মাত্ৰ মূৰত হাত বুলাই দি পোনকণৰ মুখলৈ চাবলৈ কয়। ৰাতিও তাইৰ কাষৰ বিছনাখনতে শোৱা মানুহজনীৰ মুখলৈ চাবলৈও ৰীণাৰ কিবা ভয় ভয় লগা হৈছে।

 গাঁৱৰ মানুহখিনিও কেইদিনমান অলপ বেছিকৈয়ে সিহঁতৰ খবৰ লবলৈ আহি আছিল। গাঁৱৰ মহিলাবোৰেও তাইক সান্ত্বনা দিয়াৰ চলেৰে যেন বহু কথাই কৈ যায়।

 সোণৰ বিয়া দিয়া ভনীয়েকজনীৰ লগতহে সিহঁতবোৰে বেছি কথা পাতে। এইকেইদিনতে ৰীণাই তাইৰ জীৱনত সন্মুখীন হ’বলগীয়া যুদ্ধখনৰ যেন উমান পাই গৈছে।

 পুৱাৰ ঘটনাটোৱে তাইক কথাবোৰ অলপ বেলেগকৈ ভাবিবলৈ বাধ্য কৰিছে।

(6)

 পোনাকণৰ গাটো ভাল নহয়। ৰাতিটো ভালকৈ টোপনি যোৱাই নাই। ঠান্ধাও পৰিছে। শাহুয়েকে নহৰু তেল গৰম কৰি তাক মালিচ কৰি দিছে।

 চোতালৰ মাজতে থকা প্ৰকাণ্ড আম গছজোপাৰ বাবে সিহঁতৰ ৰূমটোৰ লগতে বাৰাণ্ডাখনত ৰ’দ একেবাৰেই নুঠে। পোনাকণৰ গাত ৰ’দ অকণ লগাওঁ বুলি ৰীণাই নঙলাৰ কাষৰ ৰ’দঘাই ঠাইখিনিতে তাক কোলাত লৈ নিচুকনি গীত এটি গুণগুণাই আছিল।

 “বাঃ বাঃ... তাইৰ ফুৰ্তি চোৱা। দাদা ঢুকোৱা কেইদিননো হৈছে... একেবাৰে বাটৰ মানুহক গা দেখুৱাই গান গাব পৰা হ’লেই। নিলাজ... কুলক্ষনী... তহঁত মাক-পুতেকেই দাদাক শেষ কৰিলি... সেইটোৱেটো জন্ম হৈয়ে বাপেকৰ মূৰটো খালে।”

 আগদিনা গধূলি অহা সোণৰ ভনীয়েকে বাৰাণ্ডাৰ পৰাই কোৱা কথাকেইটা শুনি ৰীণাই একেকোবে নিজৰ ৰুম পালেগৈ।

 সোণৰ ফটোখনৰ সন্মুখত ৰৈ তাই উচুপি উঠিল।

 ঠাচ... ঠাঁচ... ঠাঁচ...

 উচপ খাই উঠিল ৰীণা..

 “মা, তই মোক আকৌ কিয় মাৰিলি..., বোৱাৰীয়েৰক শাসন কৰ। ঘৰখনটো তাই শেষ কৰিলেই এতিয়া বাকী ৰোৱা মান-সন্মানখিনিও খাব। কুলক্ষণী তাই...”

 “ছিঃ , তই এনে কথা ক’ব পৰা হলি। হ’ব, মোৰ ঘৰৰ কথা মই চিন্তা কৰিম। তই ইয়াত মূৰ ঘমাই লাভ নাই। তোৰ নিজৰ ঘৰখনৰ কথা চিন্তা কৰ।”

 মাক জীয়েকৰ তৰ্ক শুনি ৰিণা ভয়তে চুপ হৈ পৰিল।

 “নাথাকোঁ মই তহঁতৰ ঘৰত। এতিয়াই যামগৈ” বুলি ভনীয়েকে ভিতৰলৈ আহি কান্দি কান্দি বেগত কাপোৰ ভৰাবলৈ ধৰিলে।

 কথাটো বেয়া হোৱা যেন দেখি ৰীণাই দৌৰি আহি ভনীয়েকক হাতত ধৰি নাযাবলৈ কোৱাত তাই উচ্চাট মাৰি কৈ উঠিল – “আঁতৰহ মোৰ চকুৰ আগৰ পৰা... তোৰ দৰে পাপী তিৰোতাৰ মুখ চালেও অমংগল হয়।”

 ইতিমধ্যে বাহিৰত থকা শাহুয়েক ভিতৰলৈ সোমাই আহি গৰজি উঠিল,

 “মাজনী..চুপ থাক তই। এনে কথা ক’বলৈ সাহস ক’ত পালি। শিক্ষা-দীক্ষা লৈ ইয়াকে শিকিছ নেকি। নিজৰ অতীতটোক পাহৰি গলি কিয়? তোৰ এবছৰ নহওঁতেই মই এই বগা সাজযোৰ পিন্ধিছিলোঁ। কত যাতনা, কত অত্যাচাৰ, কিমান কষ্ট সহ্য কৰি তহঁত দুটাক ডাঙৰ কৰিছোঁ। সোণ যে মোৰ পেটৰ সন্তান নহয় সেই কথা মই পাহৰিয়েই গ’লো। সেই নৈপৰীয়া গঞাই মোক ডাইনী সজাই কৰা অত্যাচাৰ চা এতিয়াও মোৰ বুকুত জিলিকি আছে।”

 সেইবুলি শাহুয়েকে চাদৰখন আঁতৰাই চোলাটো টানি খুলি দিয়াত বুকুত পেটত সেৰেলা পাতি থকা দাগবোৰ দেখি দৰ্জাৰ চুকত বহি কান্দি থকা ৰীণা চক খাই উঠিল।

 উঃ কেনে ভয়ংকৰ আছিল সেই অত্যাচাৰ। চকুকেইটা জোৰেৰে ঢাকি ধৰিলে তাই।

 “মোক ক্ষমা কৰি দে অ মা” বুলি মাজনীয়ে মাকৰ গাটো চাদৰখনৰে ঢাকি দি কান্দোনত ভাগি পৰা মাকক সাৱটি

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড