“সন্তানটোৰ কথা ভাব আই... অলপ জোৰ দেচোন... আমি আছোঁ বাহিৰতে..”
মূৰত হাত বুলাই মিৰা পেহীয়ে কোৱা কথাকেইটা শুনি ৰীণাই চকু মেলি দেখিলে, তাই দেখোন হস্পিটেলৰ বিছনাত।
প্ৰসৱ যন্ত্ৰণা দুখৰ নে সুখৰ... তাই একো চিন্তা কৰিব পৰা নাই। এই দিনটোলৈকে ইমান আশাৰে বাট চাই আছিল। দুয়ো...।
সোণে বাৰু এই মুহূৰ্তত তাইক অকলে এৰিব লাগেনে। খঙ এটা উঠি আহিল তাইৰ। সদায় তাইৰ কাষতে থাকিম বুলি কয়, অথচ এইখিনি মুহূৰ্তত নাই। তাক নামাটো মই।
আঃ... কৃষ্ণ প্ৰভু...
সকলো বাধা নেওচি যেন ৰীণাৰ তল পেটটো খালী কৰি এক জীৱন্ত সত্তা তাইৰ দেহৰ পৰা ওলাই আহিল।
কেঁচুৱাৰ কান্দোন.. মানে
“বাইদেউ, আপুনি কৃষ্ণ প্ৰভুৰ নাম ল’লে যে সেইকাৰণে আপোনাক এটা কৃষ্ণ পোৱালিয়ে দিছে দেই” নাৰ্চগৰাকীৰ কথা শুনি তাইৰ মনটো ক্ষন্তেক পোহৰ হৈ পৰিল যদিও সোণৰ কথা মনলৈ অহাৰ লগে লগে আকৌ কান্দোনত ভাঙি পৰিল।
(4)
কপালত তপত চুমাৰ মিঠা পৰশত ৰীণাই চকু মেলি চালে।
“সোণ, তুমি... ক’ত আছিলা ইমান সময়... মানুহবোৰে যে কি কি কৈ আছিল... মই ভয়ে খাইছিলোঁ... আমাৰ এটা ল’ৰা হৈছে.. “তাই উঠি বহিব খোজত সি লাহেকৈ তাইৰ কান্ধত ধৰি শুৱাই দিলে। তাইৰ হাত এখন তাৰ দুহাতৰ বান্ধোনত লৈ সি ক’লে, “মই জানো... তাক চাই আহিছোঁ... বহুত ধুনীয়া আমাৰ ল’ৰাটো.. মইতো মাছ আনিবলৈহে গৈছিলো। আমাৰ ল’ৰা হৈছে , মাছ বিলাব লাগিব।”
“কেঁচুৱাটোক মই ভালকৈ চাবলৈ পোৱাই নাই জানা... নাৰ্চগৰাকীয়ে কোলাত দিছিল যদিও ইমান সৰু যে চাবলৈ ভয়েই লাগিল।”
“ধেৎ আঁকৰীজনী, কেঁচুৱা আকৌ ডাঙৰ কেনেকৈ হ’ব। তই মাকজনীয়ে যদি ভয় কৰ.. মই কেনেকৈ লম... তোৰ বহুত কষ্ট হৈছে ন... এতিয়া আৰাম পাইছ নে...”
“তুমি আহিলা যেতিয়া মোৰ সকলো দুখ কষ্ট নোহোৱা হৈ গ’ল। তুমি সদায় মোৰ কাষতে থাকিবা দেই।”
ৰীণাৰ হাত দুখন তাৰ বুকুৰ মাজত লৈ সি কৈ উঠিল, “সদায় মই তহঁতৰ লগতেই থাকিম। তই অলপ ৰেষ্ট লচোন। মই বাহিৰতে আছোঁ।”
কপালতে চুমা এটা আঁকি সি ওলাই গ’ল।
সি ওলাই যোৱাৰ ফালে চাই থাকি তাইৰ নিজকে কোনোবা দূৰ সাগৰৰ পাৰত অকলে বহি থকা যেন লাগিল। এনে। লাগিল সি যেন সাগৰৰ ঢৌৰ মাজে মাজে গৈ থকা এখনি পাল তৰা নাও...
“কেঁচুৱাৰ জন্মৰ পৰা আঠ চল্লিছ ঘণ্টা মানে কমেও তিনিদিন আমি নিজৰ অবজাৰ্ভেচনত ৰাখো। এইখিনি সময়ত মাক আৰু কেঁচুৱাক বিশেষ যত্ন লোৱাটো প্ৰয়োজন। তাতে কেঁচুৱাটোৰ ওজন অলপ কম আৰু মাকো বহুত দুৰ্বল হৈ পৰিছে।”
হাতত প্ৰেছাৰৰ যন্ত্ৰটো লগাই কথা কৈ থকা ডাক্তৰৰ মাতটো শুনি ৰিণাই চকু মেলি দেখিলে, কাষত মাক, মামীয়েক আৰু কেইবাগৰাকীও মানুহ। ভায়েকে ডাক্তৰৰ লগত কথা পাতিছে।
তাইৰ কোলাত এইয়া...তাইৰেই সন্তান... ন-মাহ গৰ্ভত লৈ ফুৰি সপোন এইটো... আই অ, ইমান মৰম লাগিছে... মাতৃৰ মমতাৰে তাইৰ দুচকু সেমেকি উঠিল। নাৰ্চ এগৰাকীয়ে কেঁচুৱাতোৰ মুখখন পিয়াহত লগাই দিলে। কণমানি মুখখনেৰে গুলপীয়া ওঁঠ দুটা লৰাই লৰাই খাবলৈ চেষ্টা কৰা দেখি তাইৰ বুকুখন আৱেগত নাচি উঠিল। লাহেকৈ সৰু হাত এখন চুই মৰম কৰি দিলে তাই।
“আপোনালোকৰ লগত আমাৰ দুগৰাকী নাৰ্চ যাব আৰু আশা বাইদেউটো আছেই। কেঁচুৱাটোৱে যাতে অলপো কষ্ট নাপাই দেই। কিবা অসুবিধা পালেই লগে লগে লৈ আনিব। মানৱতাৰ খাতিৰত যাবলৈ দিছে। নীতি-নিয়মখিনি শেষ হলেই
এবাৰ লৈ আনিব।”