(2)
আঃ পেটটো দেখোন বেছিকৈ বিষাব ধৰিছে। কিবা এটা যেন তললৈ নামি আহিছে এনে লাগিল তাইৰ। শাহুয়েকক চিঞৰি মাতিবলৈও কিবা জোৰ নাইকিয়া যেন লাগিছে। ইনো আজি ইমান দেৰি কৰিব লাগেনে। পুৱাতে বৰশীটো লৈ ওলাই গৈছে।
মাছ মৰাটো তাৰ পুৰণি নিচা। হাতখন তাৰ ভাল। খালি হাতে কেতিয়াও উভতিব লগা নহয়। যোৱা ৰাতিয়েই সি কৈ থৈছে, “এই মাহটো শুদা ভাত খাই খাই আমনি লাগিছে। দ্বীপেনহঁতৰ হোলাটোলৈ পুৱাই বৰশীটো নিব লাগিব।”
এনেতে কোনোবা এটা ই বাটৰ পৰাই চিঞৰ শুনিলে,“খুৰীদেউ সোন আছে নে?’
শাহুয়েকেনো কি ক’লে তাই শুনা নাপালে। মূৰটো কিবা আচান্দ্ৰাই কৰা যেন লাগিছে। লাহেকৈ বিছনাখনৰ পৰা নামি শাহুয়েকক মাতো বুলি লওঁতেই বিছনাৰ গাৰু শিতানৰ ওপৰতে বন্ধাই আৰি থোৱা সিহঁত দুয়োটাৰ যুগ্ম জীৱনৰ প্ৰথম ফটোখন পৰি থাকিল। তাই হঠাৎ ফটোখন পৰাত উচপ খাই উঠিল। সাধাৰণ জেঠী এটা পাৰ হওঁতেই ফটোখন পৰি ভাঙি যোৱাত ৰীণাৰ সৰ্বশৰীৰ কপি উঠিল। বুকুখনত যেন কোনোবাই জোৰেৰে আঘাত কৰিছে এনে লাগিল তাইৰ। ভয়তে তাইৰ হাত ভৰি চেঁচা পৰি গ’ল। এনেতে বাহিৰত মানুহৰ হুলস্থুল শুনাত তাই ওলাই আহিব ধৰোতেই কাষৰ ঘৰৰ মিৰা পেহীয়ে দৌৰি আহি তাইক সাৱতি ধৰি কান্দিবলৈ ধৰিলে। কি হৈছে তাই একো উমঘামেই পোৱা নাছিল।
ই, সোণৰো এতিয়ালৈকে দেখা দেখি নাই। কলৈনো গ’ল বাৰু আজি??
(3)
কাৰ কি হৈছে পেহী. বুকু ভেদি ওলাই অহা তাইৰ মাতটো কিবা এক গেগনিৰ দৰেহে শুনা গ’ল।
ইতিমধ্যে ৰীণাৰ নিম্নাংশইদি তেজৰ সোঁত ববলৈ আৰম্ভ কৰিছিল। মানুহবোৰৰ গুণগুননি, কান্দোনৰ শব্দত তাই দৌৰি বাহিৰলৈ ওলাই আহিব খুজিছে যদিও শৰীৰটো চোন কিবা এক দাঙিব নোৱাৰা বোজা হৈ পৰিছে।
“এইৰ পানী ভাঙিছে, চিভিল লৈ নিব লাগিব, গাড়ী এখন আন অই..’’
“উঃ উঃ আজিৰ দিনটোত হে এনে হব লাগেনে...”
“হে প্ৰভু, এইবোৰ কি কৰিছা তুমি...’’
“মাকজনীও পাগলী হ’ব এতিয়া...’’
“বাপেকৰ লুইয়ে খেদিছে তাক...’’
কোঠাটোত গোট খোৱা মাইকী মানুহখিনিৰ কথাত ৰীণাই চিঞৰি উঠিল, “কাৰ মাক পাগলী হ’ব... সোণ ক’লৈ গল... উঃ কি হৈছে মোৰ. সোণ... সোণ”
আঃ কিবা এটাই যেন শৰীৰটো খহাই নিছে তাইৰ। এইখিনি সময়ত সোণক লাগে। শাহুয়েক জনীনো ক’লৈ গ’ল আকৌ। “সোণ সোণ... আঃ ই ক’ত আছে”
“ধৈৰ্যধৰ আই, ভগৱানৰ নাম ল... সোণ আহিব... ৰুণো বাইটি আহিছে, তোৰ কাম হৈয়ে যাব এতিয়া”
আধা মেলা চকুৰে তাই দেখিলে, মুখ ধাকি কান্দি কান্দি ৰুণো বাইটিয়ে তাইক চিভিললৈ নিয়াৰ কথা কৈ আছে।
কিয় কান্দিছে সকলোৱে। কিবা নহ’বলগীয়া ঘটনা ঘটিল নেকি? ৰুণো বাইটিৰ দৰে কঠিন বুলি ভবা মানুহজনীয়েও কান্দিছে।
অসহ্য প্ৰসৱ বেদনা লগতে মানসিক যন্ত্ৰণাত কান্দি কান্দি বাউলি হোৱা ৰীণাই মুখেৰে কেৱল বিৰবিৰাই থাকিল। সোণ... সোণ...
কোনোবা কেইজনমানে তাইক ধৰি আনি গাড়ী এখনত তুলি দিলে। ঘৰৰ বাহিৰত ইমানবোৰ মানুহ. শাহুয়েককে দেখোন মাইকী মানুহ কেইজনীমানে
আগুৰি মূৰত পানী দি আছে।
উঃ... আঃ... কি হ'ল বাৰু আজি...
ভগৱান, তুমি কি কৰিছা এইবোৰ... সোণ ক’লৈ গ'ল... সোণ...