পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০

বিভোৰ হৈ থাকোতেই সি ওলাই আহি মোক জপটিয়াই ধৰি বিছনাতে বগৰাই দিলে। মই জানিছিলোঁ সি সুস্থ হৈ থাকিলে তাৰ শাৰীৰিক শক্তিৰ আগত মই হাৰিব লাগিব। গতিকে মই তাক ক'লোঁ, ৰবা আগতে অলপ গাটো গৰম কৰি লওঁ। সিও মান্তি হ’ল, মই আগতেই থৈ দিয়া নিৰ্দিষ্ট গিলাচটোত মদ বাকি তালৈ আগবঢ়াই দিলোঁ। কিন্তু তাৰ যেন সেইদিনা মদতকৈ মোৰ দেহৰ নিচাহে প্ৰয়োজন আছিল। দুচুমুক মান পিয়েই সি মোক পুনৰ বিছনালৈ টানি নিলে। মই ভাৱিলোঁ মোেৰ কাম কৰাৰ এয়াই উৎকৃষ্ট সময়। তাৰ কামনা বাসনা তুংগত উঠিল, তেতিয়াই মই ধাৰাল চুৰিখন ওলিয়াই তাৰ উখিত লিংগত জোৰকৈ ৰেপি দিলোঁ। সি অকস্মাৎ আক্ৰমণত আৰ্তনাদ কৰি উঠিল। মই বহুত ভয় খাইছিলোঁ তেজ লগা চুৰিখন বেগত ভৰাই মই তাৰ অৱস্থালৈ নাচায় বাহিৰ ওলাই কেৱল দৌৰিবলৈ ধৰিলোঁ। সি থকা ঘৰটো ইমানেই জনশূন্য ঠাইত আছিল যে মোক পিছে পিছে খেদিবলৈ বা সন্দেহ কৰিবলৈও কোনো মানুহ নাছিল। মই ভয়ে ভয়ে আহি নিজৰ ৰূম পালো গৈ। অলপ সময় ৰৈ মই বাইদেউৰ ওচৰলৈ গৈ সকলো ক'লোঁ। বাইদেৱে মোক ক'লে তুমি কিয় এনেকুৱা কৰিলা, এতিয়া পুলিচে তোমাক নেৰিব। মই বাইদেউক ক'লোঁ সি যদি মৰিছে মই কাইলৈয়ে গৈ আত্মসমৰ্পণ কৰিম। আৰু যদি নমৰে তেতিয়াহে কি কৰিম জানো। বাইদেৱে মোক ক'লে, যি হ’ল হ'ল বাৰু এতিয়া তুমি সেই ৰূমটো এৰি অলপ দিন আমাৰ ষ্টৰ ৰূমতে থাকা। সি আহিলে মই তুমি ৰূম এৰি গ'লাগৈ বুলি কম। বাইদেউৰ মহানতাত কৃতজ্ঞতা জনালোঁ। ঘটনা ঘটি যোৱাৰ এসপ্তাহৰ পিছতো যেতিয়া কোনো মানুহ মৰাৰ খৱৰ নাপালোঁ তেতিয়া মই নিশ্চিত হলো পাপীটো নমৰিল। তেতিয়া মোৰ ক্ৰমান্বয়ে ভয় বাঢ়িবলৈ ধৰিলে। মই বাইদেউৰ কৃপাত দুমাহমান তাতেই থাকিলোঁ। যেতিয়া দুমাহলৈকে মোক কোনেও বিচাৰি নাহিল, তেতিয়া মই ভাৱিলো সি হয়তো লাজে অপমানে গোপনে গোপনে চিকিৎসা কৰাই ইয়াৰ পৰা আঁতৰি গ'ল। সদায় নিজকে লুকুৱাই ৰাখি মোৰ অশান্তি লাগিবলৈ ধৰিলে, এদিন বাইদেউক কৈ মই বাহিৰলৈ ওলাই আহিলোঁ। তেওঁ মোক বাধা দিছিল যদিও মই সাহসী হৈ উঠিছিলোঁ যি কোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ। মাত্ৰ বাইদেউক ক'লোঁ যাতে মই কিছুদিন নাহিলেও মোৰ বস্তুবোৰ তেওঁ ভালদৰে ৰাখে।মই সেইদিনা বুকুত সাহস বান্ধি ওলাই আহিছিলোঁ জানিছিলোঁ মই বিপদত পৰিব পাৰোঁ কিন্তু ইমান সোনকালে যে পৰিম জনা নাছিলোঁ। মই এঠাইত নিজৰ কাম এটা ঠিক কৰি, নিজৰ প্ৰয়োজনীয় বস্তু অলপ কিনি ঘূৰি অহালৈ সন্ধিয়া লাগিছিল। মই খৰ খোজেৰে ঘৰলৈ বাট পোনালো, কিন্তু নিয়তি সেইদিনা মোৰ পক্ষত নাছিল! হঠাতে এখন বগা ৰঙৰ মাৰুতি ভেন গাড়ী মোৰ কাষতে ৰ'লহি। দুজন ল'ৰাই মোৰ মুখত ধৰি গাড়ীলৈ ছুচৰাই নিলে। মই কিবা কৰিব পৰাৰ আগতেই গাড়ীখন চহৰৰ পৰা জনশূন্যহীন বাটেৰে আহি আহি এটা জৰাজীৰ্ণ ঘৰৰ আগত ৰ’লহি। ওচৰত আৰু কোনো ঘৰ নাই কেৱল লুঙলুঙীয়া বাট এটা আৰু গোটেইখন হাবি। মোৰ ভয়ত অঞ্চকণ্ঠ শুকাই আহিছিল। সিহঁতি আহি মোক ৰূম এটাত ভৰাই বাহিৰৰ পৰা বন্ধ কৰি দিলে। মই জানিলোঁ এয়া কোনে কৰিছে, মোৰ লগত এতিয়া কি ঘটিব পাৰে মই ধাৰণা কৰি কান্দিবলৈ ধৰিলোঁ। ৰাতি ন মান বজাত ৰূমৰ দৰ্জা খোল খালে, মই ভয়াৰ্ত দৃষ্টিৰে চালোঁ হয় সিয়েই হয়। তাক দেখিয়েই মই ভয় পাহৰি খঙতে চিঞৰি চিঞৰি ক'বলৈ ধৰিলোঁ, চালা পাপী তই নমৰিলি, তই কি কৰিবলৈ জীয়াই আছ পাষ | মোক এনেকৈ ৰাখি তোৰ জানো কিবা লাভ হ'ব এতিয়া, তোৰটো পুৰুষাংগই মই কাটি পেলালোঁ।

 - সি খঙতে আহি মোৰ বক্ষত জোৰেৰে চেপি দিলে, কাপোৰ কানি ফালি ছিছিৰ কৰিলে আৰু ক'লে, তই কি ভাবিছ। মহানন্দক ইমান সহজে মাৰিবি পাৰিবি। তোৰ দৰে হাজাৰজনীৰ লগত বিছনা সলাওঁ। চালি তই মোৰ পুৰুষত্ব নাশ কৰিলি, এতিয়া তোৰ লগত মই কি কৰোঁ চাই থাক। প্ৰতিদিনে সাত আঠটা মতাক তই সহিব লাগিব, মই উপভোগ কৰি তোৰ চিকাৰ। কৈ কৈ সি গুচি গ'ল। মই বুজিলোঁ মোৰ সকলো শেষ হ'ল, দাদা বৌৰ দোষীক মই শেষ কৰিব নোৱাৰিলোঁ। সেই দিনৰ পৰাই মোৰ লগত আৰম্ভ হৈছিল নৰকৰ যন্ত্ৰণা, মই মনতে ভাৱি লৈছিলো মই সহি যাম সকলো সহজে হাৰি নাযাওঁ। ৰাতি এঘাৰ মান বজাত প্ৰায় পাঁচটামান ল'ৰা আহিল, ইমান বৰ্বৰ আচৰণ মোৰ লগত কৰিলে মই লিখিবলৈ কষ্ট হৈছে। সেয়া আৰম্ভণিহে আছিল প্ৰতি দিনে নিশাই মোক হিচাপ বিহীনভাৱে বলাক্কাৰ কৰা হৈছিল। খোৱা বোৱা নহৈছিল। সিহঁতৰ কামনা চৰিতাৰ্থ কৰাবলৈ মোক উপৰ্যুপৰি যৌনশক্তিবৰ্ধক দৰৱ খোৱাইছিল। শীৰ্ণকায় মোৰ শৰীৰত তেতিয়ালৈকে কোনো ৰস বাচি থকা নাছিল। মহানন্দ মাজে মধ্যে আহে মোক চায় ৰং লয় আৰু যায়গৈ। এনেকৈয়ে কোনো দিন ৰাতিৰ উমান নোপোৱাকৈয়ে। বছৰে বাগৰ সলাইছিল। মই মাথোঁ মৰি মৰি জীয়াই আছিলোঁ, সদায় ভাবোঁ মই মৰি থকাই ভাল আছিল। কিন্তু নাই মৃত্যু ইমান

সহজলভ্য নাছিল মোৰ বাবে, হয়তো মোৰ লক্ষ বেলেগ আছিল। বছৰ দিন ধৰি বান্ধোনত থাকি আৰু ইমান লাঞ্ছনা ভুগিও মই

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড