পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯

ভনীয়েকৰ লগত যোগাযোগ কৰিছিল। তেওঁলোকে একেষাৰতে মান্তি হৈছিল। ৰেইলব্ৰেত কৰ্মৰত দুয়োজন পতি পত্নী পিছদিনাই আহি বাইদেউৰ ঘৰত উপস্থিত হৈছিলহি। মানুহ দুজনৰ ব্যৱহাৰে মোক নিশ্চিত কৰিলে যে দাদা বৌৰ অংশ সময়ত ভালদৰেই নিজৰ চিনাকি দিবলৈ সক্ষম হব। মোৰ কৰুণ কাহিনী শুনি তেওঁলোকে মোকো লগত যাবলৈ অনুৰোধ কৰিছিল। মই মান্তি নহ'লোঁ কাৰণ মই লগত থাকিলে হয়তো তাই নিজৰ মাক দেউতাকৰ নিগাজীকৈ মৰম বুটলিবলৈ সক্ষম নহ'বও পাৰে, নিজৰ জন্ম কাহিনীৰ লগতে মাক-দেউতাকৰ মৃত্যুৰ কাৰণ গম পাই তাইও আক্ৰোশী হৈ পৰিব পাৰে। মই তেওঁলোকক জনালোঁ যে মই নাযাওঁ। আপোনালোকেও তাইক জানিবলৈ ইচ্ছা নকৰালৈকে একো নজনাব। মাত্ৰ বাইদেউৰ যোগেদি তাইৰ ভাল বেয়া। গম পাই থাকিলেই হ'ব। তেওঁলোকে মোক পইছা দিব বিছাৰিছিল, মই নল'লোঁ কাৰণ মই তাইক বেচা নাছিলোঁ, কেৱল সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ বাবে এহাল মানুহৰ উদং বুকু পূৰাইছিলোঁ। তেওঁলোকে মাইনাক লৈ যোৱাৰ পিছত মই বহুত সময় কান্দিলোঁ। মই মোৰ কামত আগবাঢ়িব লাগে গতিকে তাৰ সন্ধান কৰিবলৈ ধৰিলোঁ। সি ইতিমধ্যে থকা ৰূম সলাইছিল। মই তাৰ মাজতে বি এ পাছ কৰি ওচৰৰে হোটেল এখনত কাউন্টাৰ চম্ভালিবৰ বাবে সোমালোঁ কাৰণ মোৰ জীৱন যাপনৰ বাবে পইচাও প্ৰয়োজন আছিল। ছমাহ মান দিন তাক মই দেখা পোৱা নাছিলোঁ। কিন্তু হঠাতে এদিন আমাৰ হোটেলতেই মই তাৰ সন্মুখীন হ'লোঁ। তাক দেখিয়েই মোৰ এনে লাগিছিল যেন তাক শেষ কৰি দিওঁ। কিন্তু পিছ মুহূৰ্ততে নিজকে সম্বৰণ কৰিলোঁ। তাৰ হয়তো কেইজনমান যুৱকৰ লগত হোটেলতেই মিটিং আছিল। সি মোক দেখি ভয় খাইছিল আৰু আঁৰ চকুৰে মোলৈ চাই আছিল। মই এনেকুৱা দেখুৱালোঁ যেন তাক দেখাই নাই। জানি বুজি এবাৰ সিহঁতৰ কাষেৰেই লন খনলৈ গ'লোঁ। ঘূৰি আহোঁতে তাক হঠাতে দেখা যেন কৰি হাঁহি এটা মাৰিলোঁ। সি যেন সহজ হৈ পৰিল, হয়তু ভাৱিলে মই একোকে গম পোৱা নাই। মই বাট চাই ৰ'লোঁ তাৰ মিটিং শেষ হোৱালৈ মই প্ৰস্তুত কৰিছিলোঁ নিজকে, এনে এজন মানুহৰ লগত অভিনয় কৰিবলৈ যাক মই চাবলৈকো ঘিণ কৰিছিলোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ যাতে মই তাৰ ওচৰত ধৰা নপৰাকৈ অভিনয় কৰি তাক জালত পেলাব পাৰোঁ। উৎকণ্ঠাৰে মই বাট চাই ৰলোঁ, সিও যেন খুউব খৰধৰকৈ তাৰ মিটিং শেষ কৰিলে। ল'ৰা কেইজনক বিদায় দি সি মোৰ কাষলৈ আহিছিল।মই সহজ হোৱা যেন দেখুৱাই তাৰ ওচৰত অভিমান কৰি দেখুৱালোঁ।

 : তুমি ক'ত আছিলা ইমান দিনে, মোৰ ওপৰত কি ঘটি গ'ল তুমি গম পাইছা নে? কিয় মহানন্দ, কিয় মোক ইমান অকলশৰীয়া কৰি পেলালা। মই কান্দি দিলোঁ। সি তেতিয়া ক'লে হঠাতে তাৰ দিল্লী যাব লগীয়া হ'ল। আহি মোক বিচাৰিছিল মই নাছিলোঁ। কি হ’ল নো মোৰ সি জানিব বিচাৰিলে। মই তাক ক'লোঁ এতিয়া ইয়াত নকওঁ। মাত্ৰ জানি লোৱা মোৰ এতিয়া তোমাৰ বাদে কোনো নাই। মই দাদা বৌৰ আৰু মাইনাজনী তিনিও নাই বুলিয়েই তাক জনালোঁ। সি যাবৰ সময়ত কৈ গ'ল তাৰ ঠিকনা॥সি যোৱাৰ পিছতেই ময়ো মোৰ নিজৰ ৰূম পালোঁগৈ৷ কৰিবলগীয়া কামটো মনতে আওৰাই ল'লোঁ। মুখলৈ অজানিতে এটা কূটিল হাঁহি ফুৰ্তি উঠিল। বিছনাৰ তলৰ বাকচটোৰ পৰা বৌ হঁতৰ ফটো ওলিয়াই চালোঁ আৰু ক'লোঁ আজি তোমালোকৰ হত্যাকাৰীৰ শেষ দিন হব।

 মই অ’তদিনে থৈ দিয়া অকণমানি ধাৰাল ছুৰীখন পাইজামাটোৰ ভিতৰত চিলাই লোৱা বেগটোৰ ভিতৰত ভৰাই ল'লোঁ। সন্ধিয়া হোৱাৰ লগে লগে মই তাৰ কোঠালৈ সোমাই গ'লোঁ। তাৰ কোঠালৈ সোমাই যোৱাৰ লগে লগে সি মোক সাৱতি ধৰিলে, মই ক'লোঁ ৰ’বা গোটেই ৰাতিটো পৰি আছে। তোমাক লগপোৱাৰ হেঁপাহতে মই খৰধৰকৈ নোখোৱাকৈ আহিলোঁ। প্ৰথমে খাই লওঁ। সি নিজেই চাহ একাপ আনি দিলে। সি ক'লে ৰীতা মোক বেয়া নাপাবা তোমাৰ দুদিনৰ সময়ত মই তোমাক লগ দিব নোৱাৰিলোঁ মোৰ নিজকে কিবা বহুত দোষী দোষী লাগে। কি বা হ'ল তেওঁলোকৰ লগত। কণমানিজনীও গুচি গ'ল আচৰিত হৈছোঁ শুনি। সি কৈ থাকোতে মোৰ এনে লাগিছিল যেন তাক তেতিয়াই ৰেপি পেলাওঁ কিন্তু তেনে কৰিলে মোৰেই বিপদ হোৱাৰ সম্ভাৱনা বেছি। সি বাৰে বাৰে মোৰ কাষলৈ আহিবলৈ ব্যগ্ৰ হৈ উঠিছিল। মই তাক কলোঁ অলপ গা গৰম কৰা কিবা এটা আনা। সি মোলৈ আঁচৰিত হৈ চালে আৰু ক'লে তুমিও খোৱা আজি কালি। উম মনৰ দুখ পাতলাবলৈ বৰ সহায় কৰে।সি মোৰ দুগালত লাহেকৈ চিকুটি ওলাই গ'ল। মই তেতিয়ালৈকে তাৰ কুকৰ্মৰ কিছুমান নথিপত্ৰ হাত কৰি ল'লোঁ। সি বেছি সময় নকৰিলে হাতত কাগজেৰে মেৰিয়াই অনা বটলটো মোৰ হাতত দি সি বাথৰূমত সোমাল। মই তাৰ গিলাচত আগতেই আনি থোৱা টোপনি যোৱা দৰৱ মিলাই থ'লোঁ মই প্ৰস্তুত কৰিছিলোঁ নিজকে যিকোনো পৰিস্থিতিত তাক আজি শেষ

কৰিবলৈ। মনলৈ একোবাৰ ভয়ো নহা নহয় মুঠতে নিজকে শেষ কৰি হ'লেও তাক আজি কৰ্ম ফল দিমেই। মই ভাৱনাত

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড