পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮১

নমৰিলো।

 ডেৰ বছৰ ধৰি অকথ্য নিৰ্যাতন সহি সহি মোৰ মানসিক আৰু শাৰীৰিক শক্তি ক্ৰমে দুৰ্বল হৈ পৰিছিল। নিজৰ শৰীৰটোলৈকে ঘিণ লগা হৈছিল। মই গাধুবলৈ এৰি পেলাইছিলোঁ, সিহঁতৰ কাৰণে মোৰ মলিয়ণ হৈ পৰা শৰীৰটো চাফা কৰাৰ কোনো অৰ্থ নাছিল। লেতেৰা হৈ থাকিয়েই মোৰ শান্তি লাগিছিল, মোৰ মলিয়ন ৰূপত সিহঁত সুস্থ অৱস্থাত মোৰ কাষলৈ নাহিছিল। মই মাজে মাজে নিজকে পাহৰি যাবলৈ লৈছিলোঁ, সিহঁতক দেখিলেই মাৰিবলৈ খেদি গৈছিলোঁ। মোৰ প্ৰতি সিহঁতৰ আৰু কোনো লালসা নাছিল। মই জানিছিলোঁ যে ক্ৰমান্বয়ে মোৰ মানসিক ভাৰসাম্যতা লুপ্ত হবলৈ ধৰিছে, ইমানতেই যদি মুকলি হ'ব নোৱাৰোঁ তেতিয়া হয়তো পাগলীৰ দৰেই জীয়াই থাকিব লাগিব। আগতে সিহঁতি মোক ভোগ কৰিবলৈ হেতা ওপৰা কৰিছিল, কিন্তু এতিয়া কোনো আহিবলৈ নিবিছৰা হৈছিল। একমাত্ৰ মালিকৰ আদেশ মানিহে মোক ৰাখি থৈছে। মাজে মাজে মহানন্দ আহি মোৰ ৰং চাই যায়হি, পিছলৈ অহাও কমাই দিছিল। মই নিজকে সম্পূৰ্ণ পাগলী সজাই পেলাইছিলো, সিহঁতক কামুৰিবলৈ যাওঁ আৰু নিজৰ গাৰ কাপোৰ খহাই সিহঁতক মাতিবলৈ ল'লোঁ। মোৰ যে একেবাৰেই স্মৃতি শক্তি লোপ পালে তাক জনাই মহানন্দলৈ ফোন কৰিলে। সি দুমাহ মান ৰাখি মোক এৰি দিবলৈ ক'লে। সিহঁতৰ কথা বতৰাত গম পালোঁ, সি ৰাজনীতিত ভৰি দিছে, গতিকে নিজৰ ক্ষমতা বঢ়াবৰ বাবে দিল্লীলৈ গৈছে। মোৰ সকলো আশাত চেঁচা পানী পৰিল। মই যেন সঁচাকৈয়ে পাগলী হৈ পৰিছিলোঁ।

 এদিন ৰাতি সিহঁতৰ দুটামানে মোক নি এঠাইত এৰি থৈ আহিল। মই বহুত দিনৰ মূৰত মুকলি আকাশৰ তলত মূৰ দাঙি চালোঁ। কোনো লক্ষ্য নোহোৱাকৈয়ে মই সেইদিনা বহুত দূৰ খোজ কাঢ়িলোঁ। এবাৰত ভাগৰত ৰাস্তাৰ দাঁতিতে শুই পৰিলোঁ। ৰাতিপুৱাৰ লগে লগে মই কাষতে থকা টেপটোৰ পৰা পানী খাই গাটোও টিয়াই পেলালোঁ।গছ এজোপাৰ তলত বহি মই মগজুত জোৰ দিবলৈ চেষ্টা কৰিলোঁ, মই কোন আছিলোঁ, ক'ত আছিলোঁ। নাই মোৰ একোৱেই মনত নপৰিল। পেটৰ কলমলনিত থাকিব নোৱাৰি হোটেল এখনৰ কাষ চাপিলোঁ, ল'ৰা এটাই পৰঠা এটা দি ক'লে, যা পাগলী তই থাকিলে গ্ৰাহক নাহিব। মই আঁতৰি আহিলোঁ। দুদিনমান অনাই বনাই ঘূৰি ফুৰিলোঁ। হঠাতে এদিন কোনো সংস্থাৰ মানুহে আমাৰ দৰে পগলা মানুহবোৰক নি নি মানসিক চিকিৎসালয়ত থৈ আহিল গৈ। মোকো দুজনমানে তেজপুৰ মেন্টেল হস্পিতালত থৈ আহিল। মই যিহেতু সম্পূৰ্ণ পাগলী নাছিলোঁ গতিকে চিকিৎসাই মোৰ স্মৃতি শক্তি বঢ়াই আনিছিল। এবছৰ দুবছৰকৈ মই তাত দহ বছৰ মানেই থাকিলোঁ। মোৰ কেও কিছু নাই বুলি জানি, মোৰ ভাল ব্যৱহাৰৰ বাবে তাতেই সৰু সুৰা কাম কৰিবলৈ দি ৰাখি থৈছিল। এই দহবছৰে ছাৰ বাইদেউসকলে মোক বহুত মৰমেৰে ৰাখিছিল, মই তেওঁলোকৰ সৰু সুৰা কামবোৰ কৰি দিছিলোঁ। এদিন হঠাতে বাইদেউ এগৰাকীয়ে আহি কলেহি, চোতালখন ভাল দৰে চাফা কৰি থবা চোন, আজি আবেলিলৈ চহৰৰ কেইজনমান গণ্যমান্য ব্যক্তি আহিব। মই সুন্দৰকৈ চাফা কৰিলোঁ আৰু আহি নিজৰ কোঠাত সোমালো। মই তেতিয়া মাজে মাজে সপোনতে বা অকলশৰীয়া মুহূৰ্ততে দাদা-নবৌৰ মুখদুখন আৰু কণমানিজনীক দেখা পোৱা হৈছিলোঁ। এইবিষয়ে বাইদেউক কওঁতে কলে জোৰ নিদিবা সকলোবোৰ এদিন মনত পৰিব। মই আৰু এটা মানুহক দেখো, মহানন্দক। কিন্তু আঁত বিচাৰি নাপাইছিলো। মনটো খেলি মেলি লগাত বাহিৰলৈ ওলাই আহিছিলোঁ, আঁতৰৰ পৰাই দেখিলোঁ চহৰৰ ভাল মানুহকেইজন আহিলে। অলপ ওচৰৰ পৰা চাওঁ বুলি দেখো মানুহবোৰৰ মাজত বগা সাজ পিন্ধা কলা চৰিত্ৰৰ মহানন্দও বহি আছে। অৱশ্যে তেতিয়ালৈ মই তাক চিনি পোৱা নাছিলোঁ, কিন্তু তাৰ মুখখন মই পাহৰিব পৰা নাছিলোঁ। অৱচেতন মনটো সি যে এটা বেয়া মানুহ গম পাইছিলোঁ। মোৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে, মই দৌৰি দৌৰি নিজৰ বিছনা খনত কুচি মুচি বহি আছিলোঁ। চিনেমাৰ ৰিলৰ দৰেই অকস্মাতে মোৰ মনলৈ মোৰ জীৱনত ঘটি যোৱা ঘটনাৰ প্ৰতিফলন ঘটিবলৈ ধৰিছিল। মোৰ সন্মুখত জলজল পটপটকৈ সকলো জিলিকি উঠিল। মই কাষতে থকা ডায়েৰীখনত লিখিবলৈ আৰম্ভ কৰিলোঁ কথাবোৰ, কিয়নো এবাৰ মানসিক ভাৰসাম্য হেৰুওৱা মানুহে আকৌ সকলো পাহৰি থাকিব পাৰোঁ, গতিকে এফালৰ পৰা লিখিবলৈ আৰম্ভ কৰিলোঁ মোৰ তিক্ততা ভৰা জীৱন পৰিক্ৰমা। মোৰ মনটো পাতল পাতল লাগিছিল অলপ, মই হয়তো বহুত সময় ধৰি নিজৰ কোঠাৰ ভিতৰতে আছিলোঁ, সেয়ে বাইদেউহঁতে মোক বিচাৰি আহি মোৰ কোঠাত সোমালে।মই তেতিয়ালৈকে মোৰ জীৱনৰ প্ৰথমচোৱা কাহিনীলিখি পেলাইছিলোঁ। মইনো কি লিখিছোঁ তেওঁলোকে জনাৰ ইচ্ছা প্ৰকাশ কৰিলে।

 মই ক'লোঁ বাইদেউ, মই ৰীতা, মোৰ আজি সকলোবোৰ কথা মনত পৰিছে। মোৰ আপোন মানুহবোৰ নগাঁও চহৰত

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড