বয়সস্থ আৰু ক'লা দেহত চিল্কৰ সস্তীয়া শাড়ী পিন্ধা মানুহকেইজনীৰ ওচৰত আলহীবোৰে মালিচ ল’বলৈ নিবিচাৰে। চকুৰ শান্তি বুলিও কথা এটা আছে। ৰবাৰ্টক সেইকাৰণে তাৰ শ্বেত ষ্টেলাক লাগে। মিঠাবৰণীয়া ষ্টেলাই আঠুলৈকে পৰা স্কাৰ্ট পিন্ধে। সাগৰৰ পাৰৰ বালিৰ কথাবোৰ তাইৰ কলাফুলত লাগি ৰ'দত জিলিকি থাকে। তাইৰ হাত দুখন কোমল। গাত লাগিলেই। ভাল লাগে। পোন্ধৰ মিনিট ভৰি মালিছ কৰিলে ষ্টেলাই পায় তিনিশ টকা। ৰবাৰ্টৰ কমিশ্যন ডেৰশ টকা। দিনটো তেনেকৈয়ে। লোকৰ হাত-ভৰি পিতিকি তাইৰ হাত দুখন শেষত টনটনাবলৈ ধৰে। অৱশ হৈ আহে তাইৰ সৰ্বশৰীৰ। ভাগৰত, দুখত আন এটা দিন শেষ হয়।
কালাংগুট বীচ্ছত সূৰ্যাস্ত চাবলৈ মানুহৰ ভীৰ হয়। লাহে লাহে আকাশৰ ৰং সলনি হ'বলৈ ধৰে। ৰঙাৰ পৰা গৈ গৈ। কমলা বৰণীয়া হৈ পৰে সাগৰৰ ওপৰৰ আকাশখন। এটা বিন্দুত সাগৰ নীলা আৰু আকাশৰ কমলাবোৰ একাকাৰ হৈ পৰে। এক ঐশ্বৰিক পোহৰে যেন গোটেইখন ছানি ধৰে। শেষ সূৰুজৰ যাওঁ নাযাওঁ ৰেখাবোৰে লাহে লাগে সাগৰৰ পাৰত ঘূৰি ফুৰা মানুহবোৰক অলপ সময়ৰ বাবে চঞ্চল কৰি তোলে। অলপ পিছতেই গোটেইখন আন্ধাৰ হৈ পৰিব। শেষবাৰৰ বাবে মানুহবোৰে সাগৰৰ পানীত ডুব মাৰেগৈ। সন্ধিয়াৰ বতাহজাক শান্ত শীতল হৈ ববলৈ ধৰে। লুণীয়া পানীত তিতি যোৱা মানুহবোৰ ওভতিবলৈ ধৰে লাহে লাহে। ঘোৰ অন্ধকাৰ নামে। চাৰিওফালে একো মনিব নোৱাৰি। মাথো সাগৰৰ ঢৌবোৰ উত্তাল শব্দৰে নিজ গতিত অহা-যোৱা কৰি থাকে। সোঁ-সোঁকৈ বতাহ বলি থাকে। সাগৰৰ বুকুত জোৱাৰ উঠে। তীব্ৰ জোৱাৰ। দূৰৰ মাছমৰীয়া নাওবোৰে ঘৰমুৱা হ'বলৈ লৰালৰি কৰে। ঢৌৱে সিহঁতক বাট ভেটি ধৰিব খোজে। সোঁ-সোঁ বতাহ। সোঁ-সোঁ সাগৰ। এজাক ধুমুহা আহিব ছাগে’!
বাহিৰত ধুমুহা। বিজুলীয়ে চকু চাট মাৰি ধৰিছে। মেঘৰ গাজনিত নিজৰ মাত নিজেই নুশুনি। বতাহ বৰষুণত গছবোৰ যেন উভাল খাই পৰিব। ঘিটমিটীয়া আন্ধাৰ। বতাহত বাঁহপাতবোৰ হাউলী ঘৰৰ মুধচত চেৰচেৰণি তুলিছে। কোনোবা চৰাই বাহ ভাঙিল ছাগে। ছি ছিএই উঠিছে চৰাইবোৰে। যেন গোটেইখন জয়াল।
মাটিৰ চাকিৰ টিমিক ঢামাক পোহৰত চম্পাৱতীৰ মুখখন বৰ কৰুণ যেন লাগিছে। ঘাম আৰু চকুপানীয়ে গোটেইজনীক তিয়াই পেলাইছে। ভয়ত তাইৰ অণ্ঠ কন্ঠ শুকাই কাঠ হৈ গৈছে।
‘দেউতা ঈশ্বৰ অ’! কাবৌ কৰিছে অ’। মোকঅজগৰৰ হাতত তুলি নিদিবি দেউতা। মই মৰি থাকিম।
চম্পাৱতীৰ দেউতাকে তাইৰ গগন ফলা চিঞৰ শুনা নাছিল। নিজৰ তেজ মঙহৰ টুকুৰাজনীক তেওঁ তুলি দিছিল। বিষাক্ত অজগৰৰ হাতত। সেই নিশা চম্পাৱতীৰ মাক শুব পৰা নাছিল।
চম্পাৱতীৰ বুকুৰ ৰিহা ফাটি গ'ল। তাইৰ মেখেলা খহি পৰিল। তাইৰ ককালত অজগৰে মেৰিয়াই ধৰিলে। মেৰিয়াই মেৰিয়াই সাপড়ালে তাইক এনেকৈ হেঁচি ধৰিলে যে এটা সময়ত তাই উশাহ ঘূৰাব নোৱাৰা হৈ পৰিল। অজগৰৰ ডাঠ জিভাখনে চম্পাৱতীৰ বুকুৰ মঙহ বখলিয়াই নিলে। প্ৰচণ্ড হেঁচাত তাই গোটেই গাটোৰ হাড়বোৰ ভাঙি যাব যেন লাগিল। তাই চিএৰিব খুজিলে। কিন্তু নোৱাৰিলে। অজগৰে তাইৰ ডিঙিলৈকে মেৰিয়াই ধৰিলে। অজগৰৰ পিছল গাটোত মেৰ খাই তাইৰ ওকালি আহিবলৈ ধৰিলে। তাৰ গাটোৰ দুৰ্গন্ধত গোটেই কোঠাটো বিষাক্ত হৈ পৰিল।
কান্দিলে। চম্পাৱতীয়ে কেৱল কান্দিলে সেই নিশা।
বমি আৰু তাইৰ কোমল শৰীৰৰ নিম্নাংশৰ পৰা ওলোৱা এডোঙা তেজৰ মাজত তাই পৰি ৰ'ল। চম্পাৱতীৰ জীৱনলৈ কাল ধুমুহা নমাই অনা সেই নিশাটোৰ শেষত তাইৰ কাষতে এটোপোলা সোণ, ৰূপ, হীৰা, মুকুতা এৰি থৈ অজগৰ গুছি গ'ল চিৰদিনলৈ।
**************
‘ষ্টেলা ৱেইট, ব্ৰেইট আই চে।
ধুমুহজাক অহাৰ উমান পাই ঘৰলৈ কোবাকোবিকৈ খোজ দিয়া ষ্টেলাক ৰবাৰ্টে পিছফালৰ পৰা চিঞৰি মাতে। তাই
নয়। তাই বেছিকৈ দৌৰিবলৈ ধৰে। সাগৰৰ পাৰৰ বালিত তাইৰ ভৰি সোমাই জোটাপুটি লাগিবলৈ ধৰে। ৰবাৰ্টে তাইক খেদি
অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড