পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

খেদি তাইৰ ওচৰ পায়গৈ। ধুমুহাজাক আহিবলৈ বেছি সময় নাই। এটোপাল দুটোপাল বৰষুণে খৰ খােজেৰে আগবঢ়া ষ্টেলাক স্পর্শ কৰিছে। মুষলধাৰ বৰষুণ অহাৰ আগতে তাই ঘৰ পাবগৈ লাগিব। তাই দৌৰিবলৈ ধৰে। পিছে পিছে ৰবাৰ্ট। দীঘল দীঘল খােজেৰে সি তাইৰ পিছ লৈছে। ‘স্টপ আই চে। ষ্টপ ইউ বিচ্ছ। হঠাতে কিহবাত উজুটি খাই ষ্টেলা পৰি গ'ল। তাইৰ মুখখনে বালিত থেকেচা খালে। শিলত তাইৰ সোঁ আঠুটো চোচৰা খালে। তেজ ওলাবলৈ ধৰিলে তাইৰ আঠুটোৰ পৰা। আন্ধাৰত তাই তেজখিনিৰ ৰং দেখা নাই কিন্তু তাইৰ ভৰিখন তেজেৰে তিতি যােৱাটো তাই অনুভৱ কৰিছে। নিজৰ সর্বশক্তি প্রয়ােগ কৰিয়াে ষ্টেলা থিয় হ'ব পৰা নাই। ৰবার্টে দৌৰি আহি তাইৰ কাষ পাইছে। তাইক টানি ধৰি উঠালে সি। সেভৰিখনৰ আঘাতৰ বাবে তাই পােনহৈ থিয় হ'ব পৰা নাই। বেঁকা হৈ ৰ'বলৈ চেষ্টা কৰি থকা লােক সেই মুহূর্ততে ৰবার্টে এটা প্রচণ্ড চৰ মাৰিলে। তাই আকৌ বালিৰ ওপৰত বাগৰি পৰিল। ও তােক কৈছিলাে নে মই, আজি তই মােৰ লগত যাব লাগিব বুলি? ও মই নাযাওঁ। ও হাৰামজাদী। তােক মই চোঁচৰাই লৈ যাম। ৰবার্টে ষ্টেলাক প্রায়ে এনেকৈয়ে সম্বােধন কৰে। তাৰ ব্যৱহাৰত তাইৰ এনেকুৱা লাগে যেন তাই তাৰ কিনা গােলামহে। ষ্টেলাৰ বাপেকৰ এখন নাৱ আছিল। ডাঙৰ মাছমৰীয়া নাৱ। সেইখন সাগৰত মেলি কষ্ট কৰাহেঁতেন সিহঁতৰ ঘৰখন ভালকৈয়ে চলিলেহেঁতেন। কিন্তু মদৰ নিচাত ডুবি থকা ষ্টেলাৰ বাপেকে কাম কাজ নকৰি তেনেকৈয়ে বছৰবােৰ পাৰ কৰিলে। ঘৰৰ পৰা এপদ এপদকৈ বস্তু নােহােৱা হ'ল। খােৱা বােৱাৰ টনাটনি। লগতে স্টেলা আৰু তাইৰ মাকৰ ওপৰত বাপেকৰ চৰ, কিল, ভুকু। কি কৰিব, ক'লৈ যাব, একো ধৰিব নােৱাৰি ষ্টেলাই এদিন নিজেই বীচ্ছত ‘পােহা’ বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিছিল। এনেকৈয়ে এদিন তাইৰ ওপৰত চকু পৰিছিল ৰবাৰ্টৰ। ৰবার্টে সুযােগ বুজি তাইৰ বাপেকৰ হাতত টকা এসােপা গুজি দিছিলগৈ সহায় কৰাৰ চলেৰে। কিন্তু প্রকৃততে তাৰ উদ্দেশ্য আছিল বেলেগ। তাইৰ বাপেকক দিয়া টকাৰ বিনিময়ত ৰবার্টে সিহঁতৰ নাৱখন বন্ধকত লৈছিল। সিহঁতৰ পৰিয়ালৰ মূল উপাৰ্জনৰ আহিলাটো এতিয়া আছিল ৰবাৰ্টৰ দখলত। সি জানিছিল যে সময়ত ষ্টেলাৰ বাপেকে টকা ঘূৰাই দিব নােৱাৰিব। ইতিমধ্যে নাৱখনাে পুৰণি হৈছিল। সি কৈছিল যে উৱলি যােৱা নাৱখন তাৰ একো কামতে নাহে। গতিকে টকা যদি ঘূৰাই দিব নােৱাৰে তেন্তে তাক কামত অহা কিবা বস্তু এটাহে লাগে। তাক ষ্টেলাক লাগে। তেতিয়াৰ পৰাই ষ্টেলা তাৰ অধীন। ষ্টেলাহঁতৰ ঘৰখনৰ শেষ নােহােৱা অভাৱবােৰ বাঢ়ি বাঢ়ি গৈ থাকে। ৰবার্টে তাইৰ বাপেকক বিনা পইচাত মদ খাবলৈ দিয়ে। মদৰ নিচাত বাপেকটো দিনে-ৰাতি লাং খাই পৰি থাকে। ৰবাৰ্টৰ মুখলৈ সি চাই থাকে পইচাৰ বাবে। ও ঘৰৰ বস্তু কি আছে মােক বেচিব পৰা তহঁতৰ ? ও একো নাই। ও পইচা ধাৰলৈ নাপাৱ। আগৰবােৰেই ঘূৰাই নিদিলি আজিলৈকে। ও নােৱাৰাে ঘূৰাই দিব। ও পইচা লাগে যদি কিবা বেচ। ও কি বেচিম? একো নাই মােৰ। ও জীয়েৰ আছে দেখােন। তাইক বেচ। ল ল লৈ ল। টেক ষ্টেলা। মােক মদ লাগে। মদ দে। পইচা দে। যা তাইক লৈ যা। লােক বাপেকে বেচিছিল ৰবাৰ্টলৈ। তেতিয়াৰ পৰাই নিচা লগা ৰাতিবােৰত তাই গুচি যাব লাগে তাৰ লগত। অর্ধ-আকাশ ঃ ৰচনাসমগ্র, প্রথম খণ্ড