পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৭

ভাবিছিল পাৰিজাতে। অৱশ্যে উদাৰ শইকীয়া দম্পত্তীয়ে প্ৰাণ খুলি স্নেহ উজাৰি দিছিল তাইক। মৃত্যুক ওচৰৰপৰা দেখা, মৃত্যু কি অনুভৱ কৰিব পৰা হোৱা বাবেই নেকি পাৰিজাত গোমা-গোমোথা হৈ ৰৈছিল প্ৰত্যেক মুহূৰ্ততেই। ভাবুক, বিষাদগ্ৰস্ত ছোৱালীজনীক শইকীয়া দম্পত্তীয়ে কৰুণা মমতাৰে আৱৰি স্বাভাৱিক কৰি তুলাৰ প্ৰয়াস কৰিছিল। কিন্তু একো ফল ধৰা নাছিল। দিনকদিনে বেছিহে ভাবুক হৈ আহিছিল পাৰিজাত।

 : যদি তোমাৰ আপত্তি নাই তেন্তে তাইকো কোনোবা এখন ব’ৰ্ডিং স্কুলতে নাম লগাই দিওঁ নেকি? সৰু ছোৱালী। লগ সমনীয়া পালে কিজানি অলপ ৰঙীয়াল হয়েই। আমিচোন সকলো চেষ্টা কৰি চালোৱেই।- মিঃ শইকীয়াই চিন্তিত সুৰেৰে কৈছিল।

 : কি কোৱা! ইমান সৰুতেই হোষ্টেলত থবা! তাত গৈ যদি বেছিকৈয়েই কষ্ট পায়? কন্দা কটা কৰে? মাক দেউতাকৰ মৰমৰ প্ৰয়োজন এতিয়া তাইক।- চালাড কুটি থকা বন্ধ কৰি মিছেছ শইকীয়াই চিঞৰি উঠিছিল।

 : এদিন দুদিনকৈ দুবছৰেই পাৰ হৈ গ'ল। তাইৰ মনটো অকণো ৰঙীয়াল কৰি তুলিব নোৱাৰিলোঁ দেখোন আমি। সেয়ে হোষ্টেলতে দি চাওঁ। অসুবিধা হলে আকৌ লৈ আনিম। য'ত ত'ত নপঢ়ুৱাওঁ নহয়। ডৰথী আৰু ৰবীনক মনত আছেনে আমাৰ লগৰ? সিহঁত দুয়ো শ্বিলঙৰ স্কুল এখনত চাকৰি কৰে আজিকালি। ভাল স্কুল। অনুশাসন ভাল। তাত পঢ়িলে তাই ডৰ্থীকহঁতৰ মৰমৰ মাজত থাকিব। তাই কেঁচুৱা হৈ থাকোতেতো এবাৰ সিহঁতি আহি চাইও গৈছিল। খবৰ বাতৰিও লৈয়েই থাকে। এবাৰ দি চাওঁ। নে কি?

 : জানো! যি ভাল দেখা কৰা।-জীনাই কৈছিল।

 ভবাৰ দৰেই এদিন তাই ঘৰৰ পৰা ওলাই আহি ছিলঙৰ কনভেন্টৰ ছাত্ৰী তথা আৱাসী হ’ল। শাৰী শাৰী পাইন, মুঠি মুঠি জাৰ আৰু পৱিত্ৰ গীৰ্জাৰ সুমধুৰ ঘন্টাধ্বনিৰ গুঞ্জনেৰে ভৰা পৰিৱেশ এটাত তাই খোজ পেলালে। ডাঠ সেউজীয়া স্কাৰ্ট পেন্ট, ৰঙা চুৱেটাৰ পিন্ধি স্প্ৰীং দিয়া পুতলাৰ দৰে জঁপিয়াই থকা, পকা আপেলহেন মূখৰ কণ কণ ল'ৰা ছোৱালী এজুমৰ মাজত তাইও মিলি গ'ল। ডৰথী আন্টি, ৰবীন ছাৰ, এনিশা, মাৰ্থা, মেৰী, ৰেহান, উওমহঁতৰ মাজত তাইও পাহৰি পেলালে সকলোবোৰ। খুৰাকে সিদ্ধান্ত সলনি কৰিবলগা নহ'ল। এসপ্তাহতে তাইৰ পৰিৱৰ্তন দেখি খুৰাক খুৰীয়েক অবাক হোৱাই নহয়, আনন্দিত হৈছিল।

 সেয়াই আৰম্ভণি। টুৱেলভলৈকে ছিলঙত, গ্ৰেজুৱেচন দিল্লী, এম টেক কানপুৰত সমাপ্ত কৰি অৱশেষত অসমলৈ ঘূৰি আহিছিল পাৰিজাত। গুৱাহাটীত চাকৰিত জইন কৰাৰ পাছত তাই সিদ্ধান্ত লৈছিল মাক দেউতাকৰ স্মৃতিজড়িত মৰমৰ ঘৰটোলৈ ওভতি গৈ সকলোবোৰ থান থিত লগোৱাৰ। স্মৃতিবোৰ সামৰি সুতৰি ৰাখিবলৈ তাইৰ বাদে যে পৃথিৱীত কোনোৱেই নাই! এতিয়া আৰু তাই সেই সৰু ছোৱালীজনী নহয়, এজনী পূৰ্ণবয়স্ক পৰিপক্ক ছোৱালী যি নিৰ্ভয়ে অতীতক আঁকোৱালি ভৱিষ্যতৰ বাটত খোজ দিব পাৰে। খুৰাক খুৰীয়েকৰ ঘৰত নথকাৰ সিদ্ধান্ত লৈ পেলাইছিল তাই। আপত্তি আহিছিল খুৰীয়েক আৰু নেহাৰপৰা-

 : তুমি তাত গৈ কি কৰিবাগৈ অকলে অকলে? নালাগে নালাগে। ইয়াতে থাকা। ইয়াৰপৰানো কিমান দূৰ তোমাৰ ঘৰলৈ। অফিচলৈও ইয়াৰ পৰা ওচৰ হয় তোমাৰ। - খুৰাকে অৱশ্যে বুজিছিল তাইৰ আৱেগ। কৈছিল-

 : তুমি এতিয়া ডাঙৰ হ’লা। সিদ্ধান্ত ল'ব পৰা হ'ল। তোমাৰ ইচ্ছাক সন্মান কৰোঁ আমি। দৰাচলতে ওপজা ঘৰখনৰ মোহ খুবেই শক্তিশালী। শিপাৰ দৰে ইয়াৰ জোৰ। ময়েইচোন আজিলৈকে মোৰ ওপজা গাওঁখন পাহৰিব পৰা নাই! এই বান্ধোনবোৰৰ প্ৰতি আমি দায়িত্বশীল হোৱা উচিত। গতিকে যোৱা। ভালকৈ থাকিব। ঘৰটোৰ তদাৰক কৰা মানুহ দুজন আছেই। কিবা অসুবিধা পালে ক’বা। ইয়ালৈ আহি থাকিবা। বিশেষকৈ দেওবাৰে দেওবাৰে। নহ'লে খুৰীৰ হাতৰ মাংসৰ আঞ্জা মিছ কৰিবা।- শেষৰ বাক্যশাৰী কৈ হাঁহিছিল তেওঁ।

 : ইছ খুৰা! কিয় মিছ্‌ কৰিম! প্ৰত্যেক দেওবাৰে আহিম মই।- পাতলভাৱে হাঁহিছিল আটায়ে।

 ঘৰলৈ উভতিবৰ পাছৰে পৰা কিছুদিন ব্যস্ততাৰ বাবে খুৰাকহঁতৰ ওচৰলৈ যাবলৈ সময় পোৱা নাছিল পাৰিজাতে।

দেওবাৰ আছিল সিদিনা। পুৱা গা আহিছিলহে তাই; তেনেতে কলিংবেলৰ মৃদু গুঞ্জনে কোনোবা অহাৰ কথা সোঁৱৰাই

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড