পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৬

যাত্ৰিক


খুশবু হাজৰিকা

 : কথাবোৰ পৰিষ্কাৰ হ'লে বিভ্ৰান্ত হোৱাৰ দিশে গতি কৰা নাযায়।নহয়নে বাৰু? আঁৰ বেৰৰ খেল কিয়নো? কোৱাচোন।- প্ৰাঞ্জলৰ অসহায় চাৱনি। টুকুৰা টুকুৰে গলি আহিছে দুখৰ বৰফ তাৰ কণ্ঠত।

 : ভুল বুজিছে আপুনি প্ৰাঞ্জল। ভুল ধাৰণা কিছুমানেৰে জীৱনটো দুৰ্বিসহ কৰি তুলিব। স্পষ্টবাদিতা প্ৰিয় মোৰ। জানে নহয়! স্পষ্টবাদিতাৰে আপোনাৰ কাষ চাপিম আঁৰ বেৰৰ খেল খেলাতকৈ।- পাৰিজাতৰ মাতটো শেষৰফালে কঁপি উঠিল। ইচ্ছাকৃতভাৱেই মিছা মাতিছে তাই। ইচ্ছা আৰু বাধ্য বাধকতাৰ মাজত তাই মিছা মাতিবলৈ বাধ্য।

 তাইৰ মোবাইলটো টেবুলত থৈ কোঠাটোৰ পৰা ওলাই গ'ল প্ৰাঞ্জল। পাৰিজাতৰ স্বামী। আচৰিত হ'ল তাই প্ৰাঞ্জলৰ এনে শান্ত সমাহিত ৰূপ দেখি। তাই আশংকা কৰাৰ দৰে উচ্চ বাচ্য কৰি হিংস্ৰ ৰূপ ধাৰণ নকৰিলে সি আন দিনাৰ দৰে। অতি বিস্ময়কৰ। এনেকুৱাতো নাছিল সি!

 এই একেটা ল'ৰায়েই বিয়াৰ পাছত তাইৰ ফোন-ছিম সলাই পেলাইছিল। কলেজীয়া দিনৰ ফটো এলবাম, অট’গ্ৰাফ, ই মেইল আদি জুপি জুপি চাইছিল। দিনটোত তিনি চাৰিবাৰকৈ অফিচৰ পৰা ফোন কৰিছিল। কিজানিবা তাইৰ কাষ চাপি আহিছে কোনোবা তৃতীয় ব্যক্তি! অতিষ্ঠ হোৱা নাছিল পাৰিজাত। তাই পৰিচিত আছিল প্ৰাঞ্জলৰ আচৰণৰ লগত। অত্যধিক পজেচিভনেচেৰে আক্ৰান্ত একপ্ৰকাৰৰ মানসিক ৰোগীয়েই যেন সি! প্ৰাঞ্জলৰ অদ্ভুত আচৰণবোৰ প্ৰত্যক্ষ কৰি তেনেকৈয়েই ভাবিবলৈ বাধ্য হৈছিল পাৰিজাত শেষত। বিয়াৰ আগতে লগ পোৱা প্ৰাঞ্জলৰ কথা মনত পৰিলে এতিয়াও ঘৃণা, ক্ষোভ, খং, দুখ ইত্যাদিয়ে তাইৰ বুকুত খুন্দা মাৰি ধৰে। অৱশ্যে কিছুপৰলৈহে। পিছমুহূৰ্ততেই ঋণ, অনুগ্ৰহ, দয়া, মৰম নামৰ শব্দপুঞ্জই পাৰিজাত নামৰ স্বকীয় সত্তা এটা উটুৱাই লৈ যায়। শ্ৰদ্ধা, প্ৰতিদানেৰে গদগদ কলিজা এটুকুৰা লৈ জোৰকৈ নিজকে সামৰি ৰখাৰ চেষ্টা কৰে তাই।

 বৰ দুৰ্ভগীয়া তাই।- নিজৰ কথা ভাবিলে কেৱল এইষাৰ বাক্যই মনলৈ আহে পাৰিজাতৰ। দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতেই হোৱা এটি বাছ এক্সিডেন্টত মাক-দেউতাককে আদি কৰি পিতৃ আৰু মাতৃ পৰিয়ালৰ সকলো লোককে হেৰুৱালে তাই। তাইহে জানো কি কুক্ষণত বাচি গ'ল! হস্পিটেলত এসপ্তাহ থাকি ঘৰলৈ ওভটে মানে সেইখন ঘৰ হৈ থকা নাছিল। এখন যেন মৰিশালি। চৌপাশে কেৱল নিঃস্তব্ধতা। ধুৱলি-কুঁৱলিকৈ এতিয়াও মনত আছে পাৰিজাতৰ, ঘৰৰ দেৱালত শাৰী শাৰীকৈ পৰিয়ালৰ মানুহবোৰৰ ফটোত মালা আঁৰি থোৱা দেখা প্ৰথম সেই মুহূৰ্তটো। শূন্য ঘৰখনত চিঞৰি চিঞৰি কান্দিলেও শুনোতা কোনো নাছিল। অসুস্থ-আঘাতপ্ৰাপ্ত কেও কিছু নোহোৱা ছোৱালীজনীক লৈ আনিছিল মৃত মাক দেউতাকৰ বন্ধু অৰুণ শইকীয়া আৰু জীনা শইকীয়াই। বন্ধুতকৈ তেওঁলোক মাক দেউতাকৰ বাবে ভাতৃ ভগ্নীৰ দৰেহে আছিল। পাৰিজাত আশ্বস্ত হৈছিল। শইকীয়া খুৰ খুৰীয়ে তাইক নিজ সন্তানৰ দৰেই মৰম কৰিছিল। পাছলৈ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা পাৰিজাতক তেওঁলোকে এডপ্ট কৰি লৈছিল। তেওঁলোকৰ জীয়ৰী নেহাৰ লগত একেলগে ডাঙৰ হৈছিল পাৰিজাত। নেহাৰ ককায়েক এজনো আছিল। আন কোনো নহয়; প্ৰাঞ্জল। যি এতিয়া পাৰিজাতৰ স্বামী।

 খুৰাক খুৰীয়েকৰ ঘৰত প্ৰাঞ্জলক তাই এবাৰো লগ পোৱা নাছিল আগেয়ে। তেওঁলোক পাৰিজাতহঁতৰ চহৰলৈ নতুনকৈ আহিছিল। প্ৰাঞ্জল তাৰ আগৰেপৰাই বৰ্ডিং স্কুল এখনত পঢ়ি আছিল। তাইতকৈ তিনি চাৰিবছৰমান ডাঙৰ ল'ৰাটোক তাই পাছতো খুব কমেইহে লগ পাইছিল। স্কুল বন্ধৰ সময়ত সি ঘৰলৈ আহিলেও বিশেষ বাক্য বিনিময় নহৈছিল সিহঁতৰ। বেছিভাগ সময়েই সি নিজৰ কোঠাত নিজকে লৈ ব্যস্ত হৈ ৰৈছিল। প্ৰাঞ্জলক খুউব খঙাল আৰু অসন্তোষীয়া যেন লাগিছিল তাইৰ। পাৰিজাতক তাৰ মাক দেউতাকে মৰম কৰাটোত যেন তাৰ দুৰ্ঘোৰ আপত্তি আছিল! অৱশ্যেই সেয়া আছিল শিশুসুলভ

ঈৰ্ষাপৰায়ণতা। তাক বুজিব পৰা বয়স হোৱা নাছিল পাৰিজাতৰ। কিবা এক আখেজ আৰু খঙতে তাইক সি সহ্য নকৰে বুলি

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড