শুনা কৰিব...এই সিদ্ধান্তটো হৈ গৈছে!!
চাৰলংকি মূৰ্তিৰ দৰে ৰৈ থাকিল। তাক বুজাই বঢ়াই সৈমান কৰিবলৈ তেতিয়া কাৰো সময় নাছিল। হেমাৰী খং, অভিমান আৰু ঘৃণাত মৌন হৈ পৰিল। এইবোৰ মানুহ চাৰলংকিয়ে এৰিব নোখোজে তেনে! এয়াই তাৰ বাইদেউৰ প্ৰতি থকা অগাধ ভালপোৱা! তাৰ চকুফাটি পানী ওলাল। বুকুৰ আপোন বন্ধুটো তাৰ পৰা যেন বহুদূৰ আঁতৰি গ'ল।
মিৰদান বাইদেৱে কিন্তু কিবা এটা বুজিছিল। তেওঁ গাড়ীৰ পৰা নামি আহি চাৰলংকিৰ মূৰত হাত ফুৰাইছিল। বনকৰা মানুহটোক কৈ গাড়ীৰ পৰা কিতাপ ভৰ্তি কাগজৰ কাৰ্টন দুটা নমাই চাৰলংকিক গটাই দিছিল আৰু এবাৰো পিছলৈ উভতি নোচোৱাকৈ গাড়ীত বহিছিলগৈ।
ঘন কুঁৱলীৰ মাজত, পোহৰ নৌহওঁতেই শূন্য ঘৰ এখনৰ মাজ চোতালত চাৰলংকিক এৰি হেমাৰী, মিৰদান বাইদেউহঁত গুছি গৈছিল।
০০ ০০ ০০
তাৰ দুবছৰৰ পাছত হেমাৰীৰ মাক ঢুকাইছিল। গাওঁখনৰ প্ৰতি থকা শেষ আকৰ্ষণকণো সি সেইদিনাই হেৰুৱাইছিল।
ইচ্ছা কৰিয়েই চাৰলংকিক কোনোদিন মনত নেপেলাবলৈ প্ৰতিজ্ঞা কৰি সি সেই গাঁৱৰ স্মৃতিকোঠা তলাবন্ধ কৰি পেলাইছিল।পিছে বাছাপীক সি অভাবনীয় ভাবে লগ পাইছিল।তাইকে সি বিয়াও কৰাইছিল পিছে আজি পোন্ধৰ বছৰে সিহঁতৰ সংসাৰলৈ কোনো সৰগীয় উপহাৰ নাহিল।
চাৰলংকি তেনে কলেজীয়া ল'ৰাৰ দেউতাক হল!
ডাক্তৰে নিজেই নিজকে ক'লে।
একালত মৰাপাটৰ ৰচী বান্ধি হাফপেন্টটো কঁকালত ধৰি ৰখা হেমাৰী আজি কোট পেন্ট পৰিহিত ডাক্তৰ হেমাৰী হৈ নিজৰ ওপজা গাওঁখনলৈ আহিছে। বাছাপী উত্তেজনাত বিহ্বল হৈ পৰিছে। কিন্তু তাই মনৰ ভাব ভগাই লব পৰাকৈ ডাক্তৰ হেমাৰীৰ মুখৰ ৰেখাবোৰ সুবিধাজনক নহয়। হেমাৰী নিৰ্বিকাৰ, গহীন। আমদায়ক জীৱন এটাৰ চিন হৈ তাৰ থুতৰিটো, গলধনটো আনকি গোটেই মানুহটোৱেই মঙহাল থেকে এটা যেন হৈ পৰিছে। বাছাপীয়ে বহুবছৰৰ পাছত পিনি পেকক পিন্ধিছে। তাই যেন সৌ তাহানিৰ সৰু ছোৱালীজনী হৈ এইমাত্ৰ উচ্ছাসত ফাটি পৰিব।
“নন্দন বন”ত তেতিয়া প্ৰাৰ্থনা সভাৰ আয়োজন। দীঘল পদূলিটোৰ নঙলা মুখত অকলেই সি ৰৈ আছিল। হেমাৰীহঁত গাড়ীৰ পৰা নমাৰ লগে লগেই অনিন্দ্যৰ মুখখন পোহৰ হৈ উঠিল। হেমাৰীৰ ভৰি চুবলৈ হাউলিব খোজা কিশোৰটোক সি থাপ মাৰি ধৰিলে। বুকুত সাবটি লৈ ক'লে, সৰু চাৰলংকিটো মোৰ। বাছাপীয়ে কান্দিছিল, নে হাঁহিছিল হেমাৰীয়ে ধৰিব পৰা নাছিল। বহুপৰ তাই মৰমলগা কেঁকুৰা চুলিৰ ল'ৰাটোক বুকুত সাবটি লৈছিল। নাকেৰে উজাই লৈছিল যেন সন্তানৰ গোন্ধ।
চাৰলংকিয়ে নন্দন বন নহয় যেন অম্রাৱতীহে সাজিছিল। পাতাবাহাৰ আৰু চেৰা তামোলৰ গছবোৰে দীঘল পদূলিটোৰ দুয়োকাষে শাৰী শাৰীকৈ ৰৈ হেমাৰীক আদৰিছিল। তুলসী, তমাল, খৰিকাজাই,লতাগোলাপ, অপৰাজিতা,নয়নতৰা, পাৰিজাত, ভিন্নৰঙী জবা আৰু সোণবৰণীয়া নাৰ্জী ফুলেৰে চৌহদটো জোনাক হৈ আছিল। আম,বকুল আৰু আমলখি গছবোৰ পাটগাভৰু হবলৈ আৰম্ভ কৰিছিল। দোঁ খাই থকা শেৱালিজোপাৰ তলত তেতিয়াও অবশিষ্ট কেইপাহ মান ফুল সৰি আছিল। হেমাৰী আৰু বাছাপীক অনিন্দ্যই নি সভাঘৰত বহুৱালেগৈ। মাটিৰ মজিয়াত দলিছা পাৰি মানুহ বহাৰ ব্যবস্থা কৰা হৈছিল। ফুল, ধূপ আৰু ধূণাৰ সুগন্ধিৰে কোঠাটো মন্দিৰ হৈ পৰিছিল। হেমাৰীয়ে চকু ফুৰাই দেখিলে, কোঠাটোৰ একোণত মিৰদান বাইদেউৰ ফটোৰ সন্মুখত ধূপ আৰু এগচি বন্তি জলিছে। থলপদ্ম ফুলেৰে সজাই দিয়া হৈছে সেই দেবীৰ বেদী।
প্ৰাৰ্থনা সভা শেষ কৰি চাৰলংকি সভাঘৰটোলৈ সোমাই আহিল। ল'ৰা-ছোৱালীহঁত নিজ নিজ কোঠালৈ গ'ল। কোনোবাই কোনোবাই নাচ গানৰ কাৰণে সাজু হ'ল।
হেমাৰী বহাৰ পৰা থিয় হ'ল। অনিন্দ্যই দেউতাকক হাতত ধৰি হেমাৰীৰ ওচৰলৈ লৈ গ'ল আৰু কঁপিব খোজা মাতটো কোনোমতে সুস্থিৰ কৰি ক'লে,“দেউতা,এয়া আমাৰ আজিৰ মুখ্য অতিথি। মই যে কৈছিলো। তোমাৰ বাবে এটা চাৰপ্ৰাইজ আছে। এখেত হেমাৰী তাৱৈদেউ দেউতা।”
চাৰলংকিয়ে নমস্কাৰৰ ভংগিমাত যোৰ কৰি থকা হাত দুখন হেমাৰীয়ে খামুচি ধৰিলে। হেমাৰী সৰু ল'ৰাৰ দৰে ফেকুৰি