পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩

ধৰিলে। ডাক্তৰৰ চকুহাল পানীৰে ভৰি আহিছিল। তেওঁ পত্নীৰ কঁকালত সাবটি ধৰিলে। সেইখন ঠাইলৈ তেওঁ কাহানিও যাব নােখােজে। মনৰ পৰা কেতিয়াবাই মচি পেলাইছে তেওঁ সেই ঠিকনা। আজি পঁয়ত্রিশটা বছৰে তেওঁ এবাৰাে সচেতনভাবে সেই ঠাইৰ নাম লােৱা নাই। ল'ব খােজাও নাই। অথচ ইমান যুগৰ সঞ্চিত স্মৃতি খুচৰিবলৈ আজি তেওঁলৈ এখন চিঠি আহি ওলাইছে। চিঠিখনত কেবল শব্দই নাই।আছে সন্মােহন। এই সন্মােহন নেওচিব পৰা নাযায়। এই সন্মােহন যেন সৌ তাহানিৰ চিনাকি গাওঁখনৰ দৰে। বঁহতেৰে চিলেট মচা দিনবােৰৰ দৰে, মহৰ পিঠিত উঠি নৈৰ পাৰত ফুৰিবলৈ যােৱা ল'ৰালিৰ দৰে।

 “মই যাম বাছাপী”

 ডাক্তৰৰ পত্নীয়ে হাঁহি দিলে। ৰ'দ জিলমিল এই হাঁহি।

 কুমলীয়া ঔ বাকলি এচটাৰ দৰে ডাক্তৰৰ পত্নীৰ নিমজ গাল দুখন পােহৰ হৈ উঠিল।

 লেফাফাৰ পৰা চিঠিখন উলিয়াই তেওঁ পঢ়িবলৈ ধৰিলে।

 পূজনীয় তাৱৈদেউ,

 সেৱা ল'ব। আশাকৰাে ভালে আছে। আপােনাৰ বাবে মই তেনেই অচিনাকি। কিন্তু মােৰ কাৰণে আপােনাৰ নামটো, আপুনি মানুহজন আৰু আপােনাৰ কথা বতৰাবােৰ একেবাৰে চিনাকি। দেউতাৰ মুখত সৰুৰে পৰাই আপােনাৰ নাম শুনি শুনি মােৰ এনে লগা হৈছে যেন আপুনি আমাৰ চুবুৰীটোৰে এজন। আপােনাৰ সৈতে যেন দেউতাই নহয় বৰঞ্চ মইহে বৰশীৰে মাছ ধৰিছে, স্কুললৈ গৈছাে,আবেলি আবেলি টেঙাবল খেলিছোঁ।

 অলপ আগতেও দেউতাই আপােনাৰ কথা কৈ আছিল। তেতিয়াই মই সিদ্ধান্ত লৈ পেলালাে,এইবাৰ আমাৰ “নন্দন কানন”ৰ প্রতিষ্ঠা দিবসলৈ মই আপােনাক মাতিম। মই জানাে, আপুনি এযুগ ধৰি এই গাওঁ, এই ঠাইৰ মানুহবােৰ আনকি দেউতাৰ লগতাে কোনাে সম্পর্ক ৰখা নাই। আমাৰ গাঁৱৰে এজন মানুহে তেওঁৰ ল'ৰাটো মেলেৰিয়া হােৱাৰ বাবে আপােনাক দেখুৱাবলৈ নিছিল। সেই মানুহজনৰ মুখেৰেই শুনিছিলোঁ, আপুনি দিনে ৰাতিয়ে ৰােগীয়া ল'ৰাটোৰ কাষত পৰ দি থকাৰ কথা। দেউতা নিশ্চিত হৈছিল যে সেইজন ডাক্তৰ আপােনাৰ বাদে আন কোনাে নহয়।

 দেউতাৰ আপােনাৰ ওপৰত আছিল অটল বিশ্বাস। এতিয়াও সেই বিশ্বাস কোনােগুণেই কমা নাই। আৰু মােৰ আছে। দেউতাৰ বিশ্বাসৰ ওপৰত বিশ্বাস। মােৰ মনে কৈছে, মই মাতিলে নন্দন বনলৈ আপুনি আহিব। আন নহ'লেও মিৰদান বাইদেউৰ বাবেই আপুনি আহিব। দেউতাই বাইদেউক কেনেকৈ ৰাখিছে এবাৰ চাবলৈকে আপুনি আহিব।

 বিঃদ্রঃ- মই তাৱৈদেউ বুলি ভবা মানুহজন যদি আপুনি নহরাে, তেতিয়াও আপুনি আমাৰ নন্দন বনলৈ আহিব। মই সকাতৰে অনুৰােধ জনাইছাে। চিঠিৰ লগত মই নন্দন বনৰ পৰিচয় পুস্তিকাখন দিছো।

 ইতি

 অনিন্দ্য সুন্দৰ

 একাদশ শ্রেণী

 চিঠিখন পত্নীৰ মুখেৰে শুনি ডাক্তৰে কথাবােৰ দ্বিতীয়বাৰৰ কাৰণে জানিলে। প্রথমবাৰ তেওঁ নিজেই পঢ়িছিল।

০০ ০০ ০০

 পােহৰ নহওঁতেই গায়ে মূৰে এড়ী চাদৰ লৈ কোবাকুবিকৈ মিৰদান বাইদেউৰ ঘৰলৈ খােজ দিয়া ল'ৰা দুটালৈ তেওঁৰ মনত পৰিছিল। চোতালত ৰখাই থােৱাট্রাকখনত বাইদেউহঁতৰ কামকৰা মানুহ দুটাই বস্তুবােৰ তুলি থকাৰ সময়তে সিহঁত গৈ পাইছিল। মিৰদান বাইদেউৰ দেউতাকে ব্যস্ততাৰ মাজতে সুধিছিল, মাৰাহঁত অহা নাই নেকি?

{  {gap}}চাৰলংকিয়ে উত্তৰ দিছিল, আহিছে। কিন্তু মানুহে দেখিব বুলি আদবাটতে লুকাই আছে। এসময়ত বয় বস্তু তুলি হ’লত সকলােবােৰ গাড়ীত বহিল।ট্রাকখন স্টার্ট দিয়া হ'ল। মিৰদান বাইদেউৰ দেউতাকে ট্রাক ড্রাইভাৰজনৰ লগতে সিহঁত দুটাক বহিবলৈ দিলে। কাপােৰৰ মােনাখন লৈ হেমাৰীট্রাকখনত বহিলগৈ। চাৰলংকি ৰৈ থাকিল। কোনােবাই শুনিব বুলি হেমাৰীয়ে চেপা মাতেৰে যিমান পাৰে ডাঙৰকৈ সুধিলে,“নুঠ কিয় ?পােহৰ হবই এতিয়া?”

 “তই যা,মই ইয়াতে থাকিম”

 হেমাৰীৰ চকু বহল হৈ গ'ল। কি কয়চাৰলংকিয়ে! একেলগে বাইদেউৰ লগত যাব,বাইদেউৰ তত্ত্বাবধানত দুয়াে পঢ়া

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড