পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৫

উঠিল। চাৰলংকিয়ে তাৰ তাহানিৰ বন্ধুটোক সাবটি ধৰি সৰু ল'ৰাক বুজোৱাৰ দৰে বুজাব ধৰিলে,“জান হেমাৰী,মই ইয়াতে ৰৈ যােৱাটো বেছি দৰকাৰী আছিল। আমাৰ দুইটাকে যদি বাইদেউহঁতে লৈ গ'ল হেঁতেন, তেতিয়া আমাৰ গাওঁখনত আমাৰ ল’ছালীহঁতক মিৰদান বাইদেৱে আমাক শিকোৱা ভাল কথাবােৰ কোনে শিকালেহেঁতেন ক চোন ?”

 হেমাৰীয়ে চচমাযােৰ খুলি চাৰলংকিলৈ চালে। হয় হয়,গাঁৱত থাকি সি ভাল কৰিলে। অকল ভাল কৰাই নহয়, হেমাৰীতকৈ চাৰলংকি যেন বহুত ওখ হৈ গ'ল। ঘৰৰ মূধচ ভেদি তাৰ চুলিবােৰে যেন আকাশ চুলেগৈ।

 বাছাপীয়ে চাৰলংকিৰ বাহুত চিকুট মাৰি দিলে। এইবাৰ সি বাছাপীক সাবটি ধৰিলে, তাইৰ চুলিত হাত বােলাই দিলে। তাই হেঁপাহ পলুৱাই কান্দি ললে।

 অনিন্দ্যই দেখিলে, মাজ বয়সীয়া তিনিটা বন্ধু সৌ তাহানিৰ শিশু হৈ পৰিছে।

 যথা সময়ত সভা আৰম্ভ হ'ল। নন্দন বনৰ আজি পঞ্চম প্রতিষ্ঠা দিবস। জোনালী মিলিকপীৰ বৰগীত, প্রভাকৰ মুণ্ডাৰ দলৰ ওজাপালি। চতুর্থ শ্রেণীৰ ল'ৰাহঁতে কৰা শােণিত কুঁৱৰী নাটৰ এছােৱা, মানসিং চাৰৰ স্মৃতিত পঞ্চম শ্রেণীৰ ছােৱালীহঁতে গােৱা সমবেত সংগীত শুনি, দেখি মােৰীয়ে আকৌ এবাৰ চকু মােহাৰিলে। মনতে ক'লে,ভাল কৰিলি, চাৰলংকি এই গাঁৱত ৰৈ গৈ তই বৰ ভাল কৰিলি। মিৰদান বাইদেউৰ ফটো তাৰ ঘৰৰ দেৱালতাে ওলমি আছে। কিন্তু চাৰলংকিৰ দৰে বাইদেউক সি এনেকৈ ৰাখিব পাৰিলেহেঁতেন নে? নাই নাই। কেতিয়াও নােৱাৰিলেহেঁতেন।

 দখনা, পেকক্‌,শাড়ী আৰু চাদৰ মেখেলা পিন্ধা মাকবােৰ,চুৰিয়ালংপেন্ট পিন্ধা দেউতাকবােৰ আহি ল'ৰা ছােৱালীবােৰক উৎসাহিত কৰিলে। অনুষ্ঠানৰ মাজতে প্রাচীৰ পত্রিকা উন্মােচন হ’ল হেমাৰীয়ে উদ্বোধন কৰিলে সৰু সৰু ল'ৰা ছােৱলীহঁতে নিজ হাতে সজা ডলা চালনী, খালৈ-জাকৈ, অকণ অকণ ফ্রক, চার্ট, পুতলা, অপৈণত হাতেৰে অঁকা মিৰদান বাইদেউৰ ছবিৰে এখন সৰু প্রদর্শনী। সি অভিভূত হ'ল। বিস্মিত হ'ল। চাৰলংকিয়ে তেনে এনেকৈ জীৱনৰ সাধনা কৰিছে! কি শিকোৱা নাই সি ইয়াত। প্রতিটো কণমানিৰে মুখবােৰ সৰল অথচ আত্মবিশ্বাসেৰে উজ্জ্বল।

 চাৰলংকিয়ে মিৰদান বাইদেউৰ সপােনবােৰ এনেকৈয়ে আগুৱাই নিচে তেনে।

 উভতিবৰ পৰত হেমাৰীয়ে শিক্ষকৰ জিৰণি কোঠাত বহি থকা হুণমিলিক চাবলৈ গ'ল। হুণমিলিৰ দৃষ্টি ধূসৰ। কিন্তু মুখখন পােহৰ কাণত ৰূপৰ থুৰীয়া। পুতেকৰ গৌৰবত গর্বিনী মাক এজনী। তাই হেমাৰীক একেবাৰতে চিনি পালে। আঁঠুকাঢ়ি বহি লৈ সি হুণমিলিৰ হাতত চুমা খালে। পৃথিবীৰ সকলাে মাকৰে গােন্ধ কিজানি একেই। মৃতা মাকৰ হেৰাই যােৱা গােন্ধটো যেন হুণমিলিৰ গাত লিপিট খাই আছিল। এই গােন্ধ হেমাৰীয়ে হেৰুৱাব নােখােজে।

 কাষতে ৰৈ থকা চাৰলংকিলৈ চাই হেমাৰীয়ে তাহানিৰ অঁকৰা ল'ৰাটোৰ দৰে ক'লে,“মই আকৌ আহিম ইয়ালৈ। একেবাৰে টালি টোপােলা বান্ধি। তােৰ গােটেই ল'ৰা ছােৱালীবােৰ আমি দুইটাই সমানে ভগাই লম। দিবিনে?”

 সি যেন ল’ৰা দুটাই মাৰ্বলবােৰ সমানে ভগাই লােৱাৰ কথাহে ক'লে!

 চাৰলংকিয়ে হেমাৰীৰ বাহুত লাহেকৈ ঘূচিয়াই দিলে।

 অনিন্দ্য কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিল। সি এতিয়া ডেকা হৈছে। য'তে ত’তে চকুপানী ওলালে তাৰ আজিকালি বৰ লাজ লাগে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড