পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৮

চুঙা বােৰৰ পৰা শুকান গাহৰিৰ মঙহ দুটুকুৰামানকে আনি পুতেকৰ পাতত দি দিয়াৰ কথা ভাবিলে তেতিয়াই পদূলিত হেমাৰীৰ মাত শুনা গ'ল। হুণমিলিয়ে স্বস্তি আৰু দুখ একেলগে অনুভৱ কৰিলে। চাৰলংকি ওলাই যােৱাৰ পাছত তাইৰ মনলৈ বজাৰত হৰলাং বেচাৰ চিন্তাটোৱে দুবাৰ মান ভুমুকি মাৰিলেহি। কিন্তু পিছমুহূর্ততে কাদম আৰু পুতেকৰ মুখ দুখন যেন দৃষ্টিত এঠা লাগি ধৰিল আৰু দুয়ােটাই বােবা অভিমান এটা লৈ তাইৰ ফালে চাই থাকিল। এসময়ত তাইৰ আউল লগা চিন্তাবােৰে নিজেই জট ভাঙি লৈ তাইক বজাৰলৈ সাজু হ'বলৈ কিয়াই থাকিল।

 চাৰলংকিহঁতৰ সমনীয়া প্রায় আটাইবােৰ আৰু ওপৰ শ্ৰেণীৰ সকলাে ল'ৰা ছােৱালীয়েই গােট খাইছিল। মিৰদান বাইদেৱে খৰ খােজেৰে কোবাকুবিকৈ আহি স্কুল পায় মানে হেড ছাৰে সকলােকে গােট খুৱাই কথা পাতিবলৈ আৰম্ভ কৰিছিল। দহদিনৰ পাছত চাৰৰ কাৰ্বি অসমীয়া অভিধানখনৰ উন্মােচনী অনুষ্ঠান হ'ব। তালৈ চহৰৰ মানুহ আহিব। চাৰলংকিত থাকিবই। কিন্তু অকল থাকিলেই নহ'ব, সিহঁতে গান গাব, আবৃত্তি কৰিব আনকি সৰু সুৰা নাটক এখনাে কৰিব লাগিব। অহা দহদিন সিহঁতৰ চামাৰ কেম্প হব বুলি ধৰিলেই হ'ল। মিৰদান বাইদেউৰ লগতে চাৰাে থাকিব শিকাবলৈ। পুৱাই আহি ল’ছালিহঁত আবেলিহে ঘৰলৈ যাব। সেয়ে দুপৰীয়াৰ খােৱাটো আৰু মাজে মাজে লঘূ আহাৰ স্কুলতে দি থকা হ'ব।

 মিৰদান বাইদেৱে প্ৰথম শ্ৰেণীৰ কোঠাত সকলােকে গােটাই ল'লে। কোনে কোনে পাৰে গান এটাও গাবলৈ ক'লে। চাৰলংকিয়ে গান এটা জানিছিল। বনলতা আইতাৰ ঘৰত বাপুৱে পুখুৰীৰ পাৰত বহি এই গানটো গাইছিল। গৌৰৱত তাৰ বুকু ফুলি উঠিল। আজি গােটেই মখাকে সি আচৰিত কৰি দিব । সি থিয় হৈ গাবলৈ ধৰিলে,গছে গছে পাতি দিলে

 ফুলৰে সৰাপাত...

 মিৰদান বাইদেৱে শৰাই কোৱা বােলা কথাটো তাৰ কাণত নুসােমাল। সি চকু মুদি একেখিনিকে গাবলৈ ধৰিলে।

 হেডছাৰৰ অভিধানখনৰ উন্মােচনী সভাখন সুকলমে পাৰ হৈ গ'ল। ছাৰৰ বন্ধু আৰু প্ৰান্তৰ আলােচনীৰ সম্পাদক অমিতাভ ফুকনে কিতাপখন উন্মােচন কৰিলে,বাছাপীহঁতে গােৱা “চিৰ চেনেহী মােৰ ভাষা জননী” শুনিলে আৰু চাৰলংকিহঁতে ৰিত্নংচিংদিত গােৱা গীত শুনি অভিভূত হৈ উভতি গ'ল। সভালৈ বহুত মানুহ আহিছিল। স্কুলৰ বননিত বহি মুকলি আকাশৰ তলতে সকলােৱে অমিতাভ ফুকনৰ কথা শুনিছিল। মিৰদান বাইদেউক আর্লেংনহয় বুলি কোৱা মাইকী মানুহকেইজনীয়ে ঈর্ষা আৰু আশ্চর্যৰে বাইদেউক চাই থাকিল। বাইদেৱে কৈছিল কার্বি সকলৰ বীৰ থংনকবেৰ কথা আত্ম সন্মানী নাৰী হাৰ কথা। ৰামায়ণৰ দৰেই প্রাচীন কাহিনী চাবিন আলুন আৰু অনেক কৃষ্টিৰে কাৰ্বি সংস্কৃতি সমৃদ্ধ বুলি কোৱা শুনি সিহঁতৰ বুকু গর্বত ফুলি উঠিছিল। অথচ দুদিনমান আগলৈকে সিহঁতে মিৰদানক আর্লেং বুলি মানিবলৈকে টান পাইছিল। বাইদেৱে কৈছিল,“আমাৰ কার্বি জাতিটো অসমৰ সকলােতকৈ প্রাচীন অধিবাসী। যাৰ বাবে আমাক অসমৰ কলম্বাচ বােলা হয়।”

 চাৰলংকিহঁতে আন নহ'লেও এইটো বুজিছিল যে সিহঁতে নিজকে লৈ গৌৰৱ কৰিব পৰাকৈ বহুত কিবাকিবি আছে। কিন্তু মিৰদান বাইদেৱে কথাবােৰ নােকোৱা হ'লে সিহঁতে নিজকে কেৱল দুখীয়া মানুহ বুলিয়েই ভাবি থাকিলহেঁতেন।

০০ ০০ ০০

 গৰমৰ বন্ধ খুলিবলৈ মুঠেই দুদিনমানহে থাকিল। হেমাৰীৰ আয়ােজন মতে চাৰলংকিয়ে সেইকেইটা দিন হেঁপাহ পলুৱাই খেলি লােৱাৰ কথা ভাবিলে। চিম্ হা চন পাহাৰৰ বুকুৱেদি বাগৰি গাঁৱলৈ বৈ অহা টিক জুৰিৰ পাৰে পাৰে ওৰেটো আবেলি ঘূৰি ফুৰাৰ আঁচনি হ'ল। স্কুল যাবলৈ উত্ৰাৱল হৈ থকা ল'ৰাটোৰ হঠাৎ অনুভৱ হ'ল,আৰু অলপ দিন স্কুল বন্ধ হােৱা হলেও বেয়া নাছিল।

 আনদিনাতকৈ মিৰদান সােনকালে স্কুললৈ ওলাল। গৰমৰ কোবটো কমক চাৰি বাঢ়িছেহে। তাতে প্রায় গােটেই জুলাই মাহটোৱেই বৰষুণ দিলে। সিহঁতৰ বাৰীখনাে হাবিয়ে ছানি পেলাইছে। ইমান দিনে কামকৰা মানুহটোৱেও বৰষুণৰ বাবেই বাৰীখন চাফা কৰিব পৰা নাছিল। পাছফালৰ বাৰাণ্ডালৈ গ'লেই মহবােৰে জাকে জাকে খেদা মাৰি আহে। অৱশেষত মিৰদানৰ মাকে অতিষ্ঠ হৈ ৰ'দৰ মুখ দেখা মাত্রকে লগুৱাটোকবাৰী চাফা কৰিবলৈ লগাই দিলে। অভিজ্ঞতাই তেওঁক শিকাই থৈছে। এই পাহাৰীয়া ঠাইখনত মেলেৰীয়াই প্রায় প্রতিবছৰে বহুত মানুহৰ প্ৰাণ লয়। এতিয়া মহবােৰে বন্ধ পানীত কণী পাৰিবলৈ আৰম্ভ কৰিছে। এদিন সেইবােৰৰ পৰাই মাইকী এনফিলিছ মহে মানুহৰ গালৈ মেলেৰীয়া বিয়পাই দিব? তেওঁ লগুৱাটোক গাত

সানিবলৈ নাৰিকল তেলৰ বটলটো আগবঢ়াই দি মিৰদানক ক'লে,“মাজনী তুমি ল'ৰা ছােৱালীহঁতক গধূলিতে গাত নাৰিকল

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড