পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৭

চাৱনিৰে চাই হনহনাই পদূলিৰ ফালে খোজ দিলে। যিমান বেগাই গ'লেও তাইৰ চকুত পৰিল বান্ধৱী কইনা কাচ্ছেৰ কাষত জোনৰ সাৰথি তৰা হৈ মিৰদান বহি আছে। নামটোৰ দৰেই শুভ্ৰ পিনিখনেৰে তাই খৰিকাজাই এপাহ হৈ আমোলমোলাই আছে। হুণমিলিয়ে নঙলা খুলিলে। মানুহটোৱে এদিন তাইক ধেমালিতে কৈছিল, ছোৱালী হ'লে আমাৰ কেঁচুৱাটোৰ নাম মিৰদান হ’ব!

 তাই কৌতুকেৰে সুধিছিল, কিয়?

 তামোলৰ পাতে কটা জোনটোলৈ চাই কৈছিল সি,নিজান হাবিৰ খোৰোঙত অকলশৰে ফুলা এপাহমিৰদান (কপৌফুল) হৈ আমাৰ কেঁচুৱাকনেও আমাৰ বুকু জুৰাই থাকিব! সেইটো মানুহ যাওঁ বুলি নোকোৱাকৈয়ে গুচি গ'ল! হুণমিলিয়ে বুকুখন হেঁচা মাৰি ধৰিলে। ঘৰলৈ বাটটো পোনাবলৈ ৰৈও তাই শিমলু জোপাৰ তলতে ঢ” কৈ বহি দিলে।

 হুণমিলি ঘৰ পাওঁতে আবেলি হৈছিল। জিকাফুলৰ দৰে আবেলিটো যেন কৰুণ গীত এটি হৈ উপঙি আছিল। হানমীৰ আইতাকে কোলাত শুৱাই চাৰলংকিক সাধু ক’বলৈ আৰম্ভ কৰিছিল। হুণমিলিয়ে পিৰালিত উঠিয়েই পুতেকৰ আব্দাৰ শুনিলে,“আইতা কাৰ্বি মানে কি? আমি ক’ৰ পৰা আহিলো?”

 তাই বুজিলে হানমীৰ বুঢ়ীৰ আজি নিস্তাৰ নাই। চাৰলংকিৰ এইবোৰ জানিবলৈ বৰ হেঁপাহ। হানমীৰ আইতাকেও তাক বৰ প্ৰশ্ৰয় দিয়ে। গতিকে আজি বিয়লিটো দুয়োটাই কথা পাতিয়েই পাৰ কৰিব আৰু কাদমে মাজে মাজে শলাগি তামোল খুন্দি থাকিব।

 কাৰ্বি মানুহক ব্ৰহ্মাই নিজৰ তেজ মঙহৰ পৰাই সৰজিলে বুইছ আকৌ থেকাৰ কিবি আছ' অৰ্থাৎ থেকাৰ ৰখা জাতি মানেও কাৰ্বি। থেকাৰৰ থ আৰু কিবিৰ কি আঁৰাই দিলেই কাৰ্বি হয়। নহয় নে?তই ইছকুল যোৱা মানুহ। জানিবি। হানীৰে লা সানি ক’লা কৰা দাঁত কেইটা উলিয়াই হাঁহিলে। চাৰলংকিচাৰলংকিয়ে চকুহাল টিপিয়াই ক'লে, ৰাতিলৈ মোক থিৰেংৱাৰেঙৰ সাধু কবি দেই আইতা। চাৰলংকিআন্ধাৰ নৌহওঁতেই হুণমিলিয়ে ৰাতিৰ সাজলৈ শাক পাতবোৰ বাচি ল’বলৈ পিৰালিতে বহি ললে। হানমীৰ বুঢ়ী। কাইলৈ পুৱাই যাবগৈ। আজি এসাজ ভালকৈ খুৱাব লাগিব। এনেতে চাৰলংকিৰ স্কুলৰ চকীদাৰটো আহি ওলাল। পদূলিত ৰৈ সি ৰিঙিয়াই ক'লে,“কাইলৈ দহ বজাত তোমাৰ ল'ৰাটো ইছকুল পঠাই দিবা নী! হেডচাৰে মাতি পঠাইছে দেই।”

 হুণমিলিৰ উত্তৰলৈ সি নৰলেই। ভিতৰৰ পৰা কাদমে খঙতে ভোৰভোৰালে,বন্ধ এমাহ দিছিল দেখোন! এতিয়া পোন্ধৰ দিনতে স্কুল খুলিবলৈ হ'লেইনে? লছালি মখাই খেলা ধূলা নকৰিব নেকি?

 ৰূপতালিন নামৰ বাৰী তিৰোতা এজনী আৰু জিনঙৰ বোৱাৰীয়েক বজাৰৰ পৰা উভতিছিল। সিহঁতে বাটৰ পৰাই চিঞৰিলে,“বজাৰলৈ এইকেইদিন যোৱা নাই কিয় ঐ! “লোচকান হ'ব কিন্তু তোৰ”

 সিহঁতৰ প্ৰায় খালী হোৰাবোৰ দেখি হুণমিলিৰ বেয়াও লাগিল। সাঁচতীয়া পইচাৰে পুতেকক কাপোৰ এসাজ দিব নে হলি’ এটা কিনিব ,তাই ভাবিয়ে নেপালে। তাতে এই দুদিনমান বজাৰলৈ নগৈ তাই তেল নিমখ কণো হাত ধৰি চলাব লগা

 এনেকৈ নহ'ব। তাই আকৌ বজাৰলৈ যাব লাগিব। চাৰলংকি এদিন ডাঙৰ মানুহ হ'ব লাগিব। হ'বও সি!আৰু তাই ৰূপৰ থুৰীয়া পিন্ধি গৌৰৱেৰে সমাজৰ আগশাৰীত বহি থাকিব। দুলি থকা সপোনটো উমলাই তাই আন্ধাৰতে বহি থাকিল। আন্ধাৰ খিনি তাইৰ ভালো লাগিল।

 চাৰলংকিৰ বাবে ৰাতিটো বৰ দীঘলীয়া আছিল। বেলি ওলাই মানে সি কেইবাবাৰো পদূলিলৈ তাত বাতি কাঢ়িলে। তাৰ সমনীয়াবোৰে বাৰু খবৰটো পালেনে? বাছাপী আৰু হেমাৰীয়ে? সিহঁতে এই পদূলি পাৰ হৈয়েই যাব লাগিব। তাক লগ ধৰিবনে সিহঁতে! নে অকলেই যাবগৈ বাৰু!

 হুণমিলিয়ে তাক চিঞৰি মাতিলে। অৱশ্যে আনদিনাৰ দৰে তাই গা ধুবলৈ তাক হেঁচুকিবলগা নহ'ল। সি গা ধুই উঠি তেল টেঙা ঘঁহি ভাতৰ পাতত বহিলহি। গৰম ভাতকাহীৰ কাষতে জুইত পোৰা কচুৰ পিটিকাকণ দেখি সি ভাবিলে, লৰালৰিতে মাকে কচুটো তাক পুৰি পিটিকা কৰি দিছে। সি ফুৱাই ফুৱাই খাবলৈ আৰম্ভ কৰিলে আৰু অক্ষম বেজাৰত হুণমিলিয়ে আঁৰ হৈ

চকুলো মচিলে। ভাতগাল খাবলৈ এসময়ত নিমখ এজেবাৰ বাদে একোৱেই যেতিয়া নাথাকিল,যেতিয়া হুণমিলিয়ে ধোঁৱা চাঙৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড