পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৬

হুণমিলিয়ে তৎক্ষণাৎ উত্তৰ দিব নোৱাৰিলে। কাৰণ, দিনটো লোকে মাছ মৰা চাই বিলৰ পাৰত বোন্দা পৰ দি থকাটো অন্ততঃ হেমাৰীৰ বাবে অসম্ভৱ। সি পানীত নামিবই। তাৰ লগতে যদি চাৰলংকিয়েও দ পানীলৈ নামি যায়! আৰু যদি মাছ ধৰাৰ উল্লাসত মগ্ন মানুহবোৰে ককবকাই থকা চাৰলংকিক নেদেখে! তেতিয়া? তথাপিও এখন্তেক ৰৈ তাই ক'লে, “যাবি বাৰু, কিন্তু পানীত নানামিবি। সাপ, জোক থাকিব। অসুখ বিসুখ হ'ব। মিছাতে স্কুল যাব নোৱাৰিবি। মিৰদান বাইদেৱে বেয়া পাব।” হেমাৰীয়ে পানীত নামিমেই বুলি ভাবি আছিল যদিও মিৰদান বাইদেৱে বেয়া পোৱা কাম সি কৰিব নোৱাৰে। কাৰণ ডাঙৰ হ'লেই সি বাইদেউক বিয়া পতাৰ কথা।

 অৱশেষত আগবেলা মাছলৈ গৈ দুপৰীয়াৰ সাজ কাচ্ছে পেহীৰ ঘৰত খাই আইতাকহঁতৰ লগত আবেলি ঘৰলৈ উভতি অহাৰ চুক্তি কৰি দুয়োটা জঁপিয়াই জঁপিয়াই ওলাই গ'ল।

 বিলৰ পাৰত বহুত মানুহ গোট খাইছিল। হাতে হাতে জাকৈ-খালৈ, জাল, প’ল’আৰু পঁচা লৈ ডেকা বুঢ়া, মতা মাইকী, আনকি ৰং চাবলৈ অহা পেন্দুকণাও বাদ পৰা নাছিল। গাঁৱৰ মুখিয়াল ডেকা সকলে পাহাৰৰ হীৰু বীজ সংগ্ৰহ কৰি ঘৰত গুৰি কৰি আনি বিলৰ পানীত ইতিমধ্যে মিলাই দিছিল। এনে কৰিলে মাছবোৰ নিচাযুক্ত হৈ পানীত উপঙি উঠিব আৰু তেতিয়াই ৰাইজে পানীত নামি মাছ ধৰিব। বিলখন এনেও ভোগালী। তাতে বাৰিষাৰ বাবে মাছৰ উজান উঠিল। মানুহবোৰে মাছ ধৰাৰ নামত আনন্দত মতলীয়া হৈ পৰিল। আনকি চাৰলংকিহঁতৰ সমনীয়াবোৰেও পানী যুঁৱলিত নামি জঁপিয়াব ধৰিলে। ডেকা সকলৰ বনৰীয়া উকিত বিলৰ পাৰটো যেন উৎসৱৰ থলিত পৰিণত হ'ল। বাঁহৰ পাছিবোৰ মাছেৰে উপচি পৰিল। বেছি পৰ ৰ'দত থাকিলে সেইবোৰ গেলি যোৱাৰ ভয়ত দুজনে আহি ডাঙৰ পাত্ৰ এটাত মাছবোৰ বাকি দিলেহি। সেই মাছবোৰ গাঁৱৰ মানুহক ঘৰেপতি বিলাই দিয়া হ'ব। তাৰ পাছতো যদি মাছ ৰৈ যায়,তেতিয়া গামবুৰা ককাৰ ঘৰত ৰাতি সমূহীয়া ভোজ হ’ব। থং খুৰাই হেমাৰী আৰু চাৰলংকিক মাছ একোটা দি ক'লে,“তহত যা গৈ বোপাইহঁত, ৰাতি ভোজলৈ আহিবি দেই।”

 হেমাৰীৰ লৰচৰ কৰিবলৈ মুঠেই মন নাছিল। তথাপিও চাৰলংকিৰ মাকে কোৱা কথাবোৰ মনত পেলাই সি বহি থকা গছৰ মূঢ়াটোৰ পৰা থিয় হ'ল। আকাশখনো যেন ক'লা হৈ আহিছে। ৰষুণৰ আগতেই কাচ্ছে পেহীৰ ঘৰ পাবগৈ লাগিব।

 ল’ৰা দুটাৰ লগত ধেমালি কৰো বুলিয়েই যেন চিপচিপ্ কৈ বৰষুণ পৰিবলৈ ধৰিলে। ইপিনে কাচ্ছে পেহীৰ ঘৰ পাবলৈ ভালেমান দূৰ বাকী। জানটোৰ কাষ পাওঁতেই হেমাৰীয়ে ক'লে,“মই এতিয়া ইয়াতে বহিম। বৰষুণত তিতিম।”

 কৈয়ে সি নৰ’ল। জানৰ ওপৰত ফলা তামোল গছ পাৰি সজা সাঁকো ডালত বহি সি চিঞৰি চিঞৰি গাবলৈ ধৰিলে

“পিৰবি আংবং
মনিত আকাংহন
আৰ্ণাম কপুচন
থাংথা পিৰবি পিনি নেফান...

 চাৰলংকিৰ হেমাৰীলৈ মৰম লাগি গ'ল। ইমান সুখী হ’ব জানে সি! চাৰলংকিয়ে মন্ত্ৰমুগ্ধৰ দৰে হেমাৰীৰ কাষত বহি দিলেগৈ।

০০ ০০ ০০

 মানুহবোৰে গুণগুণাই কথা পাতিছে,এই গোটেই ভূখণ্ডতে ইমান ধুনীয়া মানুহ নাই!কোনোবা এগৰাকীয়ে অসহিষ্ণু মাতেৰে কৈ পেলাইছে,নহ’বনো কিয়? তাই আৰ্লেং (মানুহ, স্বজাতি, আত্মীয়) নহয় যে? থং টেৰণৰ তাই তোলনীয়া জী হে তেও! হুণমিলিৰ অসহ্য লাগিল। ডাঙৰ মাতেৰে তাই কৈ পেলালে,“এৰা তহঁতে ঠিকেই কৈছু,তাই আৰ্লেং নহয়। তাই দেৱী ৰাছিঞ্জা (আদিশক্তি দেৱী)। আৰ্লেং নহয় কাৰণেই তাই আজি তোৰ মোৰ দৰে পৰচৰ্চাৰ মেলত বহি থকাহি নাই। আমাৰ পোৱালিহঁতে যে তোৰ মোৰ কথাতকৈ তাইৰ কথা শুনিবলৈ লৈছে কিয় জাননে? তহঁতৰ এই বন্ধ পুখুৰীৰ দৰে মগজবোৰৰ কাৰণে। ৰাংচিনা চাৰপ'ৰ পৰা ৰজা ৰেংবংহমৰ আখ্যানলৈকে আমাৰ কাৰ্বি জাতিৰ সকলো কথা ক'ব জনা ছোৱালীজনী যদি আৰ্লেংনহয়, নেলাগে হ'ব।হতেই হৈ থাক!” উম্মা আৰু ক্ৰোধত হুণমিলিৰনাকৰ পাহি ফুলি উঠিছিল। ভালেই হ'ল,চাৰলংকিয়ে খাই বৈ আইতাকহঁতৰ লগত ঘৰলৈ গ'ল। নহ'লে কাচ্ছেৰ বিয়া খাবলৈ আহি মিৰদান বাইদেউৰ বিষয়ে এনেকুৱা কটুকথা শুনি

সি ভাগি পৰিল হেঁতেন। তাই ঘৰলৈ যাবলৈ থিয় হ'ল আৰু মজিয়াত পাৰ্টি পাৰি বহি থকা মাইকী মানুহখিনিৰ ফালে ঘৃণাৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড