পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৫

আইতাকে তাক গালে মুখে চুমা খালে। যা যা বোপাই,মুখ হাত ধুই কিবা এটা খাইল।

 চাৰলংকিয়ে ভিতৰলৈ চাই মাকক চিঞৰিলে, পাই ভাত বাঢ়। হেমাৰীও আহিছে।

 বাছাপীৰ চকু বহল হৈ গ'ল। বাইদেউৰ ঘৰত এপেট খাই অহাৰ কিমান সময়নো হৈছে! ই চাৰলংকি দেখোন মহা খকুৱা!!

 তাই নেজানিলে যে, লঘোণীয়া পেটে থকা বন্ধুক লগ দিবলৈকে চাৰলংকিয়ে মাকক ভাত বাঢ়িবলৈ কৈছে।

 হানমীৰ আইতাকে ভাত খাবলৈ বহা হেমাৰী আৰু চাৰলংকিক বাঁহৰ বিচনীখনেৰে বা দি ক'লে, পোণাহঁত ভালকৈ খা। তেহে পঢ়িবলৈ বল পাবি। নহ'লে আমাৰ নিচিনা অঁকৰা হৈ থাকিবি।

 হানমীৰ আইতাৰ ‘দুকজিৰ’ অঁকা মুখখনলৈ বাছাপীয়ে অবাক হৈ চাই আছিল। আইতাৰ কপালৰ পৰা ডিঙিলৈকে দীঘলে দীঘলে আঁকা নীলা ক’লা বৰণীয়া ৰেখা ডাল কোনে আঁকি দিলে তাই তাকেই ভাবি আছিল। পকাতেল সনা শুকান মাছৰ চাটনি আৰু পোৰা আলুৰ পিতিকাৰে পৃথিৱীৰ সকলো ক্ষুধাৰে ভাত খাই থকা হেমাৰীৰো আচৰিত লাগিছিল। কিন্তু সেই সময়ত পেটৰ ভোকতকৈ তাৰ কাৰণে কৌতুহল নিবাৰণ ডাঙৰ কথা নাছিল। হানমীৰ আইতাই নিজেই কৈ গ'ল, “আমাৰ দিনত ছোৱালীয়ে পাট গাভৰুতে দুক্‌ লোৱাৰ নিয়ম। কাঁইটেৰে খুচি খুচি কপালৰ পৰা থুতৰিলৈকে ঘাঁ কৰি ছিবু পাতৰ ৰস সানি মুখখন চিৰদিনলৈ বিকৃত কৰি দিয়া হয়। দুক্‌ নথকা কাৰ্বি নাৰীৰ হাতেৰে খোৱাও মানা। দুক নথকা মাইকী মানুহ মৰিলে মৰিশালিত জুই দিবলৈও কোনো নগৈছিল। আজিকালিহে মানুহে এইবোৰ এৰি পেলাইছে বুইছ আইটি।” বাছাপীৰ কথাবোৰ শুনি ভয় লাগিল। কিন্তু পিছ মুহূৰ্ততে তাইৰ ভালো লাগিল। অন্ততঃ তাই দু লোৱাৰ যন্ত্ৰণা ভূগিব নালাগিব।

 বাছাপীৰ দেউতাক গধূলিৰ আগে আগে আহি তাইক ঘৰলৈ লৈ গ'ল। হুণমিলিয়ে আবেলিতে বজাৰলৈ ওলাই গৈছিল। তাই হেমাৰীৰ মাকক বজাৰত লগ পাই ‘ল’ৰাটো আমাৰ ঘৰতে আছে। চিন্তা নকৰিবি’ বুলি নিশ্চিন্ত কৰি দিলে। ইফালে চোতালতে পাৰ্টি পাৰি কাদম আৰু হানমীৰে জুমুঠি এটা জলাই লৈছিল। সিহঁত দুইজনীয়েই সৰু কালৰ সখী আছিল, এতিয়া বৌ ননদ। কাদমে ক’ব লাগে বাবেই যেন ক'লে, “হুনমিলি আহি নোলালহি দেখোন। বেছেৰীৰ বৰ কষ্ট হৈছে। বহুত দিন হ'ল, তাইক নতুন কাপোৰ এসাজ দিবই পৰা নাই। ইফালে কাচ্ছেহঁতৰ আদম আছাৰ (বিয়া) পালেহিয়েই।”

 হানমীৰে লা ৰে ক'লা কৰা দাঁত কেইটা উলিয়াই ক'লে,“এৰা, এসময়ত তাই কম কাজী শিপিনী আছিল নে? জানা বৌ, মোৰ এনে লাগিছিল, সৰগৰ তৰাফুল কাপোৰত বাছি কাৰ্বি সমাজত বয়ন শিল্পৰ প্ৰচলন কৰা চেৰদিহুনহে আছিল যেনিবা তাই!

 চাৰলংকি আহি কাদমৰ কোলাতে মূৰ থৈ শুলেহি। তাই নাতিয়েকটোৰ চুলিত হাত বোলাই ক'লে,কাইলৈ হানমীৰ আইতাৰ আৰু মই কাচ্ছে পেহীয়েৰৰ ঘৰলৈ হৰলাং (লাওপানী) বনাবলৈ যাম। বিয়া পালেহিয়েই নহয়। তই হেমাৰীকে মাতি লবি নহ'লে। মাৰে পুৱাই আৰালৈ যাব।”

 চাৰলংকিয়ে মূৰ লৰালে।

০০ ০০ ০০

 নমতাকৈয়ে ৰাতিপুৱাই হেমাৰী আহি ওলাল। মোনা ভৰাই সি এগালমান কঁঠাল গুটি লৈ আহিছে। হুণমিলিয়ে পুতেকৰ সমনীয়া ল'ৰাটোৰ কৃতজ্ঞতা বোধত মৌন হৈ গ'ল। কালি আবেলিৰ ভাতসাজ খাই যোৱাৰ বাবদ যে সি কঁঠাল গুটিবোৰ আনিছে তাই বুজি পালে।

 চাৰলংকিয়ে সাৰ পায়েই মুখ হাত ধুলে। পঢ়িবলৈ অলপো মন নকৰা হেমাৰীক কাষতে বহুৱাই নেওতা পঢ়ুৱালে। নিজেও পঢ়িলে আৰু মাকক সোনকালে আজৰি কৰি দিবলৈ বুলি খৰি খেৰবোৰ গোটাই দিলে। আইতাক দুজনী কাহিলিপুৱাতেই কাচ্ছে পেহীৰ ঘৰ পালেগৈ। সিহঁতক খুৱাই বুৱাই মাকেও ঝুমতলিলৈ যাব লাগে। সোনকালে খাই বৈ আজৰি নহ'লে মাকৰ বৰ আমনি হ'ব।

 খাই থাকোঁতে হেমাৰীয়ে ক'লে, “মামীদেউ আজি গাঁৱত অ’ক কেপ্রু (মাছ ধৰা উৎসৱ) আছে। লংকিক মোৰ লগত লৈ যাম নে?”

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড