নাছিল। হুণমিলিৰ ভয় লাগি গ'ল। স্কুলৰ সময়কন সি বাৰু বন্দীত্ব বুলি ভাবি লৈছে নেকি?
বিছনাত পৰি তাই লঙৰ মূৰটো মোহাৰি মোহাৰি হিচাপ কৰিলে। আজি লঙৰ বয়স পাঁচ বছৰ দুমাহ,ছয়দিন হ'ল।
কুকুৰাৰ প্ৰথমটো ডাকতে তাইৰ টোপনি ভাঙি গ'ল। পোহৰ হ’বলৈ তেতিয়াও ভালেমান পৰ বাকী। যোৱা কেইদিনমানৰ পৰা পুহমহীয়া জাৰে মানুহবোৰক লেপৰ তলৰ পৰা ওলাই আহিবলৈকে নিদিয়া হৈছে। তাইৰ বুকুৰ মাজত কুচিমুচি সোমাই থকা এধানমান কেঁচুৱাটোৰ দৰে চাৰলংকিৰ নিস্পাপ মুখখন চাই তাইৰ দুচকুৰে চকুলো বাগৰি পৰিল। পৃথিৱীৰ সকলো সৰলতাৰে কোমল হৈ থকা তাৰ মৰমলগা মুখখন লেমৰ পোহৰত যেন কৰুণ ছবি এখন হৈ পৰিছিল। চাৰলংকিৰ মুখখনলৈ তাই এপলক নেত্ৰ চাই থাকিল। সৌ সিদিনাৰ হে কথা যেনিবা! কাদমে পুতেকৰ অকাল মৃত্যুত দুখ কৰিবলৈও সময় পোৱা নাছিল। গা ভাৰী বোৱাৰীয়েকৰ আদৰ যত্নৰ পৰা খেতি কৰা আধিয়াৰ বিচৰালৈকে ঘৰৰ প্ৰতিটো লেথা মাৰিও হাঁহ গাহৰি কুকুৰা ছাগলী কুকুৰ আৰু মেকুৰীৰে সৰু সুৰা চিৰিয়াখানা এখনেই চম্ভালি আছিল। তেনেকৈয়ে চাৰলংকি আহিল। সি অহাৰ পাছত যেনিবা হুণমিলিৰ ভায়েক ককায়েকহঁতে আহি ঘৰ দুৱাৰবোৰ থানথিত লগাই বাৰীখনো গত লগাই দিলে। কাদমে প্ৰায়েই আৰা নহ'লেবা অন্য কামত ওলাই যায়। ভাত পানী ৰান্ধি ঘৰ চোতালো সাৰি থৈ যায়। তাৰ পাছতো ঘৰখনত এশ এবুৰি কাম ওলায়। কেঁচুৱা শুৱাই হুণমিলিয়ে কোনোমতে ধোৱা পখলা কৰি ভাত পানী খায়। প্ৰায়েই বিললৈকো যায়। কেঁচুৱা বোকোচাত লৈ তাই কাপোৰ ধোৱে। কেতিয়াবা জাকৈ এচাব মাৰি মাছ পুঠি দুটামানো লৈ আহে। পানী কেঁচুৱাৰ পৰা গৈ গৈ এতিয়া ডাঙৰ হোৱাৰ পাছতো সেয়ে বিল বুলিলে পাগল। চাৰলংকিৰ সিটো পাৰে তাৰ মাহীয়েক লিলি শুইছে। দুইটাৰে গাত কাপোৰ খন ভালকৈ দি তাই লাহেকৈ নামি আহিল। সময়মতে স্কুল পোৱাকৈ যাবলৈ হ'লে তাই বহুত কাম বন কৰি থৈ যাব লাগিব। ভাগ্যে যেনিবা কাদমে গাহৰি সোপা গাঁৱৰে এঘৰত আধি পুহিবলৈ দি আঁতৰাই পঠিয়ালে। নহ'লে সেইমখাৰ আল মাৰি থকাও ধেমালি নহয়। আগফালৰ বাৰাণ্ডালৈ যোৱা দুৱাৰখন খোলাৰ শব্দ শুনি কাদমে আনটো কোঠাৰ পৰা মাত লগালে, “ইমান সোনকালে কিয় উঠিলি?”
কাদমে নিজেও জানে প্ৰশ্নটো অনৰ্থক। কাৰণ হুণমিলিৰ দৰেই তাইৰো কেতিয়াবাই টোপনি ভাঙিল। তাইৰ কাপোৰৰ জাপত সোমাই থকা নিমাখিত কাংকুৰাটো আজি যে স্কুললৈ যাব! ইয়াতকৈ ভাল লগা কথা যেন তাইৰ জীৱনত আৰু কেতিয়াও ঘটাই নাছিল!!
হুণমিলিয়ে গৰম পানীৰে গা ধুৱাই অনা পুতেকৰ চুলিত তেল ঘঁহি মূৰটো ফণিয়াই দি গাৰ কাষলৈ চপাই ল'লে। তাৰ কপালত চুমা এটা খাই তাই ক'লে, “আজিৰ পৰা তই ডাঙৰ মানুহ হবি। স্কুলত তোৰ সমনীয়া আৰু বহুত লগ পাবি। সিহঁতৰ লগত কাজিয়া নকৰিবি আৰু চাৰ বাইদেউৰ কথা শুনিবি দেই সোনটো।”
তাই আৰু কিবা ক'ব খুজিছিল। কিন্তু শেষৰ ফাললৈ তাইৰ মাতটো থোকাথুকি হৈ পৰিল। বহুপৰ তাই তাক সাৱটি থাকিল। লিলিয়ে তেনেতে চিঞৰিলে ,“ভাত বাঢ়িছে। সোনকালে খা হি। দেৰিয়েই হৈছে”
বাহিৰত তেতিয়াও ৰ’দ ওলোৱা নাছিল। চাৰকিৰিৰ ছোৱালীজনী আৰু তাইৰ লগৰ দুজনী মান আহি ওলালহি। হুণমিলিয়ে কাহানিবাই সিহঁতক মাতি থৈ আহিছে। তাই সিঁহতৰ লগতে চাৰলংকিক লৈ স্কুললৈ ওলাল। কাদমে গালে মুখে নাতিয়েকক হাত ফুৰাই দিলে। “দে কাংকুৰা দে! ভালকৈ পঢ়িবি। বহুত ভাল ভাল কথা শিকিবি। ঘৰলৈ আহি মোক চৰে অ চৰে আ শিকাই দিবিহি দেই!”নাৰিকল তেল ঘঁহি ফনিয়াই দিয়া চাৰলংকিৰ ৰঙচুৱা চুলি কোচাত তাই আদৰেৰে হাত বুলাই দিলে। মাক পুতেক হাল ওলাই যোৱাৰ পাছত কাদম বিছনাত পৰিলহি। তাইৰ গা টো ভাল লগা নাই। লিলিয়ে আহি জালুক দিয়া চাহ এবাটি দি গ'ল। কাদমে বিছনাত বহি আঁই দুটাত মূৰ গুজি দিলে। তাই কান্দিবলৈও যত্ন কৰিলে।পিছে নাই। চকুপানী নোলাল।
স্কুলৰ বাৰাণ্ডাত বহি চাৰ বাইদেউ সকলে ল'ৰা-ছোৱালীবোৰ আৰু মাক দেউতাকৰ লগত কথা পাতিছে। হুণমিলি আগুৱাই গ'ল। পকা থেকেৰাৰ দৰে তেজগোৰা মুখৰ প্ৰধান শিক্ষকজনে তাইলৈ চাই হাঁহিলে।
: আহা। তুমি আমাৰ সেই লংছিঙৰ ছোৱালী নহয় নে? দেউতাৰাক মোৰ কথা ক’বা। আমি একেলগে পঢ়া।
: কাদৰ্ম চাৰ। ল'ৰাটো আনিছিলো?
: কাৰ্দম কাৰ্দম। চাওঁ চাওঁ আহা চোন মোৰ ওচৰলৈ।
চাৰলংকি আগুৱাই গ'ল। তাৰ অকণমান ভয়ো লাগিল। কিন্তু চাৰে যেতিয়া মৰমেৰে তাৰ পিঠিত হাত বুলাই সুধিলে,