পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“তুমি পঢ়িবানে?”

 তেতিয়া সি টপৰাই উত্তৰ দিলে, “পঢ়িম চাৰ।”

 তাৰ অজলা চকুজোৰ আৰু কথাৰ দৃঢ়তাখিনি চাৰে বৰ ভাল পালে। ওখকৈ চচমা পিন্ধা ইংতি চাৰে তাক ফুলৰ নাম, পাচলিৰনাম সুধিলে আৰু অলপ আঁতৰত খেলি থকা চাৰকিৰিৰ জীয়েক তৰাক দেখুৱাই সুধিলে, সৌজনী যে!বগী ছোৱালীজনী! তাই তোমাৰ কি লাগে?

 চালংকিয়ে সেইফালে চাই টপৰাই ক'লে,“ভাল লাগে”

 ইংতি চাৰে খুব হাঁহিলে আৰু ক'লে, নহয় অ' ল’ৰা। তাই তোমাৰ বাইদেউ লাগে। আজিৰ পৰা তুমি ডাঙৰ ল'ৰা ছোৱালী বোৰক দাদা বা বুলি মাতিব লাগিব। সি মূৰ দুপিয়ালে।

 চকীদাৰে তাক কিতাপ বহী আৰু ইউনিফৰ্ম এযোৰ উলিয়াই দি প্ৰথম শ্ৰেণীত বহুৱাই থৈ আহিলগৈ। টিপাল এখনত তাৰ সমনীয়া আৰু দহটামান ল'ৰা-ছোৱালী বহি আছিল। হুণমিলিয়ে আটাইবোৰক চিনি নেপালে। চাৰলংকিক তাতেই এৰি তাই বাহিৰলৈ ওলাই আহিল। স্কুলৰ গেইটৰ পৰা তাই এনেয়ে এবাৰ পাছলৈ উভতি চালে। স্কুলৰ বাৰান্দাৰ খুটা এটাত ধৰি চালংকিয়ে তাইলৈকে চাই আছিল। তাইৰ দৌৰি গৈ তাক সাবটি ল'বলৈ মন গ'ল। কিন্তু তাই অলপ ৰৈ হাঁহি এটা মাৰি হাত খন ওপৰলৈ তুলি ধৰি তাক বিদায় জনালে। তাইৰ বুকুত কিহবাই সোপা মাৰি ধৰিছিল। তাই আকৌ এবাৰ অনুভৱ কৰিলে, অভিনয় কৰাও বৰ কষ্টকৰ। ডিঙিয়েদি তাইৰ যেন এটোপাল বিহ পাৰ হৈ গ'ল।

 কার্দম-নমস্কাৰ

 : নমস্কাৰ বাইদেউ!!

 ল’ছালিহঁতে সমস্বৰে চিঞৰিলে।

 : নমস্কাৰ। গুদমণিং। বহা বহা। মই মিৰদান দেই।

  মিৰদানে হাঁহিলে। তাইৰ অসমান দাঁত কেইটাই তাইৰ হাঁহিটো আৰু বেছি ধুনীয়া কৰি তুলিলে।

  চালংকিয়ে বগী, লণী আৰু দেখিলেই মৰমিয়াল যেন লগা বাইদেউ জনীলৈ চাই থাকিল। ও আজি আমি আটাইবোৰে চিনাকি হ'ম দেই!

  ল'ৰা ছোৱালীবোৰে ভেবা লাগি তাইলৈ চালে। মিৰদানে বুজিলে, তাই এই জনজাতীয় এলেকাৰ স্কুলখনত কথিত অসমীয়াৰ সলনি হেনা হুচাকৈ সিহঁতে বুজি পোৱা ভাষাটোৰেহে কথা আৰম্ভ কৰিব লাগিব।

 : আমাৰ ফালে মিৰদান আছে। ইতিয়া তোমালোকে নিয়ৰ নিয়ৰ (নিজৰ নিজৰ) নাম কবি হাঁ! ল'ৰা ছোৱালীবোৰে এতিয়াহে যেন সম্বিত ঘূৰাই পালে। প্ৰথম প্ৰথম লাজ লাজকৈ আৰু পাছত মুকলি মনেৰে সিহঁতে নামবোৰ ক'বলৈ ধৰিলে। বাছাপী, চেৰদিহুন, বাচেন, বিদ্যাসিং, লংবিৰাম, হেমাৰী আৰু আৰু .... মিৰদানে নামবোৰ আঁওৰাই গ’ল।

 : সকলোতকৈ শেষত মৰম লগা ল'ৰাটো আগবাঢ়ি আহিল। তাৰ চোলাৰ বুটাম দুটা খোল খাই আছিল। এইকেইদিন ভালকৈয়ে জাৰ পৰিছে। মিৰদানে চুৱেটাৰ পিন্ধিও জাৰ সহিব পৰা নাই। তেনেস্থলত পাতল চোলা একোটা নহ'লেবা পুৰণি ফটা চুৱেটাৰ একোটা পিন্ধি অহা ল'ৰা ছোৱালীবোৰৰ সন্মুখত তাইৰ নিজকে দোষী যেন লাগিল। ল'ৰাটোৰ চোলাৰ বুটাম দুটা তাই মাৰি দি সুধিলে, তোমাৰ নাম?

 ল'ৰাটোৱে হাত যোৰ কৰি ক'লে,নমস্কাৰ বাইদেউ। মোৰ নাম চাৰলংকি ৰংপি।

 মিৰদান অভিভূত হৈ গ'ল। ল'ৰাটোলৈ তাইৰ মৰম উপজিল।

 মিৰদানে সেইদিনা সকলোৰে লগত গান গালে।

 নীল নীল পাহাৰেৰে

 সেউজীয়া সুষমাৰে

 য'ত নাছে ৰামধেনুৰ সাতোৰং

 সেয়া কাৰ্বি আংলং

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড