পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭

হুণমিলিয়ে কৈ থাকিল, তোমাক আজি পাইয়ে সোনকালে ঘৰলৈ মাতিছে। কিয় মই নেজানো। তুমি মোৰ লগতে যাব লাগিব। সি তাইলৈ প্ৰশ্নবোধক চাৱনিৰে চালে। তাই নিৰ্বিকাৰ হৈ বন উভালি থাকিল।

 আৰাৰ পৰা উভতি অহাৰ বাটত সিহঁতে আনদিনাৰ দৰেই লাগবান্ধ নোহোৱা কথা পাতি আহিল। লংকামে এইবাৰ জাৰৰ দিন নাহোঁতেই লেপ এখন বনোৱাৰ কথা ভাবিছে। পাৰিলে পাইৰ কোঠাটোৰ টিন কেইখনো সলনি কৰিব লাগিব। তাৰ সপোন বহুত। তুমি আৰু কি কি সপোন দেখা লং? হুণমিলিয়ে তাৰ কাণে কাণে সুধিলে। “মই! মই!! মই মোৰ পৰ (দেউতা) দৰে নোহোৱাৰ সপোন দেখো হুণ” লংকামে ভাগৰুৱা মাতেৰে উত্তৰ দিলে। হুণমিলি মনে মনে থাকিল। দেউতাকৰ কথা ভুলতে ওলালেও সি বিব্ৰত হৈ পৰে। তাই আৰু একো নুসুধিলে। পাহাৰৰ নামনিত চেমনীয়া এজাক ৰৈ আছিল। সিহঁতৰ উচ্ছ্বসিত মাতবোৰত আনন্দ ফুটি উঠিছিল। অতদিনৰ গৃহবন্দিত্বৰ পাছত মুকলিলৈ ওলাই আহি সিহঁত উচ্ছাসত ফাটি পৰিছিল। সিহঁতজাকৰ ৰঙা গাল মুখবোৰৰ পৰা উৰি যোৱা ৰংবোৰে যেন বেলিটো আৰু ৰঙা কৰি তুলিছিল।

 ইহঁতে ইমান ধুনীয়াকৈ হাঁহিব জানে!

 ইহঁতে ইমান নিখুটকৈ সুখী হ’ব জানে!!

লংকামে মুখৰ ভিতৰতে বিৰবিৰালে। হুণমিলিৰ পেটৰ ভিতৰৰ কথাটোৱে উগুল গুগুল কৰি থাকিল। অৱশেষত ৰ’ব নোৱাৰি তাই কৈয়ে পেলালে।

  আমাৰ ঘৰলৈ জানা আলহী আহিব।

 : হু??

 : উম্‌, আৰু কি জানা? আলহীয়ে তোমাক হেনো প’ বুলি মাতিব।

 লংকামে ঘপ্‌ কৈ ৰৈ দিলে। হুণমিলিৰ হাজাৰ আপত্তি আওকাণ কৰি সি তাইক দাংকোলাকৈ তুলি ল'লে আৰু গজং গজঙকৈ ঘৰলৈ খোজ দিলে।

 দোকানীজনে হুণমিলিলৈ আচৰিত হৈ চালে। “আপোনাক ক’ৰবাত দেখা যেন লাগিছে।“মাটি পেন্সিল আৰু চিলেটখন পলিথিনত ভৰাই দি দোকানী জনে ক'লে। হুণমিলিৰ অস্বস্তি লাগিছিল। তাই একো উত্তৰ নিদিলে। দোকানৰ পৰা উভতিব লওঁতেই তেওঁ আকৌ মাত লগালে, “অলপ ৰ'ব চোন নি! আপুনি বাৰু লংকামৰ মানুহ গৰাকী নেকি? মই আপোনাক বহুত বছৰৰ আগতে দেখা মনত পৰিছে। মই তাৰ বন্ধু। কি কি লাগে আহিব দেই নি!”

 হুণমিলি কুবাকুবিকৈ দোকানৰ পৰা ওলাই আহিল। লংকামৰ ওপৰত তাইৰ তীব্ৰ অভিমান হ’ল। কেনেকৈ সকলো এৰি থৈ গুচি যাব পাৰে সি? সেইদিনা আৰাৰ পৰা ঘৰমুৱা হোৱাৰ বাটত দাংকোলাকৈ কঢ়িয়াই অনা হুণমিলিক সি কৈছিল, “মই কিমান ভাল প'হ'ম চাবিচোন! মই মোৰ প'ৰ দৰে বেয়া মানুহ নহওঁ। মই মোৰ পোৱালিক আকাশৰ সমান মৰম কৰিম।”

 চালংকিক সমান মৰম দিবলৈ লংকাম নাথাকিল। দুদল হিংস্ৰ মানুহৰ যুঁজত বজাৰলৈ ওলাই যোৱা লংকাম এটা আধা পোৰা শৱ হৈ ঘৰলৈ উভতিছিল। গাঁৱৰ ডেকা বোৰে হুংকাৰ দিছিল, “সিহঁতেই মাৰিছে তাক! আমি সিহঁতক নেৰো সুদাই!

 কথাবোৰ এনেকৈ বাঢ়িছিল যে আজি লংকামৰ চুবুৰীটো জলিছিল, কালি সিহঁতৰ ভঁৰাল জলিছিল। অথচ কাৰোবাৰ শহুৰেকৰ ঘৰ অথবা বিয়া দিয়া পেহীয়েকৰ ঘৰ আছিল সিখন গাঁৱত আৰু পাই বুলি মাতিব পৰা বন্ধুৰ মাকবোৰ আছিল এইখন গাঁৱত। কেৱল সন্দেহ আৰু জিঘাংসাই সাতামপুৰুষীয়া মৈত্ৰীৰ বান্ধোন খুলি পেলাইছিল। তেনেকুৱা জুয়ে পোৰা দিনবোৰৰ ভয়াৱহ স্মৃতি লৈয়ে হুণমিলি এদিন মাক হৈছিল।

 মহৰ কামোৰ খাই খাই চালংকিয়ে কাদমৰ কোলাত মূৰ থৈ পিৰালিতে শুই আছিল। নঙলা ডাল খুলিবলৈ লৈয়ে হুণমিলিয়ে চাকিৰ পোহৰত লৰচৰ কৰি থকা পুতেকৰ উদং গাটো দেখিলে। তাইৰ বুকুখন ধৰফৰাই উঠিল। মূৰত তুলি অনা হোৰাটো তাই খামুচি ধৰিলে।

 জালুক আৰু খৰিছাৰে সিজোৱা কুকুৰাৰ মঙহ অকণ চালংকিৰ পাতত দি হুণমিলিয়ে ক'লে, “আজি সোনকালে শুই থাকিবি দেই লং! কাইলৈ আমি স্কুল যাব লাগিব নহয়!! ৰাতিপুৱাই উঠিব লাগিব।”

 চালংকিয়ে মূৰ তুলি তাইলৈ চালে। নতুনকৈ কিবা এটা পোৱাৰ আনন্দ অথবা উত্তেজনা একোৱেই তাৰ চকুত

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড