সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫

 ভাওনা চাই টোপনি খতি হোৱা মানুহবোৰ বিছনাৰ পৰা নুঠোতেই কাদমৰ উচপিচ লাগিল। নাতিটোৰ লালকাল মুখখন চাই তাক জগাই দিবলৈও মন নগ'ল। অথচ তাইৰ চেৰেং চেৰেঙকৈ ঘৰলৈ মনত পৰি থাকিল। হুনমিলিয়ে আটাইবোৰ জাঁজ মাৰিব পাৰিলেও অকলে অকলে ছাগলীকে চাবনে গাহৰিকে চাব। এসময়ত বিছনাত ছটফটাই থাকি আমনি লগাত তাই চোতালখনকে সাৰি থৈ আহিল। গাটোও ধুই ল'লে আৰু বাহিৰৰ জুহালত অনবৰতে অঙঠা থকা চৌকাটোত লাগনি খৰি কেইডাল ভৰাই দিলে। বনলতা উঠি আহিল। দুইজনীয়ে চোতালত কিচিমিচিৰ কৰি থকা চৰাইকিজনীলৈ এনেয়ে চাই থাকিল। কাদমৰ আগত কথা উলিয়াবলৈ বনলতাৰ আজিকালি ভয় লাগে। পাঁচটা বছৰে কাদমে কেৱল বনলতাৰ আগতে কান্দিছে। বাকী মানুহৰ চকুত কাদম এজনী দুখে বলাব নোৱাৰা মানুহ। অকলে অকলেই সকলো চম্ভালিছে তাই।

 : গাহৰি সোপা নথকা হ'লে আজি থাকেঁৱেই বুইছ! এইজাক বেচিহে তত পাম। হুনমিলিও হাজিৰালৈ যায় নহয়!

 কাদমৰ কথাত বনলতাই বুজিলে, কাদম আজি যাবগৈ। নাথাকে।

 সঁচাকৈয়ে দুপৰীয়াৰ ভাতসাঁজ খায়েই তাই নৰ'ল। বনলতাই চালংকিক কাষ চপাই লেফাফা এটা দিলে।

 : একো দিবলৈ নহ'ল পিতাই অ’! ইছকুলত নাম লগাই ল’বি। তেতিয়া কিবাকিবি কিনিবি। তই ডাঙৰ মানুহ হ'বি নহয়? হ'ব লাগিব।

 কাদমে জানিলে, বনলতাই অলপ ভালকৈয়ে দুটকামান দিছে। সখীয়েকৰ হাতত দিলে নোলোৱাৰ ভয়ত নাতিয়েককে পালে। নাৰিকলৰ লাড়ু, শাক পাত আৰু জাহাজী কলৰ টোপোলা লৈ কাদমে পদূলিত নামিয়েই দেখিলে, কাৱেৰ বুকুতে লৈ আছে তিনিটা মূগা ক’লা পোৱালি। তাইৰ কলিজাটো আকৌ এবাৰ ধৰফৰাই উঠিল।

 নাই বুলিয়েই ল'ৰাটো নোহোৱা হ'ল। লংকামৰ আধাপোৰা মৃতদেহটোৰ কাষত বহি চকুপানী টুকিব নোৱাৰা হুনমিলিৰ আৰ্তনাদত সকলো উধাতু খাই আহিল। সকলোৱে বিচাৰ খোচাৰ চলালে। নাই! চাৰলংকি নাই। কাদমে পথাৰৰ পৰা আহি পাইছিল। মানুহৰ চেপা মাতবোৰে তাইৰ অণ্ঠ কণ্ঠ শুকুৱাই আনিলে। তাই দৰক লাগি হুণমিলিলৈ চাই থাকিল আৰু অপদেৱতাই লম্ভা মানুহৰ দৰে বাৰীৰ পাছফালে দৌৰিব ধৰিলে। পাছচোতালৰ গমাৰি জোপাৰ আঁৰেৰে তাই দেখিলে সেইটো লংকিয়েই হয়! চাৰলংকি! তাইৰ বুকুৰ মাণিক। তাই আগুৱাই গ'ল। সিও ঘৰমুৱা হৈ আহি আছিল। কাদমলৈ চাই সি হাঁহিলে। কাদমে তাক সাৱটি ধৰিলে।

 : মোৰ কিয় প' (দেউতা) নাই গামবুৰী? হেম্ফু আৰ্ণামক (ভগৱান) সুধি আছিলো ইয়াতে বহি বহি। ধ্ৰুৱৰ নিচিনাকৈ মোকো প’য়ে বেয়া পাই নেকি?

 কাদমৰ গাটো তিৰতিৰকৈ কঁপি উঠিল। এই এটাই প্ৰশ্ন। যাৰ কোনো উত্তৰ নাই।

 হোৰাটোত ভৰাই অনা বনৰীয়া কলদিল, ঢেঁকীয়া আৰু খেৰত গজা কাঠফুলাৰ বোজাটো পাকঘৰৰ মজিয়াত থৈ কাদমে ঘোঁটঘোটকৈ পানী এঘটি খাই ল'লে। হুনমিলিয়ে তিলেৰে সিজোৱা গাহৰিৰ মঙহেৰে চাৰলংকিক ভাত খুৱাইছিল। সি খাবলৈ মন কৰা নাই।কিমাননো জুহালৰ ধোঁৱা চাঙত সাঁচি থোৱা শুকান গাহৰিৰ মঙহ খাই পেট ভৰাব!উঠি অহা পোৱালিকণ দেহি!কিমান ওৱাদানিকৈ খাবলৈ পাব লাগিছিল। নাই যে নাই, গাখীৰ অকণো তাক খুৱাবলৈ সামৰ্থ নাই। কাদমৰ কলিজাটো মোচৰ খাই উঠিল। ইফালে চেৰ্লি, টক,বিপিহঁতে হাবিৰ ঢেঁকীয়া ডৰাটো ইউৰিয়া ছটিয়াই থৈ আহে। সাৰ পাই টেকীয়াবোৰ খৰকৈ বাঢ়ে। তাকে সিহঁতে নি চহৰৰ বজাৰত বাবু মানুহক সতেজ শাক বুলি বেছে। সেইবোৰ চিঙি আনিলে এবেলাতে শুকাই যায়। আজিকালি সকলোতে ভেজাল হ’ল। আনকি মানুহৰ মনবোৰো। তাই এসাজৰ ঢেঁকীয়া বুটলিবলৈ আজি বহুত সময় লাগিল। তাই আদৰেৰে নাতিয়েকৰ মূৰত হাত বুলাই দিলে।“দে কাংকুৰা দে! তোক মই আজি দুপৰীয়া টেকীয়াৰ জোল ৰান্ধি খুৱাম। তাতে ঔটেঙা দিম। সৰু মাছ দুজনীও দিম। আমি বিললৈ যাম। মই কাপোৰ ধুই ধুই তোক ধ্ৰুৱৰ কাহিনীটো ক’ম। এতিয়া ভাতকেইটা খা। তই ডাঙৰ হব লাগিব। ইছকুল যাব লাগিব।”

 কাদমৰ কথা শেষ হয় মানে তাৰ ভাতো শেষ হ'ল। মাত্ৰ হুনমিলিয়ে কা্ঁহীৰ কাষৰ ভাতকেইটা চিকুটি চিকুটি উচপিচাই থাকিল। কাদমে তাইক সহজ কৰি দিলে। ক!

 হুনমিলিয়ে কওঁ নকওঁকৈ মুখ মেলিলে “পাই মই ভাবিছিলো ময়ো বজাৰত বহিম। সদায় নহয় মাত্ৰ এদিন। বজাৰ

বাৰৰ দিনা হে!”

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড