পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪

অভিন্ন আত্মা।

 শাহুৱেকে দৰক লাগি থকা দেখি হুনমিলিয়ে ক'লে, “আমৈদেউ কেনেকুৱা জানেই চোন পাই। আপুনি যাম বুলি কৈ পঠিয়াওক। মই ক্লাৰীকে মাতি ল'ম৷ ৰূকাচেনহঁতৰ ঘৰত আপুনি এবাৰ কৈ দিলে সিহঁতৰো কোনোবা নহয় কোনোবা আহি ওলাব।”

 এৰা দে” কাদমৰ মুখেৰে হুমুনিয়াহ এটি সৰি পৰিল। উভতি যোৱা হুনমিলিৰ ভৰুণ শৰীৰটো দেখি তাই ধৰফৰাই উঠিল। লংকামৰ আধাপোৰা শৰীৰটো গাঁৱৰ ডেকাহঁতে আনি চোতালত থোৱাৰ দিনা তাই মাকৰ ঘৰৰ চমাংকান খাই উভতি আহিছিল। তাইৰ গৰ্ভত তেতিয়া তিনিমহীয়া ভ্ৰণ। কাদমে চিঞৰি চিঞৰি গছৰ পাত সৰোৱাৰ সময়ত তাই নিশ্চুপ হৈ লংকামৰ মুখলৈ চাই আছিল। কিবা যেন অভিমানী অনুভৱে তাইক কান্দিবলৈ দিয়া নাছিল। লংকামে কৈছিল, মোৰ ল'ৰাৰ নামো লং হব লাগিব। হুনমিলিয়ে হাঁহিছিল, ছোৱালী হ'লে একা?

 : ডালচেনি! লংকামে হাঁহিত বাগৰি পৰিছিল। কাষৰীয়া ডিমাচা গাওঁখনত এদিন মানুহৰ ভৰপূৰ ভঁৰালবোৰ আৰু আটোমটোকাৰি ঘৰবোৰ দাউদাউকৈ জলি থকাৰ সময়তে হুনমিলিৰ কোলালৈ অকণমান মানুহৰ পোৱালিটো আহিছিল। লংকামে ভবা মতেই তাৰ ল'ৰাৰ নাম হৈছিল লং! চাৰলংকি।

 কাদমে মৰাপাটৰ বস্তা এটাত এগালমান নাৰিকল ভৰাই দি বন্ধাটোক ক'লে, আয়েৰক কবিগৈ মই ভাওনাৰ দিনাহে যাম।দিবলৈ আৰু একো নাই।শুকান গাহৰি মঙহ অলপ আছে। সেইবোৰ তাই নেখায়। নিদিও। দুৱাৰচুকত লুকাই আলেখলেখ চাই থকা চাৰলংকিক তাই যেন মনেই কৰা নাই,তেনেভাৱত কাদমে উদাসীন হৈ ক'লে” আৰু ক’বি,মই অকলে নেযাওঁ। নাতিপোৱালিটোও লৈ যাম।”

 বন্ধাটো গ'লগৈ। চালংকি ওলাই আহি কাদমৰ বুকুত মূৰ গুঁজি দিলে। কাদমৰ চকু জলক তবক লাগিল। সৌ সিদিনাৰ নাঙঠ পোৱালিকণ! আজি তাইৰ বুকুৰ সমান ওখ হৈ গ'ল। সাধু ক আইতা! চাৰলংকিৰ আব্দাৰ শুনি কাদমৰ ভেকাহি মাৰিবলৈ মন গ'ল। কিন্তু নাতিয়েকৰ চকু দুটা দেখি দমি গৈ ক'লে গৰৈ মাছটো পুৰি ভাত কিটা খাই লও ব’ল, আবেলি মাৰৰ লগত বজাৰলৈ গৈ নতুন চোলা পেন এযোৰ কিনি আনিবি। নহ'লে ভাওনাৰ দিনা পিন্ধিবলৈ তোৰ কাপোৰ আছে জানো?

 চাংখনৰ এমূৰে বহি লৈ ভৰি দুটা নচুৱাই সি কাদমৰ লগত যুঁজি থাকিল। ঐ গামবুৰী! ক’বিনে??

 : কাৰ্বি ৰজাৰ আছিল অদ্ভুত চখ। পোহ মনাবলৈ আনিছিল বনৰ বাঘপোৱালি। পালি পহৰীয়া পঠিয়াই বিচৰাই ফুৰিছিল কেঁচুৱা থকা মাক।

 : কিয়? কিয় লাগে কেঁচুৱাৰ মাক?

 : হেৰৌ, বাঘ পোৱালিক ৰজাই খুৱাইছিল মানুহৰ গাখীৰ। কোনোবা কেঁচুৱাৰ মুখৰ পৰা কাঢ়ি নিয়া গাখীৰেৰে পূৰ্ণ হৈছিল ৰজাৰ অদ্ভুত চখ।

 : এদিন ৰজাৰ টেকেলাই আহি ৰংফাৰপীৰ ঘৰ পালেহি। ৰজাৰ টেকেলাই চুব খুজিলে তাইৰ অমৃতময় বুকু। জীৱনৰ ঘানিত পিহ গৈ কাকো ভয় কৰিবলৈ নিশিকা ৰংফাৰপীয়ে কুঠাৰেৰেফালি পেলালে সিহঁতৰ পৰাধীন শৰীৰ। ৰজাৰ বাঘপোৱালিৰ বাবে নহয়, মোৰ সন্তানৰ বাবেহে মোৰ বুকুৰ অমৃত। যা কৈ দে গৈ তঁহতৰ বলিয়া ৰজাক। যা যা যা"

 : তইও ৰংফাৰপী দেখোন আইতা। তোৰো যে ভয় নাই?

০০ ০০ ০০


 টেম্পুৰ পৰা নামি চুচুক-চামাক কৈ বনলতা আইতাৰ পদূলিৰে ভিতৰলৈ সোমাই যাওঁতে ভৰ দুপৰীয়াই হৈ আছিল। আইতাৰ ঘৰত বহুত মানুহৰ মাজতে আছিল বাপু। তাৰ সমনীয়া বনলতা আইতাৰ নাতিটো। অলপ পৰ দুইটাই সেমেনা সেমেনি কৰি থকাৰ পাছত যেতিয়া আইতাই ক'লে, যা বাপু লংকিক পুখুৰী পাৰলৈ লৈ যা!

 দুইটাই হাতত ধৰা ধৰিকৈ পাছ চোতাল পালেগৈ আৰু বাপুৱে বনকৰা মানুহ এটাক অৰ্দাৰ দিলে “ঐ ৰে দুৰাচাৰ! হামাক সত্বৰে পুখুৰীত নিয়া যাৱ।”

 অকণমান অঁকৰা ধৰণৰ মানুহটোৱে দুইটাকে দুফালে পাচিত বহুৱাই গজং গজংকৈ খোজ দিলে।

 চালংকিয়ে বুজিলে বনলতা আইতাৰ ঘৰৰ আচল ৰজা আচলতে বাপু!!

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড