পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬

 কাদমে মনে মনে থকা দেখি তাই আকৌ ক’লে,পাই,মই ঘৰতে হৰলাং বনাই মানুহ এটাৰ হতুৱাই মনে মনে বজাৰত বেচাম আৰু নিজে এখন চানা মিক্সাৰৰ দোকান দিম। কাদমৰ তেজ উতলি আহিল। তাই মোনাৰ পৰা কটাৰিখন উলিয়াই তামোল এটা কাটিবলৈ আৰম্ভ কৰিছিল। খঙৰ ভমকত সেইখনকে তাই হুনমিলিৰ গা লৈ মাৰি পঠিয়ালে।

 চাংকুৰ বজাৰত লাহে লাহে গ্ৰাহকৰ ভিৰ বাঢ়িছিল। ঔটেঙাৰ পৰা কাঠফুলালৈ, ৰঙালাওৰ পৰা বনৰীয়া কলদিললৈ, সৰু চেনিপুঠিৰ পৰা ডেকেৰুৱা হাঁহলৈ সকলো লোভনীয় বস্তুৰ সম্ভাৰ লৈ পাহাৰীয়া কষ্ট সহিষ্ণু মাইকী মানুহখিনিয়ে বাঁহ বেতৰ হোৰাটো কঢ়িয়াই বজাৰ মেলেহি। সেই সময়ত চহৰৰ প্ৰায় সকলো মানুহেই অফিচ,স্কুলৰ পৰা আহি বজাৰত এপাক হ'লেও সোমায়। উভতি যোৱাৰ বাটত মানুহবোৰ কোনেও খালি হাতে নেযায়। জালি কোমোৰাৰ পৰা মানধনিয়ালৈকে সকলো মনে বিচৰা শাক পাতেই মানুহে চাংকুৰত পায়। চাৰ্থেৰ বৌৱেকৰ লগত হুণমিলি প্ৰথম বাৰৰ বাবে বজাৰত বহিলগৈ। তাইৰ বেতৰ হেৰাটোত আছিল শুকান গাহৰিৰ মঙহ,বেতগাঁজ,খৰিছা,কাঠফুলা আৰু তৰা গজালি। অচিনাকি আচহুৱা পৰিৱেশটোত তাই ঘামি উঠিল। চাৰ্থেৰ বৌৱেকে তাইক নিজৰ কাষতে বহুৱাই ল'লে। এইখন বজাৰত সকলো বিক্ৰেতাই মহিলা। কোনেও গ্ৰাহকক লৈ টুনা আঁজোৰা নকৰে। সেয়ে গ্ৰাহকেও ইয়াত আহি বজাৰ কৰিবলৈ ভাল পায়। বঙালী বেপাৰীৰ দৰে হৈ হাল্লা অথবা ভৰি দিব নোৱাৰা লেতেৰা পৰিৱেশ ইয়াত নাই। কাৰণ কোনো বিক্ৰেতাই ইয়াত পলিথিন ব্যৱহাৰ নকৰে। সজাত বন্দী ভীত চৰাই এজনীৰ দৰে হুণমিলিয়ে গ্ৰাহকলৈ বাট চাই ৰ'ল। তাই আহিবৰ পৰত পদূলিলৈকে আগবঢ়াই দিয়া শাহুৱেক কাদমৰ কৰুণ চকুহাল তাইৰ চেৰেং চেৰেঙকৈ মনত পৰি থাকিল।শাহুৱেকে তাইক বজাৰত বহাটো কেতিয়াও পছন্দ নকৰে। কিন্তু তাইৰ মনৰ ইচ্ছা পূৰণ হওক বুলিয়েই তেওঁ নিজেই বস্তুবোৰ বান্ধি কুন্ধি পঠিয়াই দিছে। মানুহবোৰে চাকিবোৰ জলাই লবৰ সময়তে হুনমিলি হত যাবলৈ ওলাল৷ চাৰ্থেৰ বৌৱেকৰ কুকুৰা কণী দুটামান ৰৈ গৈছিল। তাই ভালেই পাইছিল। ল'ৰা-ছোৱালীহঁতক তাই আজি কণী কেইটা খুৱাবগৈ পাৰিব। হুণমিলিৰ উপাৰ্জন ভাল। তাই নিয়া শুকান গাহৰি মঙহ আৰু বেতগাঁজখিনি বিক্ৰী হৈছিল। বাকী থকাখিনি হোৰাটোত ভৰাই তাই পিনিখনেৰে মুখ মোহাৰিলে আৰু চাৰ্থেৰ বৌৱেকক কলে,“নি, মোক তোমাৰ চিনাকি কিতাপৰ দোকানখনলৈ লৈ ব’লা। কাইলৈৰ পৰা আমাৰ চাৰলংকি স্কুললৈ যাব নহয়। এ তাৰ কাৰণে কুকুৰা মঙহ অকণো ল'বলৈ আছিল!!” তাইৰ অন্তৰৰ আকুলতাখিনি কথাষাৰত ফুটি উঠিল।

 দুইজনীয়ে বাট বুলিলে। হাফপেন্ট পিন্ধি স্কুললৈ ওলোৱা চালংকিৰ কাল্পনিক অৱয়ৱটোৱে হুণমিলিৰ খোজৰ গতি বঢ়াই দিলে। তাইৰ মনটো উদগ্ৰীৱ হৈ পৰিল। ল'ৰাটোৱে চাগৈ ঘনে ঘনে বাটলৈ চাইছে।

০০ ০০ ০০

 এপষেক বৰষুণৰ পাছত সেইদিনা আছিল এটা ৰ'দঘাই দিন। লংকামে দোকমোকালিতে আৰা পাইছিলগৈ। বহুদিনৰ অযত্নত আৰা খেতি কৰা ঠাই ডোখৰ হাবি হৈ পৰিছিল। সি নগা দখিনেৰে বনৰীয়া গছ লতা বোৰ চিকুণাই যাব ধৰিলে। কেঁহুজালি দিয়া আকাশখনত ফুলশয্যাৰ পাছদিনাৰ কইনা এজনীৰ কপালৰ ফোটটোৰ দৰে বেলিটো বিয়পি পৰিছিল। গোমধান খাবলৈ অহা ভাটৌ এজাক ডেউকা কোবাই উৰি গ'ল। লংকামৰ মনটো এনেই ভাল লাগিল। এইবাৰ খেতি ভাল হৈছে। খুলশালীটোৰে লগ লাগি সি এইবাৰ আদা, কচু, জলকীয়া, কোমোৰা, ৰঙালাও আৰু গোমধান লগাইছে। হেষ্ণু আৰ্ণামে কৰিলে এইবাৰ খেতিৰ টকাৰে সি পুৰণি হ'লেও চাইকেল এখন ল'ব পাৰিব। সেইখন ল’লে যে কিমান সুবিধা হ’ব! আনকি কেতিয়াবা সি হুনমিলিক টাউনৰ হলত চিনেমাও দেখুৱাই আনিব পাৰিব। ৰিত্নংচিংদিত গোৱা গীত এটি ভুল ভুলকৈ গাই সি পকা জলকিয়াবোৰ চিঙি থাকিল।

 : হেৰৌ মানুহটো, ইমান আওকণীয়া নে?

 হুণমিলি আহি কেতিয়া তাৰ পাছফালে থিয় দিছিল সি গমেই পোৱানাছিল। সি উভতি চালে। পুৱাৰ কোমল ৰ'দজাকত সি তাৰ ধুনীয়া মানুহজনী আৰু ধুনীয়া দেখিছিল। ক'লা পিনিখনৰ আঁৰ ভেদি পূৰঠ বাঁহ গাজৰ দৰে ওলাই থকা তাইৰ কলাফুল দুটাত বৰষুণত তিতি অহা বনপাত দুখিলামান লাগি আহিছিল। সি আলফুলে আঁতৰাই দিলে। তাইৰ লাজ লাগি গ'ল। কি কৰিছা? তাই ব্যতিব্যস্ত হৈ উঠিছিল। সি হাঁহি হাঁহি ক'লে, এই পাহাৰটো, এই আকাশখন আৰু এই চৰাইবোৰৰ বাদে এতিয়া আমাক কোনেও নেদেখে।

 হালধি পাতেৰে নুৰিয়াই ধানখেৰত সেঁকা মাছৰ পিটিকা আৰু হাতী ভেঁকুৰিৰ খাৰেৰে লংকামে ভাত খাই থাকোতে

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড