পুনৰ নিজৰ জীৱনত ঘূৰাই পাইছোঁ। আৰু একোৱেই নালাগে মোক। একোৱেই নালাগে।
অত্যন্ত আৱেগপ্ৰৱন হৈ উঠিছে অনুৰাগ।
অমৃতাৰ সিক্ত চকুযুৰী মুচি দিছে সি। মুখখন তুলি ধৰি তাইৰ কম্পিত ওঁঠ যুৰীত অত্যন্ত আৱেগেৰে চুমা যাচিছে সি। এক অনামী আৱেশত চকুযুৰী জাপ খাই গৈছে অমৃতাৰ।
সঁচাই!!
এই মিলন অপ্ৰত্যাশিত, কিন্তু দুয়োৰে হৃদয়ত সেয়াই আছিল পৰম আকাংক্ষিত। মোহাচ্ছন্ন হৈ চাই ৰৈছে তাই অনুৰাগৰ গভীৰ চকুহাললৈ। সেই চকুহালত জিলিকি উঠিছে সত্য, ভালপোৱা, আৰু প্ৰশ্ৰয়।
চাৰিচকুৰ অন্তৰংগতা ... তাৰপিছতেই পুনৰ গভীৰ আলিংগনত আৱদ্ধ হৈছে দুয়ো।
দুয়োৰে দুচকুত উন্মুক্ত হৈ ধৰা দিছে প্ৰেম .. অনুৰাগৰ বুকুৰ গভীৰতাত কুৰুকি কুৰুকি সোমাই পৰিছে অমৃতা।
ইমান নিৰাপত্তা যে অকল এই বুকুখনেহে দিব পাৰে তাইক..!!
ইমান মৰম আৰু প্ৰশ্ৰয় কেৱল এই চকুহালতহে বিচাৰি পায় তাই।
দুয়োৰে বুকুত প্ৰেমৰ মাদল বাজিছে। দুয়ো অনুভৱ কৰিছে সেই একেই সুৰ, সেই একেই ৰাগ।
বুকুৰ ধপ ধপনিবোৰ দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ এটি উদ্দাত্ত ৰাগিনীত পৰিণত হৈছে....
সেই সুৰ, সেই ৰাগ মাথো প্ৰেমৰ। প্ৰেমৰ সুৰৰ শ্ৰতিমাধুৰ্য্যতাত উন্মনা হৈ পৰিছে অনুৰাগ আৰু অমৃতা।
এটা সময়ত গভীৰ নিদ্ৰাৰ কোলাত ঢলি পৰিছে দুয়ো। ক্লান্ত শৰীৰ। তৃপ্ত মন।
পৰিপুষ্ট মন, উদ্দীপ্ত আত্মা।
চাঙৰ টঙিখনৰ ভিতৰত তেতিয়া ছা পোহৰৰ যুগলবন্দী... জংঘলৰ পৰা ভাহি আহিছে কেঁচা সেউজীয়া ঘ্ৰাণ, আৰু দূৰৈত অচিন পক্ষীৰ কূজন॥
অভিভূত হৈ চাই ৰল দুয়ো।
পাহাৰৰ বুকুত সেউজীয়াৰ আভৰণ।
প্ৰকৃতিয়ে যেন প্ৰাণঢালি সৌন্দৰ্য্য সানিছে পাহাৰৰ বুকুত। ওখ ওখ সেউজ গছ গছনিৰ শিখৰ চুম্বী বতাহত ইফালৰ পৰা সিফাললৈ ওপঙি ফুৰিছে চঞ্চলা কলীয়া মেঘ। খলা বমা সাপৰ দৰে একা বেঁকা সৰু ঠেক পথ। তলত পাহাৰৰ বুকুৰ ভাঁজৰ পৰা নিগৰি ভৈয়ামত বৈ যোৱা নীলা নদীখন ... শাওনৰ পৰশত ভৰ যৌৱনা চঞ্চলা নদীখনৰ উত্ৰাৱল, উচ্ছল তৰংগ।
দুয়োৰে নাকত লাগিছেহি এটি চিৰচিনাকি সুবাস ... চিৰইপ্সিত সুবাস, কেঁচা সেউজীয়াৰ। দীঘলকৈ উশাহ টানি বুকুৰ আভ্যন্তৰীণলৈকে দুয়ো অনুভৱ কৰিলে সেই সেউজীয়া কেঁচা ঘ্ৰাণ।
পাহাৰীয়া কঠিন শিলাখণ্ড ভেদী কুলুকুলু সুৰেৰে বৈ আহিছে কেইবাটাও প্ৰাণোচ্ছল জুৰি।
দুয়ো মুখ হাত ধুই ললে জুৰীৰ পানীত।
আকাশখন ইতিমধ্যে উন্দুলি উঠিছে। ঘনঘোৰ মেঘে ঢকা আকাশত বিজুলীৰ চমকনি বাঢ়ি আহিছে। মেঘে ঘনে ঘনে গাজিব ধৰিছে।
হঠাৎ জৰজৰকৈ খহি আহিছে বৰষা। প্ৰাণদায়িনী বৰষা। মুকুতামনি বোৰ সৰসৰাই বাগৰি আহিছে অমৃতা আৰু অনুৰাগৰ সৰ্বস্ব তিয়াই।
দুহাত মেলি , দুচকু মুদি, মুখখন ওপৰ কৰি ৰৈছে তাই। উপভোগ কৰিছে তাই সেই প্ৰতিটো শীতল বৃষ্টিকণা।
“আস”
ভাল পাওঁ মই এই সেউজীয়া, এই নদী, এই পাহাৰ ... ভাল পাওঁ মই এই সময়, যি সময়ে মোক পুনৰ অনুৰাগৰ ওচৰলৈ লৈ আনিছে। জীৱনৰ সকলো সৌন্দৰ্য্য মই ইয়াতেই বিচাৰি পাইছো।
কয় যদি কওক সমাজে, তাইক নৈতিক বিচ্যুতি ঘটা এগৰাকী চৰিত্ৰহীন নাৰী বুলি!
তাই জানে তাই একো ভুল কৰা নাই।
“মোৰ সমস্ত হৃদয় জুৰি মাথো এটিয়েই নাম। সেই নাম অনুৰাগ ভাল পাওঁ মই তোক অনুৰাগ... বহুত ভাল পাওঁ।”