: ইমান পাপবোধ কিয় মনত?? মই তোক ভালপাওঁ। এয়া জানো সত্য নহয়??
অনুৰাগে ওলোটাই সুধিছে তাইক। জানে অমৃতাই, .. এই ভালপোৱা সত্য। একো সন্দেহ নাই তাইৰ। সন্দেহ নাই অমৃতাৰ অনুৰাগৰ প্ৰেমৰ ওপৰত, নতুবা নিজৰ মনৰ অনুভূতিবোৰৰ ওপৰত। কিন্তু সমাজ??
: সমাজে জানো আমাৰ সম্পৰ্কক মানি ল’ব ইমান সহজে... মোৰ ডিভৰ্চওতো হোৱা নাই অনু।
শেষৰ বাক্যশাৰী কওঁ নকওকৈ কলে তাই।
: এইবোৰ ভাবি লাভ নাই সোণ। সময়ত সকলো ঠিক হব। এই হাবিখনৰ মাজত, এতিয়া আমি কোনো নীতি আৰু শৃংখলাৰ দাস নহওঁ। সকলো চিন্তাৰ পৰা নিজক মুক্ত কৰ। এই যে আমি দুয়ো দুয়োৰে মাজত লীন হৈছো, ইয়াত শৰীৰৰ তাড়না কম, মনৰ তাড়না হে অত্যধিক। এই তাড়না ভালপোৱাৰ। এতিয়া এই সময় আমাৰ ... এই ক্ষণ মাথো আমাৰ।
আৰু অলপ জোৰেৰে সাৱটি ধৰিছে সি তাইক... সামৰি লৈছে তাইক নিজৰ বুকুৰ উমত।
অনুৰাগেও জানে, সমাজে তাঁহাতৰ প্ৰেমৰ উচিত বিশ্লেষণ নকৰিবও পাৰে। নৈতিকতা, অনৈতিকতা, নিয়ম , অনিয়মৰ সঁজুলিৰে অমৃতা আৰু অনুৰাগৰ চৰিত্ৰৰ অস্ত্ৰোপচাৰ কৰি তাঁহাতক থকা সৰকা কৰাৰ সম্ভাৱনাই অধিক।
কিন্তু প্ৰেমে জানো সেইবোৰ বাধা মানে?
সকলো বাধা অতিক্ৰমিও জিলিকি ৰয় যি...সেয়াইতো প্ৰেম!!
: মই যে তোক একো দিব নোৱাৰো অনু।
: ........
: একোৱেই নাই মোৰ। মই ৰিক্ত, এটি শূন্য।
সচাই কি আছে তাইৰ অনুৰাগক দিবলৈ?
কি দিব তাই অনুৰাগক?
স্বপ্নবিহীন এটি উকা জীৱন... শূন্য অনুৰ্বৰ শৰীৰ...আৰু কি আছে তাইৰ?
এৰা অনুৰ্বৰেইতো!! সপোনৰ পুলি নগজে তাইৰ শৰীৰত। কোনো আলসুৱা কোমল প্ৰাণে পোখা নেমেলে তাইৰ গৰ্ভত। কাৰণ, বহুবাৰ গৰ্ভতেই শ্মশান প্ৰাপ্তি হৈছে তাইৰ অবিকশিত ভ্ৰুণবোৰৰ .... নতুবা গলি গলি বৈ গৈছে অস্ত্ৰোপচাৰ কক্ষৰ ড্ৰেইনত।
এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ।
এতিয়া তাইৰ জৰায়ু অনুৰ্বৰ মৰুভূমিৰ দৰেই।
প্ৰাণৰ সঞ্চাৰ নঘটে তাত। বসন্ত নাহে।
অবাক হৈ ৰৈছে অনুৰাগ।
: কিয়?
: কাৰণটো তেনেই সাধাৰণ। ভাস্কৰে নিবিচাৰে। আৰু সেয়াই শেষ সিদ্ধান্ত।
অমৃতাৰ কণ্ঠত এক অদ্ভুত জড়তা। দুচকুত আত্মগ্লানি।
“উফ” ইমান নিষ্ঠুৰ হব পাৰেনে মানুহ?
এক অদ্ভুত যন্ত্ৰনাত দগ্ধ হৈছে সি। প্ৰত্যক্ষ বা পৰোক্ষভাৱে সিয়েই দায়ী...সিয়েই দোষী জীৱনটো যদি কম্পিউটাৰৰ দৰে হোৱাহেঁতেন!!
এতিয়াই আনদু কৰিলেহেঁতেন ভুলবোৰ ... ডিলিত কৰিলেহেঁতেন যন্ত্ৰণাবোৰ, ৰি টাইপ কৰিলেহেঁতেন জীৱনৰ সুখ ভৰা পৃষ্ঠাবোৰ॥
তাইৰ তপত চকুলোৱে তিয়াই গৈছে অনুৰাগৰ বুকু। মৃদু উচুপনিবোৰ অনুৰাগৰ চকুলোৰে সিক্ত বুকুখনত ঠেকা খাইছে। বুজিব পাৰিছে অনুৰাগে তাইৰ মনৰ বেদনা। তাইৰ দীঘল চুলিটাৰীত, উকা পিঠিত হাত বুলাই সান্তনা দিছে সি।
: পাহৰি যা সোণ। পাহৰিব লাগিব তই এইবোৰ। ওলাই আহ সেই কষ্টকৰ স্মৃতিবোৰৰ পৰা। এতিয়া তই মাথো মোৰ। মোক আৰু একো নালাগে। তোক জীৱনত ঘূৰাই পাম সেয়া কেতিয়াও ভবা নাছিলোঁ। কিন্তু এতিয়া তোক, তোৰ ভালপোৱা