পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২

 অস্পষ্ট কৈ বিৰবিৰাই উঠিল তাই।

 “আৰু মোৰ সমস্ত হৃদয় জুৰি মাথো এটিয়েই নাম। এটিয়েই ছবি। সেই নাম.. সেই ছবি ..অমৃতাৰ”

 গুৰুগম্ভীৰ কণ্ঠ অনুৰাগৰ।

 কাণ দুখন গৰম হৈ উঠিছে তাইৰ।

 চেহ , তাইও যে আৰু!!

 মনতে ভাবি থকা কথাবোৰ কৈয়েই পেলাব লাগে নে তাই!! তাইৰ সন্মুখত থিয় হৈ ৰৈছেহি সি। মুখত মিচিকিয়া হাঁহি। বৃষ্টিকণাই তিয়াই গৈছে অনুৰাগৰ কেঁকোৰা অবিন্যস্ত চুলি, মুখমণ্ডল, শৰীৰ।

 দুচকুৰ আগত ভাহি উঠিছে পথাৰৰ মাজত এহাল লৰা ছোৱালী... অমৃতাৰ হাতত এটি ভঙা ছাতি। বতাহে কোবাই লৈ যোৱা ছাতিখন লৈ কান্দো কান্দোকৈ চাই ৰৈছে তাই। এখন দীঘল কলপাত লৈ কাষত থিয় দিছেহি অনুৰাগ। কলপাতৰ ছাতি লৈ খিলখিলাই হাঁহি উঠিছে দুয়ো... ফ্ৰক কোঁচাই, উদং ভৰিৰে জপং জপং শব্দ কৰি পানীত জঁপিয়াইছে দুয়ো।

 ক’ব নোৱাৰাকৈ অনুৰাগ আৰু অমৃতা দুয়োৰে ওঁঠত বিয়পি পৰিছে এটি মিচিকিয়া হাঁহি...।

 ফৰফৰাই বলা বতাহজাকত হেলনীয়া বৰষুণে ধুৱাই গৈছে দুয়োকে। টোপাল টোপাল মাধুৰীকণাৰ সংস্পৰ্শত গলি যাব ধৰিছে অন্তৰৰ দুখ, মলিনতা, ... সূৰ্যকণাৰ দৰে জ্বলমলাই উঠিছে মাথো প্ৰেম।

(২৩)

 প্ৰস্তুৰ মূৰ্তিৰ দৰে দুৱাৰমুখতে ৰৈ গল শ্যামলী আৰু অদিতি। সশব্দে উচুপি উঠিছে অনুৰাগৰ মাক।

 : ক’ত গ’ল, কলৈ গ’ল একো খবৰ পোৱা নাই। আজি তিনিদিন হল অনুৰাগ দাদা আৰু অমৃতা বাইদেউ গুচি যোৱা।

 সীমান্তই বিমৰ্ষ মনেৰে কলে। হীৰাই হুইল চেয়াৰৰ সন্মুখত আঁঠু কাঢ়ি বহি লৈ উচুপি উচুপি ভাগৰি যোৱা মানুহজনীক বুকুৱে পিঠিয়ে মালিচ কৰি সান্তনা দিছে।

 : পুলিচত খবৰ দিয়া নাই নেকি?

 : পুলিচ প্ৰশাসন বুলি একো নাই অ এইখন গাঁৱত। সকলো মিলিজুলি চলি থাকে সন্ত্ৰাসবাদীৰ লগত। কোনো আমাক সহায় কৰিব নোৱাৰে। কোনো নোৱাৰে ইয়াত। আপোনালোক মুম্বাইৰ পৰা আহিছে। আপোনালোক ডাঙৰ মানুহ। আপোনালোকেই কিজানি কিবা এটা কৰিব পাৰিব।

 অনুৰাগক ইমান দূৰৰ পৰা বিচাৰি আহিছে যেতিয়া নিশ্চয় সহায় কৰিব সেই আশাতেই কলে সীমান্তই। শ্যামলীয়ে উদ্বিগ্নতাৰে মোবাইলটোলৈ চালে। নেটৱৰ্কৰ মাত্ৰ এডাল চিহ্ন জিলিকি আছে। মোবাইলটোৰপৰা যে একো সহায় নহব বুজি তাই মোবাইলটো বেগত ভৰাই থ’লে।

 : বাইক গাড়ী কিবা আছে যদি দিয়াচোন। ইয়াত নেটৱৰ্ক একেবাৰে নাই। টাউনৰ ফালে ওলাই গলেহে কিজানি নেটৱৰ্ক পাম।

 : মোৰ বাইকখনহে আছে ...

 : তাকেই দিয়া।

 সীমান্তই প্ৰায় দৌৰ মাৰিয়ে গল ভিতৰলৈ চাবিপাত আনিবলৈ।

 হীৰাই জোৰ কৰাৰ পিছতো একো নোখোৱা নোবোৱাকৈ অদিতি আৰু শ্যামলী দুয়ো সীমান্তৰ বাইকখনকে লৈ ওলাই আহিল টাউন অভিমুখে।

 : কি কৰিলে ভাল হ’ব শ্যামলী?

 শুষ্ক কণ্ঠৰে সুধিলে অদিতিয়ে।

 : এনেই হাত সাৱটি বহি থাকিব নোৱাৰি বা। কিবা কৰিব লাগিব। তলৰ লেভেলত নহব। পাপাক ফোন কৰি জনাব লাগিব কথাষাৰ। পুলিচত খবৰ দিব লাগিব।

 : কিন্তু ইয়াত পুলিছেও সহায় নকৰে বুলি ক’লে দেখোন।

 : নকৰিবও পাৰে। কিন্তু পুলিচক কৰাব লাগিব।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড