: ক’ত?
চাওঁ নাচাওঁকৈ চাইছে তাই অনুৰাগৰ মুখলৈ...
তাৰ দুচকুত সেই একেই গম্ভীৰ, তৃষ্ণাতুৰ চাৱনি ... দুচকুত মৃদু কৌতুক ভৰা হাঁহি।
সঁচাইটো!!
তাই যি বিচাৰে জীৱনত সেই সকলোবোৰ দেখোন এই চকুহালতেই সমাহিত হৈ আছে!!
সুখ, প্ৰাপ্তি, হাঁহি, সপোন ... সকলো।
অনুৰাগ কাষলৈ আহিছে। কিছুপৰ একেথৰে সি চাই ৰৈছে তাইৰ মুখখনলৈ। হঠাৎ তাৰ হাতখনে অবাধ্য হৈ তাইৰ কপাল চুইছেহি ... তাৰ হাতৰ বুঢ়া আঙুলিটোৰে সি মুচিব ধৰিছে তাইৰ শিৰৰ সেউতাৰ অস্পষ্ট ৰঙা ৰেখাডাল।
আক্ষেপ কৰা নাই তাই। এই ৰঙা ৰেখাডাল লগাবলৈ অকণো ইচ্ছা নাই তাইৰো, কিন্তু নিজেই মুচিবলৈ যেন তাইৰ অন্তৰত সাহসৰ অভাৱ।
: তোৰ জীৱনৰ যন্ত্ৰণাবোৰ আগতে জনা হলে, বহু আগতেই মুচিলোহেঁতেন।
অমৃতাৰ দুচকুত অজানিতে বিৰিঙি উঠিছে দুটুপাল চকুলো।
: তই নিজেই পঠিয়ালি আৰু পিছত জানিবও চেষ্টা নকৰিলি।
অমৃতাৰ কণ্ঠত অভিমান। স্পষ্ট অভিযোগৰ সুৰ।
: মোক মাফ কৰি দে সোণ। সেই ভুলটো কৰি লৈ মই নিজেওতো শান্তিত থাকিব নোৱাৰিলোঁ।
: .....
: এই নিশা যে এনেকৈ এই হাবিৰ মাজত পৰি আছোঁ... এয়াও সেই ভুলৰেই পৰিনাম। মোক মাফ কৰি দে সোণ।
কম্পিত হাতেৰে তাই অনুৰাগৰ হাতত ধৰিছে। শিৰৰ বোজা কমি অহা যেন অনুভৱ হৈছে।
গোলামীৰ ৰংবিহীন উকা শিৰৰ অমৃতাৰ মুখলৈ অনুৰাগে হেঁপাহ পলুৱাই চাই ৰৈছে।
পৃথিৱীৰ সমস্ত সৌন্দৰ্য সমন্বিত হৈ যেন থুপ খাইছেহি তাইৰ মুখখনিত.... চকুযুৰীত।
টঙিৰ ভিতৰৰ জোনাকৰ অস্পষ্ট পোহৰেও যেন লগ দিছে তাইৰ সৌন্দৰ্য্য বঢ়াই তুলিবলৈ।
অনুৰাগে মন্ত্ৰমুগ্ধৰ দৰে সাৱটি ধৰিছে তাইক।
উষ্ম নিশ্বাস বোৰে চুই গৈছে ইটোৱে সিটোক। লাহে লাহে মন্ত্ৰমুগ্ধৰ দৰে নামি আহিছে অনুৰাগৰ ওঁঠযোৰ... স্পৰ্শ কৰি গৈছে তাইৰ কপাল, দুগাল, ওঁঠ। দুচকু জপাই দিছে অমৃতাই।
অনুভৱ কৰিছে সেই স্পৰ্শ প্ৰাণভৰি।
মনৰ ইস্পিত দুৰ্বাৰ আকাংক্ষা, আৱেগবোৰৰ আগত হাৰ মানিব ধৰিছে দুয়ো। প্ৰাপ্তিৰ প্ৰত্যাশাত ৰক্তিম হৈ উঠিছে ...
গোলাপী আভাই তেজাল কৰি তুলিছে দুয়োৰে ওঁঠ, মুখ।
অনুভৱ কৰিছে উপেক্ষা কৰিব নোৱাৰা এটি সুতীব্ৰ আকৰ্ষণ। আঁটি আঁটি বান্ধি লৈছে ইটোৱে সিটোক।
নুই কৰি পেলাব নোৱাৰা সেই সুতীব্ৰ আকৰ্ষণৰ বন্যাত সমাজৰ ৰীতি নীতি বন্ধন শৃংখলা, পাপ, নৈতিকতা, অনৈতিকতা সকলো অপপ্ৰলাপ হৈ পৰিছেহি দুই প্ৰেমিক হৃদয়ৰ বাবে। লাহে লাহে প্ৰেমে বিস্তাৰ লাভ কৰিছে মনৰ পৰা শৰীৰলৈ। দুটি মন, দুটি আত্মা, দুটি শৰীৰ অভিন্ন হৈ পৰিছে প্ৰেমৰ আলিংগনত। আকাশে, বতাহে, গছে বনে, নদীৰ কল্লোলিত সুৰত ঝংকাৰ হৈছে মাথো এটি শব্দ ...প্ৰেম.... মাথো প্ৰেম আৰু প্ৰেম।
পুৱতি নিশালৈ ঠাণ্ডা নামি আহিব ধৰিছে।
ফৰকাল আকাশখন সেমেকিব ধৰিছেহি। আকাশত পাতল কলীয়া মেঘৰ উৰ্মিলহৰে এপাকত ঢাকি ধৰিছেহি যৌৱনা জোনটোক।
নিমজ্জিত হৈ ৰৈছে দুটি শৰীৰ।
অনুৰাগৰ বুকুৰ ধপধপনিৰ মাজত লীন হৈ ৰৈছে অমৃতা। কজলা চকুযুৰীত জিলিকি উঠিছে কিছু ভয়, কিছু শংকা।
: আমি ভুল কৰিলোঁ নেকি অনু??
অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড