সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। বাপেকে বনক লাগি, ভাৰ্য্যাসমে ডাকিলেক, বোলা তুমি পিতৃত ভকত। 1999 কৌটী এক হেনৰাণে, মোক কি কৰিতে পাৰে, কহ শুনে। তাহান মহত্ত্ব। নুপুছিলে মন্ত্ৰীতোৰ কহিবাক নুহি যোগ, ইটো কাৰ্য্য দেবে নবাধিব। আনিবো সীতাক হৰি, কিমতে সাগৰ তৰি, ৰামে আসি মোহোক মাৰিব। কুবেৰৰ জিনিলঙ্কা, কৰি লৈলে৷ কাক শঙ্কা, ত্ৰিদশে খাটয় মোত কাপে। পাতালৰ যত নাগ, পৃথিবীৰ ৰাজা গণে, কাম্পে মোৰ প্ৰচণ্ড প্ৰতাপে॥ হেন মই ৰাৱণক, ৰামে ৰণে মাৰিবেক, কহ তই মমা অগিয়ান। ৰাৱণ বাৰৰ বাণি, মাৰিচে মনত গুণি, কতো বেলি দিলা সমিধানে। শুনিয়োক নৰলোক, আন কথা ছাড়িয়োক, ৰাম কথা পৃথিবীতে সাৰ। শুনিয়ে৷ দুষ্টৰ কক্ষা, নলৱে শিষ্টৰ শিক্ষা, আপুনি আপোনাৰ চিন্তেমান॥ ৯৭