সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। দুৰ্জ্জনক বুজাইবাক, ব্ৰহ্মায়ো নপাৰে জানা, ষাৱে দণ্ড নকৰন্ত হৰি। হেনজানি দুৰ্জ্জনক, কিছু মন্দ নুবুলিবা, ভজিয়ো কৃষ্ণক যত্ন কৰি॥ ধনজন গৃহবাস, আত কিছু নাহি আশ, একেতিলে হৰে দেখা কালে। মহাযত্ন কবিসদা, শুনিয়ো কৃষ্ণৰ কথা, যাবত অৰোগে আছা ভালে | ঈশ্বৰ সেবাৰ অৰ্থে, যি কিছু লাগয় ধন, সেহিধন জানিবা অব্যয়। দণ্ডেক মুহুৰ্ত্ত বেলা, হৰিৰ সেবাক যাই, সেহি আয়ু জানিবা অক্ষয়। ভাৰ্য্যা পুত্ৰ মিত্ৰ সেহি, হৰি সেৱাকৰে যেই, আনযত বৃথ৷ আন কাম। শুনা সবে নৰনাৰী, চলিবা বিষ্ণুৰ পুৰি, নিৰন্তৰে বোলা ৰাম ৰাম | 101