সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৬ অৰুণ্য কাণ্ড! নাম মাত্ৰ স্মৰি যাৰ, সংসাৰৰ পাইপাৰ, যিটো সৰ্ব্ব দোষে বিবৰ্জ্জিত। ৰামেসে পৰম শান্ত, পুৰুষ মহন্ত কান্ত, ত্ৰৈলোক্যৰ ৰাজাক উচিত। তাহানেসে বিবাহিতা, জনক নন্দিনী সীতা, পতিব্ৰতা নাহি যাত পৰে। মৃত্যুৰ চাপিলে পাশ, যাচি মৰিবাক যাস, শুনি নিন্দিবেক সুৰাসুৰে॥ মাচিৰ বচনক, দুন্মুখ ৰাৱণে শুনি, ক্ৰোধমনে বোলে মমা শুন। হুয়৷ মোৰ মহাপাত্ৰ, বোলস এতেক মাত্ৰ, মনুষ্যৰ বখানস গুণ॥ স্ত্ৰীজিৎ দশৰথ, তাহনে তনয় ৰাম, নজানে ধৰ্ম্মৰ কিছু তত্ত্ব। তিৰীৰ বচন ধৰি, ৰাজ্য ভোগ পৰিহৰি, ভিক্ষুৰূপে ফুৰন্ত বনত ৰামৰ বিক্ৰম মমা, কিমতে জানিলি তই, মোহোৰ বচন নমানস। তিনিও জগতে জানে, ৰামক মুনিস বখানস॥ দুৰ্জয় ৰাৰণ মই,