সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। হৰি হৰি লঙ্কানাথ, হেন বুদ্ধি ভৈলা তোত, এবেসে মিলিল মহা শঙ্কা। ৰাক্ষস কুলক প্ৰভু, থাকিতে নেদিবি জানো, হৰাইবি সুবৰ্ণ পুৰি লঙ্কা। ৷ শেষ কালত আসি, বিনাশন বুদ্ধি ভৈলা, শিৰে তোৰ যম কাল নাচে। ৰাম অগনিৰ শিক্ষা, সীতাক হৰিবে চাস, মৰিবাক কতদিন আছে। ৰামযেন মহাবীৰ, নৌ শুনাহা দশশিৰ, তেহে হস্তী তই যেন মাখি। মোৰ বাক্য শিৰে ধৰি, সীতাৰ মোহক ছাড়ি, বোলো শুন হিত বোল, লঙ্কাক চলিও প্ৰাণ ৰাখি। দেব ধৰ্ম্ম সবে হৈবা সাক্ষী। নুশুন ভাগিন যেবে, যিটো পাত্ৰ গণে তোক, হেনয় কুবুদ্ধি দিল, তেসম্বো খাইল দুই আঁখি॥ ৰাম ধৰ্ম্ম মনোনিত, সমস্ত লোকৰ হিত, ভৈল! হৰি নৰ অবতাৰ। পিতৃৰ বচন পালি, বনক পবিত্ৰ কৰি, ফুৰে শিৰে ধৰি জটা ভাৰ (9) ৯৫