সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
অৰণ্য কাণ্ড।

মন্দোদৰী আদি কৰি, যত আছে পটেশ্বৰী,
 সীতাৰ সৃদশ কেহোনুই।
প্ৰাণ মমা চলা যাওঁ, যেন সীতা সঙ্গপাওঁ,
 তেবেসে নিমাই কাম জুই॥
ৰাৱণৰ হেন বাণি, ডৰিলা মাৰিচে শুনি,
 কৰযোড়ে বলে ধীৰে ধীৰে।
ৰাম নাম সুমৰিয়া আকুল কৰয় হিয়া,
 কাম্পে মোৰ সকল শৰীৰে।৷
শুনা ৰাজা লঙ্কেশ্বৰ, ৰাম মহা ধনুধৰ,
 তানভাৰ্য্যা হৰিবাক চাস।
ছলে তোক কোন বিধি, কোনে দিলে হেন বুদ্ধি,
 কৰিবাক চাহ কুল নাশ॥
নৃপতিত চাটু প্ৰিয়, বচন বোলয় যত,
 পাৱে তাৰ সীমা সংখ্যা নাই।
অপ্ৰিয় মোহিত পথ, বলিবেক যিটোজনে,
 কৌটী এক গুটি মাজে পাই।৷
ৰামৰ বিক্ৰম যত, জানো মই ভাল মত,
 তাহান ভাৰ্য্যাৰ আসাতেজা।
হেন কাৰ্য্যা কৰিবাক,  নোবোলা ভাগিণ মোক,
 লঙ্কাত কৰিয়ো সুখে ৰাজ॥