সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। ৯৩ সীতাক হৰিবে৷ যেবে, ৰামে শোকে মৰিবেক, তেজবল নিতে হৈবে হীন। ধৰিধনু শৰপাছে, ৰাম লক্ষ্মণক মাৰি, হুজু খৰ দূষণৰ ঋণ॥ মোহোৰ হৰিষ ভঙ্গ, নকৰা মাৰ্চি মামা, হৰিবাক কৰহ উপাই। সুবৰ্ণৰ মৃগহুয়া, সীতাৰ আগত গৈয়া কোমল বনত চৰ গৈই। স্বভাবে চঞ্চল সীতা, সুবৰ্ণৰ মৃগদেখি, স্বামীত খুজিবা যত্ন কৰি। সীতাৰ কাতৰ শুনি, দুয়োভাই চলিবেক, মৃগ বধিবাক ধনু ধৰি॥ গাণ্ডিগোট দেখা দিয়া, একে ডেৱে অন্তৰিবা, গহন বনত লুকাই থাক। শূণ্য আশ্ৰমক যাই, সীতাক ধৰিয়া মই, ৰথে তুলি চলিবোঁ লঙ্কাক॥ মোক দয়া আছে যেবে, এহি কথা কৰাতেবে, তোমাক কৰিবো বহুমান। মহানুখ্য পটেশ্বৰী, সীতাক পাতিলোঁ যেৱে, তেবেসে ৰহয় মোৰ প্ৰাণ॥